ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ক’ভিড সম্পৰ্কত দেশৰ ভিন্ন প্ৰান্তৰ ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকৰ মতামত গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙৰ

Posted On: 19 JUN 2020 7:24PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি দেশৰ ভিন্ন প্ৰান্তত অৱস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত কৰ্মৰত চিকিৎসকসকলৰপৰা কভিড সম্পৰ্কীয় মতামত গ্ৰহণ কৰে।

ডেৰ-ঘন্টাজোৰা ৱেবিনাৰৰ জৰিয়তে, চেন্নাই, নতুন দিল্লী, মুম্বাই, নাগপুৰ, পাটনা, কোটা, এৰোডে আদি ভাৰতৰ ভিন্ন মহানগৰসমূহৰপৰা চিকিৎসা বিজ্ঞানৰ কেইবাটাও শাখাৰ শীৰ্ষস্থানীয় চিকিৎসক আৰু বিশেষজ্ঞই তেওঁলোকৰ কবলগীয়াখিনি ব্যক্ত কৰে।

এই বৈঠকত পৌৰহিত্য কৰি, ডাঃ জিতেন্দ্ৰ সিঙে ভাৰতৰ চিকিৎসা ক্ষেত্ৰৰে জড়িত প্ৰতিজন লোককে কৰোনাৰ বিৰুদ্ধে সফলতাৰে যুঁজ অব্যাহত ৰখাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, এই সংকটৰ সময়ত ভাৰতৰ চিকিৎসা ক্ষেত্ৰ তথা স্বাস্থ্য আন্তঃগাঁথনিৰ সৈতে প্ৰতিজন লোকেই বিশ্বৰ সন্মুখত তেওঁলোকৰ মাজত নিহিত হৈ থকা সম্ভাৱনা আৰু চমু জাননীতে কাৰ্যপন্থা সলনি কৰিব পৰাৰ সামৰ্থ্য দেখুৱাই দিবলৈ সক্ষম হয়। যাৰ জৰিয়তে তেওঁলোকে সমাজৰ প্ৰতি দায়বদ্ধতা সুচাৰুৰূপে পালন কৰি আহিছে।

 

ডাঃ জিতেন্দ্ৰ সিঙে চিকিৎসা ব্যৱস্থাপনাত নন-ফাৰ্মাকজিকেল ব্যৱস্থাৰ কথা উল্লেখ কৰি কয় যে উচ্চক্ষমতাসম্পন্ন এন্টি-মাইক্ৰবিয়েল ড্ৰাগৰ আৰ্বিভাৱৰ পূৰ্বে ভাৰতত ১৯৭০ কিম্বা ১৯৮০ লৈকে স্বাস্থ্যবিধি আৰু স্বচ্ছতাৰ অনুশীলন অব্যাহত আছিল। এই প্ৰসংগতেই, তেওঁ কয়, সংক্ৰামক ৰোগৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহৰ চিকিৎসকসকলতকৈ ভাৰতীয় চিকিৎসকসকলে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ৱেবিনাৰখনৰ আঁত ধৰি ডাঃ এ মুৰুংগানাথনে আৰোগ্যসেতুৰ ব্যৱহাৰ জনপ্ৰিয় কৰি তোলাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি বিশেষতঃ দক্ষিণ ভাৰতৰ বহু চিকিৎসালয়ত অব্যাহত থকা নিবাৰণ আৰু সন্মতি নিৰ্ভৰ স্বাস্থ্য বীমাৰ ভাৰতীয় আৰ্হিৰ ওপৰত আলোকপাত কৰে।

আগন্তুক কাৰ্যপন্থা সন্দৰ্ভত ডাঃ জিতেন্দ্ৰ সিঙে কয় যে সকলোৱে প্ৰতিৰোধী ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিব লাগে আৰু যিকোনো সময়তে সকলো ধৰণৰ মহামাৰীক প্ৰতিহত কৰিবলৈ প্ৰস্তুত হৈ থকাটো বাঞ্চনীয়। এই প্ৰসংগতে, তেওঁ আয়ুষ্মান ভাৰতৰ কথা উল্লেখ কৰি কয় যে ই এখনি একক স্বাস্থ্য বীমা আঁচনি, অনাগত সময়ত ইয়াৰ অধীনত বিস্তৃত কাৰ্যপন্থা গ্ৰহণ কৰা হব।

অংশগ্ৰহণকাৰী চিকিৎসকসকলে মন্ত্ৰীজনক কেইবাটাও পৰামৰ্শ আগবঢ়ায় যত নেকি ব্যক্তিগত খণ্ডৰ ওপৰত কম নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা, অনুজ্ঞা-পত্ৰ বিহীন চিকিৎসকসকলক ক্ষীপ্ৰতাৰে চিনাক্ত কৰি উলিওৱা, মেডিকেল ক্লিনিক স্থাপনাৰ্থে যুৱ-চামক আৰ্কষিত কৰিবলৈ পৰিহাৰ কৰিবপৰা নীতি-নিয়মসমূহ নোহোৱা কৰা তথা পিপিপি আৰ্হিৰ দৰে এনে ব্যৱস্থা সন্দৰ্ভত অধিক প্ৰচাৰ কৰা।

<><><><><>

NW/SNC/SB



(Release ID: 1632798) Visitor Counter : 173