গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশত দিল্লীত কোভিড-১৯ ব্যৱস্থাপনা সুগম, স্বাস্থ্য সমীক্ষাৰ পৰা পৰীক্ষালৈকে বেচৰকাৰী হাস্পতালত ৰোগীৰ চিকিৎসাৰ অধিকাংশ দৰ নিৰ্দ্ধাৰিত

বেচৰকাৰী হাস্পতালত কোভিড ৰোগীৰ বাবে আইচলেচন বে'ডৰ মাছুল প্ৰায় এক তৃতীয়াংশ কৰ্তন

দিল্লীৰ ২৪২টা কণ্টেইনমেণ্ট জ'নত ঘৰে ঘৰে স্বাস্থ্য সমীক্ষা সম্পূৰ্ণ, মুঠ ২.৩ লাখ লোকৰ সমীক্ষা সম্পন্ন

কম খৰচী আৰু খৰতকীয়া ৰেপিড এণ্টিজেন টেষ্টিং আৰম্ভ; ১৯৩ টেষ্টিং চেণ্টাৰত মুঠ ৭,০৪০ লোকক পৰীক্ষা কৰা হয়; অনাগত দিনত পৰীক্ষা বৃদ্ধি কৰা হ'ব

Posted On: 19 JUN 2020 3:17PM by PIB Guwahati

 

দিল্লীৰ জনসাধাৰণক কোভিড সংক্ৰমণৰ ক্ষেত্ৰত সকাহ দিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে নিৰন্তৰ তৎপৰতা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লীত কোভিডৰ স্থিতি নিজে পৰ্যবেক্ষণ কৰি আছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দিল্লীত কোভিডৰ স্থিতি সন্দৰ্ভত আয়োজিত বৈঠকত প্ৰদান কৰা নিৰ্দেশ অনুসৰি ৰাজধানী দিল্লীৰ ২৪২ কণ্টেইনমেণ্ট জ'নত ঘৰে ঘৰে স্বাস্থ্য সমীক্ষা ৰ কাম কালি সম্পূৰ্ণ হয়। ইয়াত মুঠ ২.৩ লাখ লোকৰ সমীক্ষা কৰা হয়।

 

তদুপৰি দিল্লীত টেষ্টিং ক্ষমতা বৃদ্ধি কৰা আৰু পৰীক্ষাৰ ফলাফল সোনকালে দিবৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কালিৰ পৰাই ৰেপিড এণ্টিজেন প্ৰণালীৰে পৰীক্ষা আৰম্ভ কৰা হৈছে। ১৯৩টা টেষ্টিং কেন্দ্ৰত মুঠ ৭০৪০জন লোকৰ পৰীক্ষা কৰা হৈছে। অনাগত দিনত টেষ্টিঙৰ সংখ্যা আৰু বৃদ্ধি কৰা হ'ব। লগতে শ্ৰী অমিত শ্বাহৰ দ্বাৰা গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ পিছৰ পৰা নমুনা পৰীক্ষা শীঘ্ৰে দুগুণ কৰা হৈছে। দিল্লীত ১৫ৰ পৰা ১৭ জুনৰ সময়ছোৱাত ২৭২৬৩টা পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰা হয় আৰু ইয়াৰ পূৰ্বে দৈনিক ৪০০০-৪৫০০টা নমুনা সংগ্ৰহ কৰা হৈছিল।

 

দিল্লীৰ জনসাধাৰণক সকাহ দিবলৈ গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লীত বেচৰকাৰী হাস্পতালৰ দ্বাৰা কোভিড ৰোগীৰ বাবে বিভিন্ন শ্ৰেণী যেনে-আইচলেচন বে'ড, ভেণ্টিলেটৰ নথকা আই চি ইউ (ICU) অথবা ভেণ্টিলেটৰ থকা আই চি ইউ (ICU)ৰ ৬০ শতাংশ বে'ডৰ দৰ নিৰ্দ্ধাৰিত কৰিবৰ বাবে নিটি আয়োগৰ সদস্য ড৹ ভি কে পালৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছিল।

 

দিল্লীৰ বেচৰকাৰী হাস্পতালত কোভিড-১৯ চিকিৎসাৰ নতুন দৰ

 

 

শ্ৰেণী

 

(বেচৰকাৰী হাস্পতাল)

নতুন দৰ

(দৈনিক)

 

(পিপিই আৰু ঔষধসহ)

পুৰণা দৰ

(দৈনিক)

 

পিপিই নোহোৱাকৈ

আইচলেচন বে'ড

৮০০০-১০০০০ টকা

২৪০০০-২৫০০০ টকা

আই চি ইউ (ICU)

ভেণ্টিলেটৰ নথকা

১৩০০০-১৫০০০ টকা

৩৪০০০-৪৩০০০ টকা

আই চি ইউ (ICU)

ভেণ্টিলেটৰ থকা

১৫০০০-১৮০০০ টকা

৪৪০০০-৫৪০০০ টকা

 

সমিতিয়ে সকলো বেচৰকাৰী হাস্পতাল (বেচৰকাৰী হাস্পতাল এন এ বি এইচৰ দ্বাৰা অধিকৃত হয় নে নহয় ইয়াৰ ওপৰত নিৰ্ভৰ)ত আইচলেচন বে'ডৰ বাবে (পিপিই আৰু ঔষধসহ) দৈনিক ৮০০০-১০০০০, আই চি ইউ (ICU) ভেণ্টিলেটৰ নথকা (পিপিই আৰু ঔষধসহ) দৈনিক ১৩,০০০-১৫,০০০ আৰু আই চি ইউ (ICU) ভেণ্টিলেটৰ থকা (পিপিই আৰু ঔষধসহ)ৰ বাবে ১৫,০০০-১৮,০০০ টকা দৈনিক ধাৰ্য কৰা হৈছে।

 

বৰ্তমান ইয়াৰ বাবে ২৪,০০০-২৫,০০০ (পিপিই নথকা), ৩৪,০০০-৪৩,০০০(পিপিই নথকা) আৰু ৪৪,০০০-৫৪,০০০(পিপিই নথকা) টকা লোৱা হয়।

 

******

 

NW/RK/PK/AD/DD



(Release ID: 1632802) Visitor Counter : 174