গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত দিল্লীত ২১ জুনত কোভিড-১৯ সন্দৰ্ভত গৃহীত সিদ্ধান্তসমূহৰ পৰ্যবেক্ষণ বৈঠক অনুষ্ঠিত কৰিলে কেন্দ্ৰীয় গৃহ সচিবে

দিল্লীৰ বাবে কোভিড-১৯ৰ প্ৰতিক্ৰিয়া পৰিকল্পনা চূড়ান্ত কৰণৰ লগতে সৰল আৰু সময় সাপেক্ষ ৰূপত বিশেষ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পদক্ষেপ

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে নিৰ্ধাৰণ কৰা সময়সীমা অনুসৰি দিল্লীত ২৬ জুনৰ ভিতৰত কোভিড-১৯ সংক্ৰমণৰ সকলো ক্ষেত্ৰ সামৰি কণ্টেইনমেণ্ট জ'নৰ পুনৰ গঠন সম্পূৰ্ণ কৰা হ'ব

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি, ২৭ জুনৰ পৰা এনচিডিচি আৰু দিল্লী চৰকাৰে দিল্লীত যুটীয়াভাৱে কাৰ্যকৰী কৰিবলগীয়া ছেৰলজিকেল ছাৰ্ভেৰ ওপৰত আলোচনা সম্পন্ন

Posted On: 26 JUN 2020 4:10PM by PIB Guwahati

দিল্লীত কোভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ কাৰ্যকৰীকৰণ পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰীয় গৃহ সচিবে ২৫ জুনত এখন বৈঠক অনুষ্ঠিত কৰে, যিবোৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত যোৱা ২১ জুনত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হৈছিল। এই বৈঠকত নিতি আয়োগৰ সদস্য ড৹ ভি কে পাল, এইমছৰ সঞ্চালক ড৹ ৰণদীপ গুলেৰীয়া, আইচিএমআৰৰ সঞ্চালক প্ৰধান ড৹ বলৰাম ভাৰ্গৱৰ লগতে দিল্লীৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিব বৈঠকত উপস্থিত থাকে।

কেন্দ্ৰীয় গৃহ সচিবে আয়োজন কৰা এই বৈঠকত, এই কথা স্পষ্টভাৱে উল্লেখ কৰা হয় যে এক সৰল আৰু সময় সাপেক্ষ ৰূপত সিদ্ধান্তসমূহ কাৰ্যকৰী কৰা হৈছে আৰু দিল্লীৰ বাবে এটা কোভিড-১৯ প্ৰতিক্ৰিয়া পৰিকল্পনা চূড়ান্ত কৰা হৈছে। কোভিড-১৯ৰ সৈতে সম্পৰ্কযুক্ত কামবিলাকৰ বাবে জিলা স্তৰৰ দলবিলাকো গঠন কৰা হৈছে।

বৈঠকত লগতে অৱগত কৰা হয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে বান্ধি দিয়া সময়সীমা অনুসৰি দিল্লীত কোভিড-১৯ সংক্ৰমণৰ সকলো ক্ষেত্ৰকে ধৰি কণ্টেইনমেণ্ট জ'নবিলাকৰ পুনৰ গঠন ২৬ জুনৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। ৩০ জুনৰ ভিতৰত ঘৰে ঘৰে স্বাস্থ্য সমীক্ষাও সম্পূৰ্ণ কৰা হ'ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনা অনুসৰি দিল্লীত ছেৰলজিকেল ছাৰ্ভেৰ ওপৰতো আলোচনা কৰা হয়, যিটো এনচিডিচি আৰু দিল্লী চৰকাৰে যুটীয়াভাৱে কাৰ্যকৰী কৰিব। এই সমীক্ষা ২৭ জুনৰ পৰা আৰম্ভ হ'ব আৰু সংশ্লিষ্ট সমীক্ষাকাৰী দলৰ প্ৰশিক্ষণ কালি সম্পূৰ্ণ কৰা হয়।

জনবসতি স্থলবিলাকত কোভিড-১৯ৰ ভৱিষ্যতৰ সংক্ৰমণ চিনাক্ত কৰিবলৈ শক্তিশালী আহিলা হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে লগতে  আৰোগ্য সেতু আৰু ইতিহাস এপ দুটাৰ একত্ৰিত ব্যৱহাৰক অনুমোদন জনায়। এপ দুটাৰ একত্ৰিত ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ এনচিডিচিৰ প্ৰশিক্ষকসকলে দিল্লীৰ জিলাৰ দলবিলাকক কালি প্ৰদান কৰে।

******

 

NW



(Release ID: 1634656) Visitor Counter : 127