স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ শেহতীয়া তথ্য

কৰ্ণাটকৰ বিস্তৃত সংযোগ অনুসৰণৰ আইটি-নিৰ্ভৰ আৰ্হি আৰু ঘৰে-ঘৰে গৈ কৰা সমীক্ষাক কেন্দ্ৰৰ প্ৰশংসা

Posted On: 19 JUN 2020 1:28PM by PIB Guwahati

ভিড-১৯ পজিটিভ ঘটনাৰ বিস্তৃত সংযোগ অনুসৰণ আৰু ১.৫ কোটিৰো অধিক গৃহস্থীক সামৰি নিজে গৈ/ফোনৰ যোগৰে প্ৰতিটো পৰিয়ালৰে কৰা সমীক্ষাৰ জৰিয়তে কৰ্ণাটকে কভিড-১৯ ব্যৱস্থাপনাৰ অৰ্থে গ্ৰহণ কৰা উৎকৃষ্ট ব্যৱস্থাক কেন্দ্ৰই প্ৰশংসা কৰিছে। সমগ্ৰ চৰকাৰ (Whole of Government) পন্থাৰ অংশ হিচাপে তথা বহু-বিভাগীয় এজেন্সীসমূহক জড়িতকৰণৰে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা এই দুই ব্যৱস্থা প্ৰযুক্তি-নিৰ্ভৰ উপায় আৰু মধ্যৱৰ্তিতাৰদ্বাৰা ৰূপায়ণ কৰা হৈছে। তেওঁলোকে প্ৰতিটো ঘটনাকে ফলপ্ৰসূতাৰে অনুসৰণ আৰু চিহ্নিতকৰণৰ জৰিয়তেই মহামাৰীটোৰ সংক্ৰমণত সফলতাৰে বাধা আৰোপ কৰিবলৈ সক্ষম হৈছে।

কেন্দ্ৰই বাকীবোৰ ৰাজ্যকো তেওঁলোকৰ স্থানীয় প্ৰসংগ সাপেক্ষে এনে উৎকৃষ্ট ব্যৱস্থা ৰূপায়ণৰ জৰিয়তে কভিড-১৯ মহামাৰীটোৰ ফলপ্ৰসূ ব্যৱস্থাপনা কাৰ্যকৰী কৰিবলৈ কৈছে।

মহামাৰীটোক দমন কৰিবলৈ যাওঁতে যোগাযোগ অনুসৰণ এটা জটিল অংশ আৰু যিটোক স্বাস্থ্য আন্তঃগাঁথনিয়ে সামৰি লোৱাটো সম্ভৱপৰ নহয়। ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা যোগাযোগৰ উচ্চ আৰু নিম্ন সম্ভাৱনা উভয়কে সামৰি কৰ্ণাটকে সংযোগৰ সংজ্ঞাটোকে বিস্তৃত ৰূপত গণ্য কৰে। কৰ্ণাটকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সংযোগসমূহক নিখুঁতভাৱে অনুসৰণ কৰা হয় আৰু লগে-লগে কঠোৰ কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা যায়।

ৰাজ্য চৰকাৰখনে নিৰ্ধাৰণ কৰা বিস্তৃত এছঅপি অনুসৰি ১০,০০০ ৰোধিক সু প্ৰশিক্ষণপ্ৰাপ্ত ক্ষেত্ৰ কৰ্মীয়ে সংযোগ অনুসৰণৰ বিশেষ দায়িত্ব পালন কৰে যিয়ে প্ৰতিগৰাকী এনে লোকক তেওঁলোকে পালন কৰিবলগীয়া পৰ্যায়ক্ৰমিক কাম-কাজসমূহৰ কথা বুজাই দিয়ে। বিশাল পৰিমাণৰ কাম, পজিটিভ লোকসকলৰ প্ৰকৃত ভুল আৰু বিভিন্ন কাৰণৰ কাৰণে সত্য লুকুৱাই ৰাখিবলৈ কৰা চেষ্টাৰ প্ৰত্যাহ্বান নেওচিবলৈ কনটেক্ট ট্ৰেচিং মবাইল এপ আৰু ৱেব এপ্লিকেশ্যন ব্যৱহাৰ কৰা হয়।

ৰাজ্যখনে বস্তি বা সমজাতীয়া অঞ্চলত বসবাস কৰা সংযোগসমূহক বাধ্যতামূলক আনুষ্ঠানিক কোৱাৰেন্টাইনৰ জৰিয়তে বৃহৎ নিগম এলেকাৰ বস্তিসমূহত সংক্ৰমণৰ প্ৰসাৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়। কৰ্ণাটকলৈ ঘূৰি অহা তথা ৰাজ্যখনলৈ অহা প্ৰতিজন ভ্ৰমণকাৰীৰ কাৰণে সেৱা সিন্ধু পৰ্টেলত নিজৰ-নিজৰ নাম পঞ্জীয়ন কৰাটোও বাধ্যতামূলক কৰা হয়, যাৰ জৰিয়তে পৰৱৰ্তী দিনসমূহৰ বাবে তেওঁলোক গৃহ/আনুষ্ঠানিক কোৱাৰেন্টাইনত থকা সময়ত ৰাজ্য চৰকাৰখনে অনুসৰণ কৰিবলৈ সক্ষম হয়। কোৱাৰেন্টাইন ৱাটচ এপটো কোৱাৰেন্টাইন আৰোপ কৰিবলৈ ক্ষেত্ৰ কৰ্মীসকলৰ সহায়ৰ অৰ্থে ব্যৱহাৰ কৰা হয়। সমাজৰ লোকসকলৰ অংশগ্ৰহণৰে গৃহ কোৱাৰেন্টাইন বলবৎ কৰিবলৈ ৰাজ্যখনে মবাইল স্কোৱাডো গঠন কৰে। ওচৰ-চুবুৰীয়া বা ৰাইজৰপৰা কোনো লোকৰদ্বাৰা কোৱাৰেন্টাইন উলংঘা সন্দৰ্ভত তথ্য লাভ কৰাৰ ক্ষেত্ৰত, নিয়ম উলংঘাকাৰী লোকজনক আনুষ্ঠানিক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয়।

বয়সীয়া, ৰূগীয়া লোক, গৰ্ভৱতী মহিলাৰ দৰে অধিক সম্ভাৱনা থকা লোকসকল আৰু ইনফ্লুয়েঞ্জা সদৃশ দুৰ্বলতা (আইএলআই)/ জটিল গভীৰ শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় অসুস্থতা (এছএআৰআই)ত ভুগি থকাসকলক গুৰুত্ব প্ৰদানৰে তেওঁলোকক চিনাক্ত, সুৰক্ষা আৰু চিকিৎসা প্ৰদান কৰিবলৈ কৰ্ণাটকে নিজে গৈ/ফোনৰ জৰিয়তে প্ৰতিঘৰ গৃহস্থীতে সমীক্ষা কৰে।

২০২০ ৰ মে জুৰি এই সমীক্ষাটো কৰা গৈছিল আৰু মুঠ ১৬৮ লাখ গৃহস্থীৰ ১৫৩ লাখ গৃহস্থীকে সামৰি লোৱা হৈছিল। হেল্থ ছাৰ্ভে এপ তথা ৱেৱ এপ্লিকেশ্যন ব্যৱহাৰৰ জৰিয়তে পুলিং বুথ পৰ্য়ায়ৰ বিষয়া (বিএলঅ)সকলক যাৱতীয় তথ্যৰ সংগ্ৰহত নিযুক্ত কৰা হৈছিল। সমীক্ষাটোৰ জৰিয়তে আহৰণ কৰা তথ্যসমূহ ইতিধ্যেই স্বাস্থ্য বিভাগৰে সৈতে উপলব্ধ গৰ্ভৱতী মহিলা আৰু টিবি/এইচআইভি/ডায়েলাইচিছ/কৰ্কট ৰোগীৰ তথ্যৰ সৈতে মিলাই চোৱা যায়। ৰাজ্য চৰকাৰখনে NASSCOM ৰ সহযোগত প্ৰৱৰ্তন কৰা টেলি-কনচালটেচন হেল্পলাইন আপথামিত্ৰ (কল নং: ১৪৪১০)ৰ জৰিয়তে এটা প্ৰচাৰ অভিযান চলোৱা হয় যাৰ ফলত ইন্টাৰেক্টিভ ভইচ ৰেচপনছ চিষ্টেম (আইভিআৰএছ) আৰু বহিৰ্গামী কল (outbound calls)ৰদ্বাৰা এনে সম্ভাৱনাপূৰ্ণ ব্যক্তি থকা পৰিয়ালসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰা যায়। টেলিমেডিচিন ডাক্তৰৰদ্বাৰা এনে গৃহস্থীসমূহৰ কোনো লোকৰ কভিড-১৯ৰ লেখীয়া লক্ষণ প্ৰত্যক্ষ কৰাটো নিশ্চিত হোৱা মাত্ৰকে পৰৱৰ্তী পৰামৰ্শ প্ৰদান কৰা হৈছিল। এনে গৃহস্থীৰ সংশ্লিষ্ট লোকসকলক যাৱতীয় স্বাস্থ্য সেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰিবলৈ ক্ষেত্ৰ পৰ্যায়ৰ স্বাস্থ্য কৰ্মী (আশা)সকলো তেওঁলোকৰ ঘৰলৈ গৈছিল।

*****

MV/SB



(Release ID: 1632789) Visitor Counter : 188