বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ এলানি কম ব্যয়সাপেক্ষ বিশ্লেষক কিট বিকশিত কৰিলে আইআইটি গুৱাহাটীয়ে

Posted On: 19 JUN 2020 2:21PM by PIB Guwahati

ৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ গুৰুত্বপূৰ্ণ উপায়টো হল ৰোগবিধৰ সংক্ৰমণ নিশ্চিতকৰণৰ পৰীক্ষণ সম্পন্ন কৰা। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আইআইটি গুৱাহাটীয়ে আৰ আৰ এনিমেল হেল্থকেয়াৰ লিমিটেড আৰু গুৱাহাটী চিকিত্সা মহাবিদ্যালয় তথা হাস্পটালৰ সহযোগত কম ব্যয়সাপেক্ষ এলানি ৰোগ-বিশ্লেষক কিট বিকশিত কৰি উলিয়াইছে। বিশ্লেষক কিটসমূহ হল- ভাইৰেল ট্ৰেন্সপোৰ্ট মিডিয়া কিট(ভিটিএম), আৰ-টি-পিচিআৰ কিট আৰু আৰএনএ আইছলেশ্যন কিট

ভিটিএম কিটৰ জৰিয়তে কোনো ব্যক্তিগত উত্সৰ পৰা নাক আৰু মুখ-গহ্বৰৰ স্বোৱাবৰ নমুনা সংগ্ৰহ কৰি ইয়াৰ কালচাৰ আৰু পৰীক্ষা সম্পন্ন কৰিব পৰাকৈ নিৰাপদে পৰীক্ষাগাৰলৈ নিয়াৰ ব্যৱস্থা কৰিব পৰা যাব। এইখিনি সময়ত, যদি সংগৃহীত নমুনাত ভাইৰাছৰ উপস্থিতি থাকে, তেন্তে পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ইয়াৰ উপস্থিতি অটুত ৰাখিব এই ভিটিএময়ে। সেয়ে ছাৰ্ছ-কভ-২ৰ সংগ্ৰহ আৰু পৰিবহণৰ বাবে উপযোগীকৈ এইবিধ কিট বিকশিত কৰা হৈছে।

কিটবিধক কম ব্যয় সাপেক্ষ কৰি তোলাৰ বাবে আমি স্থানীয় বজাৰত উপলব্ধ হোৱা সা-সামগ্ৰীসমূহকে ব্যৱহাৰ কৰিছো। অৱশ্যে, বিশ্ব স্বাস্থ্য সংস্থা(ডব্লিউএইছঅ)ই অনুমোদন জনোৱা সা-সামগ্ৰীহে ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে। আমি প্ৰস্তুত কৰা দুটা খেপৰ কিট ইতিমধ্যে ক্ৰমে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসম আৰু গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পটালৰ হাতত অৰ্পণ কৰিছো। বৃহত সংখ্যক ৰাইজক উপকৃত কৰিব পৰাকৈ আমি কিটসমূহৰ উত্পাদন বিশাল পৰিসৰত কৰাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছো বুলি তথ্য দাঙি ধৰে গৱেষক দলটোৰ নেতৃত্ব দান কৰা আইআইটি গুৱাহাটীৰ অধ্যাপক পৰমেশ্বৰ কৃষ্ণণ আয়াৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image003OJDG.jpg

বাওঁফালৰ পৰা ক্ৰমে লক্ষ্মী ৰমণ আদিল-গৱেষক-ছাত্ৰ(আইআইটি গুৱাহাটী), ড০ প্ংকজ চোধুৰী (আৰআৰ এনিমেল হেল্থকেয়াৰ), অধ্যাপক পৰমেশ্বৰ আয়াৰ আৰু অধ্যাপক সিদ্ধাৰ্থ ঘোষ (আইআইটি গুৱাহাটী), ড০ অনিল বিদকাৰ (আৰআৰ এনিমেল হেল্থকেয়াৰ)

*****

NB/KGS/(India Science Wire)/KB



(Release ID: 1632800) Visitor Counter : 211