বিত্ত মন্ত্ৰালয়

ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে বেংকিং নিয়ন্ত্ৰণ (সংশোধনী) অধ্যাদেশ, ২০২০

এই সংশোধনীয়ে সমবায় বেংকসমূহৰ উৎকৃষ্ট ব্যৱস্থাপনা আৰু সুস্থ নিয়ন্ত্ৰণ সুনিশ্চিত কৰিব

ৰাজহুৱা/আমানতকাৰী/বেংকিং/যথোপযুক্ত বেংকিং কোম্পানী ব্যৱস্থাপনাৰ হকে পুনৰগঠন/একত্ৰীকৰণ আঁচনি প্ৰস্তুত

Posted On: 27 JUN 2020 7:10AM by PIB Guwahati

বেংকসমূহত আমানতকাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসাৰে, ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে বেংকিং নিয়ন্ত্ৰণ (সংশোধনী) অধ্যাদেশ, ২০২০। (অধ্যাদেশখন সন্দৰ্ভত গেজেট জাননীখন চাবলৈ ক্লিক কৰক)

এই অধ্যাদেশে সমবায় বেংকসমূহৰ কাৰণে প্ৰযোজ্য হোৱা বেংকিং নিয়ন্ত্ৰণ আইন, ১৯৪৯ ৰ সংশোধন ঘটায়। এই অধ্যাদেশে আমানতকাৰীসকলৰ স্বাৰ্থ সুৰিক্ষত কৰাৰ পথ প্ৰশস্ত কৰিছে আৰু ইতিমধ্যে আৰবিআয়ে আন বেংকসমূহক প্ৰদান কৰা ক্ষমতাক সমবায় বেংকসমূহলৈয়ো সম্প্ৰসাৰিত কৰি শাসন আৰু অনিচ্ছাকৃত ক্ৰুটিৰ বিলোপ সাধনৰ জৰিয়তে এনে সমবায় বেংকসমূহক শক্তিশালী কৰি তোলা তথা পেশাদাৰী মনোভাৱ জগাই তুলি সুস্থ বেংকিং নিয়ন্ত্ৰণ প্ৰৱৰ্তন আৰু মূলধনত তেওঁলোকৰ প্ৰৱেশ সক্ষম কৰি তোলাৰ কথা অধ্যাদেশখনত অৱতাৰণা কৰা হৈছে। এই সংশোধনীয়ে ৰাজ্যিক সমবায় আইনৰ অধীনস্থ সমবায় সমিতিসমূহৰ ৰাজ্যিক নিয়ামকৰ বৰ্তমানে অব্যাহত থকা ক্ষমতাসমূহত প্ৰভাৱ নেপেলায়। এই সংশোধনীয়ে কৃষি উন্নয়নৰ অৰ্থে দীৰ্ঘ-কালীন বিত্তৰ যোগান ধৰাৰ প্ৰাথমিক উদ্দেশ্য আৰু মূল ব্যৱসায় কৰা প্ৰাইমেৰী এগ্ৰিকালচাৰেল ক্ৰেডিট ছ’চাইটি (পিএচিএছ) বা সমবায় সমিতিসমূহক ক্ৰিয়া নকৰে তথা যিয়ে “বেংক” বা “বেংকাৰ” বা “বেংকিং” শব্দকেইটা ব্যৱহাৰ নকৰে আৰু চেক ড্ৰ নকৰাসকলৰ ক্ষেত্ৰটো এই সংশোধনী প্ৰযোজ্য নহয়।

এই অধ্যাদেশে বেংকিং নিয়ন্ত্ৰণ আইনৰ ৪৫ নং দফাৰ সংশোধনীকো সামৰি লৈছে। য’ত ৰাজহুৱা, আমানতকাৰীসকলৰ স্বাৰ্থ সুৰক্ষা, বেংকিং প্ৰণালী আৰু যথোপযুক্ত ব্যৱস্থানাপনাৰ আশু সমাধানৰ অৰ্থে বেংকিং কোম্পানীসমূহৰ পুনৰগঠন আৰু একত্ৰীকৰণ আঁচনি প্ৰস্তুতৰ কথাও উল্লেখ আছে। মৰেটৰিয়ামৰ নিৰ্দেশনা জাৰি নকৰা সন্দৰ্ভত ইতিমধ্যে হোৱা বাদানুবাদ এই অধ্যাদেশে ইতি পেলাই বিত্তীয় প্ৰণালীটো ব্যাহত হৈ নপৰাটো সুনিশ্চিত কৰিব।

***

RM/KMN/SB



(Release ID: 1634754) Visitor Counter : 254