প্ৰতিৰক্ষা মন্ত্ৰালয়

‘সমুদ্ৰ সেঁতু অভিযান’-মালদ্বীপৰ পৰা ১৯৮ গৰাকী ভাৰতীয়ক ওভতাই আনিলে ‘আইএনএছ ঐৰাৱত’য়ে

Posted On: 23 JUN 2020 7:50PM by PIB Guwahati

মালদ্বীপৰ মালেত আবদ্ধ হৈ থকা ১৯৮গৰাকী ভাৰতীয় নাগৰিকক দেশলৈ ওভতাই অনাৰ বাবে ভাৰতীয় নৌ সেনা বাহিনীয়ে নিয়োজিত কৰা আইএনএছ ঐৰাৱত নামৰ জাহাজখনে সমুদ্ৰ সেঁতু অভিযান সামৰি ২৩জুন ২০২০ৰ পুৱাতে টুটুকৰিণ বন্দৰত উপস্থিত হয়হি। উল্লেখ্য যে, ইয়াকে ধৰি এই পৰ্যন্ত ভাৰতীয় নৌ-সেনাই মালদ্বীপৰ পৰা ২৩৮৬গৰাকী ভাৰতীয়ক দেশলৈ ওভতাই আনিলে।

ভাৰতীয় নাগৰিকক দেশলৈ ওভতাই অনাৰ বাবে মালদ্বীপত উপস্থিত হোৱাৰ সময়ত দেশখনত কৰ্তব্যৰত ভাৰতীয় মিছনে অভিযানকাৰী দলক অভিনন্দন জ্ঞাপন কৰিছিল। সাগৰীয় পথেৰে সম্পন্ন কৰা সমুদায় যাত্ৰাকালত কভিড-১৯ সম্পৰ্কীয় সকলো বিধি-নিৰ্দেশনা কঠোৰ ভাবে পালন কৰে অভিযানকাৰীসকলে।

ইফালে, টুটিকৰিণ বন্দৰত স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা মালদ্বীপৰ উভতি অহা নাগৰিকসকলক আদৰণি জনোৱাৰ লগতে অত্যন্ত ক্ষীপ্ৰতাৰে তেওঁলোকক জাহাজৰ পৰা নমোৱা, স্বাস্থ্য পৰীক্ষা কৰোৱা, ইমিগ্ৰেশ্যন আদিৰ প্ৰক্ৰিয়া সম্পন্ন কৰা আৰু তেওঁলোকৰ বাবে নিৰ্দ্ধাৰিত স্থানলৈ প্ৰেৰণৰ বাবে পৰিবহণৰ সু-ব্যৱস্থা আগবঢ়োৱা হয়।

ভিড মহামাৰীয়ে সৃষ্টি কৰা শেহতীয়া পৰিস্থিতিত বিদেশত আবদ্ধ হৈ থকা নাগৰিকসকলক দেশলৈ ওভতাই অনাৰ বাবে ভাৰতীয় নৌসেনা বাহিনীয়ে গ্ৰহণ কৰা পদক্ষেপৰ আধাৰত এই পৰ্যন্ত ৩৩০৫গৰাকী লোকক মালদ্বীপ, শ্ৰীলংকা আৰু ইৰাণৰ পৰা ওভতাই অনা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001TCA2.jpg

______________________________________________________________________

VM/ MS/KB



(Release ID: 1634539) Visitor Counter : 168