গৃহ মন্ত্ৰালয়

পুৰী ৰথ যাত্ৰাৰ অনুমতিৰে উচ্চতম ন্যায়ালয়ৰ আদেশক কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ আদৰণি

প্ৰধানমন্ত্ৰীয়ে কেৱল ভক্তসকলৰ আৱেগ অনুধাৱন কৰাই নহয় বৰঞ্চ আমাৰ মাটিৰ মহান ঐতিহ্যটোৰ ৰীতি-নীতি পালন নিশ্চিত কৰিবলৈয়ো আলোচনা কৰিছিলঃ শ্ৰী অমিত শ্বাহ

পুৰীৰ অধিপতি, পুৰীৰ শ্ৰদ্ধেয় শংকৰাচাৰ্য আৰু ছলিচিটৰ জেনেৰেলৰ সৈতে শ্ৰী অমিত শ্বাহৰ বিস্তৃত আলোচনা

ইয়াৰ গুৰুত্বতা অনুধাৱন কৰি, বিষয়টো উচ্চতম ন্যায়ালয়ৰ ভেকেচন বিচাৰপীঠত উত্থাপন কৰা যায়, তাক ফলশ্ৰুতিতে উচ্চতম ন্যায়ালয়ৰদ্বাৰা গুৰুত্বপূৰ্ণ ৰায় লাভৰ পথ প্ৰশস্ত হয়ঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী

“উৰিষ্যাৰ জনসাধাৰণলৈ অভিনন্দন। जय जगन्नाथ!”: শ্ৰী অমিত শ্বাহ

प्रविष्टि तिथि: 22 JUN 2020 7:30PM by PIB Guwahati

পুৰী ৰথ যাত্ৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ আদেশক গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আদৰণি জনাইছে। “আজিৰ দিনটো আমাৰ সকলোৰে কাৰণে এটা বিশেষ দিন, বিশেষতঃ উৰিষ্যাৰ আমাৰ ভগ্নী আৰু ভাতৃ তথা মহাপ্ৰভু শ্ৰী জগন্নাথ জীৰ ভক্তসকলৰ কাৰণে। ৰথ যাত্ৰা অনুষ্ঠিত কৰাৰ নিশ্চিতি প্ৰদানৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰদ্বাৰা সমগ্ৰ ৰাষ্ট্ৰ পুলকিত হৈছে।”, এলানি টুইটত তেওঁ কয়।

শ্ৰী অমিত শ্বাহে কয়, “আমাৰ ভূমিৰ এই মহান ঐতিহ্য উদযাপনৰ সুনিশ্চিতকৰণৰ অৰ্থে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভক্তসকলৰ আৱেগ অনুধাৱন কৰাই নহয় বৰঞ্চ আলোচনা কৰা কথাটোৱে মোৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ কোটি-কোটি ভক্তক আনন্দিত কৰি তুলিছে।”

শ্ৰী অমিত শ্বাহে কয় এই বিষয়টো সমাধা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষসমূহৰে জৰুৰী আলোচনা অনুষ্ঠিত হৈছিল। “গত সন্ধিয়া, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি, মই গজপতি মহাৰাজ জী (পুৰীৰ অধিপতি) আৰু পুৰীৰ শ্ৰদ্ধেয় শংকৰাচাৰ্য জীৰ সৈতে বাৰ্তালাপ কৰিছিলো আৰু যাত্ৰাক লৈ তেওঁলোকৰ মতামত বিচাৰিছিলো। আজি পুৱা, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰিয়েই, ছলিচিটৰ জেনেৰেলৰ সৈতেও মই কথা পাতো।”, তেওঁ কয়।

“বিষয়টোৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বতা অনুধাৱন কৰি, ইয়াক উচ্চতম ন্যায়ালয়ৰ ভেকেচন বিচাৰপীঠ (vacation bench)ত উত্থাপন কৰা হৈছিল আৰু আজি দুপৰীয়া শুনানি গ্ৰহণ কৰা হয়, যাৰ ফলশ্ৰুতিতে উচ্চতম ন্যায়ালয়ৰদ্বাৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লাভৰ পথ প্ৰশস্ত হৈ পৰে।”, কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়।

“উৰিষ্যাৰ জনসাধাৰণলৈ অভিনন্দন। जय जगन्नाथ!”, শ্ৰী অমিত শ্বাহে কয়।


(रिलीज़ आईडी: 1633713) आगंतुक पटल : 224
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Odia , Tamil