গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

চৰকাৰী সংস্থাৰ দ্বাৰা সৰ্বকালৰ সৰ্বোচ্চ ঘেঁহু সংগ্ৰহ

আগন্তুক সময়ত দেশৰ জনতাৰ বাবে অতিৰিক্ত খাদ্য সামগ্ৰীৰ প্ৰয়োজন পূৰাবলৈ সাজু এফচিআই

কেন্দ্ৰীয় ভৰাঁলৰ বাবে মুঠ ৩৮২ এলএমটি ঘেঁহু আৰু ১১৯ এলএমটি ধান ক্ৰয়

৪২ লাখ কৃষকলৈ ঘেঁহুৰ বাবে ন্যূনতম সহায় মূল্য ৭৩,৫০০ কোটি টকা প্ৰদান

Posted On: 17 JUN 2020 5:04PM by PIB Guwahati

চৰকাৰী সংস্থাৰ দ্বাৰা সৰ্বকালৰ সৰ্বোচ্চ ঘেঁহু সংগ্ৰহ

 

আগন্তুক সময়ত দেশৰ জনতাৰ বাবে অতিৰিক্ত খাদ্য সামগ্ৰীৰ প্ৰয়োজন পূৰাবলৈ সাজু এফচিআই

 

কেন্দ্ৰীয় ভৰাঁলৰ বাবে মুঠ ৩৮২ এলএমটি ঘেঁহু আৰু ১১৯ এলএমটি ধান ক্ৰয়

 

৪২ লাখ কৃষকলৈ ঘেঁহুৰ বাবে ন্যূনতম সহায় মূল্য ৭৩,৫০০ কোটি টকা প্ৰদান

 

 

কৃষকৰ পৰা ঘেঁহু ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰী সংস্থাসমূহে ১৬.০৬.২০২০ তাৰিখে সৰ্বকালৰ অভিলেখ ভংগ কৰে। উক্ত দিনা ২০১২-১৩ চনত স্পৰ্শ কৰা পূৰ্বৰ অভিলেখ ৩৮১.৪৮ লাখ মেট্ৰিক টন(এলএমটি)ক অতিক্ৰম কৰি কেন্দ্ৰীয় ভৰাঁললৈ ৩৮২ এলএমটি ঘেঁহু সংগ্ৰহ কৰা হয়।এয়া সমাপন কৰা হৈছে কভিড-১৯ৰ দৰে মহামাৰীৰ কঠিন সময়ত, যেতিয়া সমগ্ৰ দেশ লক ডাউনৰ অধীনত আছিল।

 

প্ৰথম লকডাউনৰ বাবে ক্ৰয় প্ৰক্ৰিয়া এটা পষেক পলমকৈ আৰম্ভ হয় আৰু নিৰ্দিষ্ট সময় ১ এপ্ৰিলৰ পাছত ১৫ এপ্ৰিলতহে অধিকসংখ্যক ঘেঁহু সৰহকৈ উত্পাদনকাৰী ৰাজ্যত ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হয়। কৃষকৰ পৰা কোনোধৰণৰ পলম নোহোৱাকৈ আৰু সুৰক্ষিতভাৱে ঘেঁহু ক্ৰয়ৰ নিশ্চিতি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ, ফুড কৰ্পৰেশ্যন অৱ ইণ্ডিয়া(এফচিআই)ৰ নেতৃত্বত সকলো চৰকাৰী ক্ৰয় সংস্থাই বিশেষ চেষ্টা কৰিছে।পৰম্পৰাগত মাণ্ডিৰ উপৰি সকলো সম্ভাৱ্য স্থানতে ক্ৰয় কেন্দ্ৰ স্থাপনৰ জৰিয়তে চলিত বৰ্ষত ১৪,৮৩৮ৰ পৰা ২১,৮৬৯ লৈ ক্ৰয় কেন্দ্ৰ বৃদ্ধি কৰা হৈছে।ইয়ে কৃষকৰ ক্ষতি ৰোধ কৰাৰ লগতে সঠিক সামাজিক ব্যৱধান নিশ্চিত কৰিছে। মাণ্ডিত নিতৌ হোৱা জমা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰযুক্তিগত সমাধান ব্যৱহাৰ কৰা হৈছে।এই ব্যৱস্থাৰ লগতে মাটিত নিয়মীয়া চেনিটাইজেচনৰ বাবে পদক্ষেপ লোৱা, প্ৰত্যেক কৃষকৰ বাবে পেলনীয়া স্থান আঁতৰাই ৰখা আদিয়ে নিশ্চিতি দিয়ে যে দেশৰ কোনোধৰণৰ খাদ্য শস্য ক্ৰয় কেন্দ্ৰ কোনো স্থানতে কভিড-১৯ৰ হটস্পট হব নোৱাৰে।

 

পঞ্জাৱৰ ১২৭ এলএমটি অতিক্ৰমি এই বৰ্ষত কেন্দ্ৰীয় ভঁৰাললৈ ১২৯ এলএমটি ঘেঁহুৰে মধ্য প্ৰদেশ সৰ্বোচ্চ যোগানকাৰী হিচাপে চিহ্নিত হৈছে।ঘেঁহুৰ ৰাষ্ট্ৰীয় ক্ৰয়ৰ ক্ষেত্ৰত হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানেও উল্লেখনীয় অৰিহণা আগবঢ়াইছে।সমগ্ৰ ভাৰতত ৪২ লাখ কৃষক উপকৃত হৈছে আৰু ঘেঁহুৰ ন্যূনতম সহায় মূল্যৰ বাবে তেওঁলোকক মুঠ ৭৩,৫০০ কোটি টকা প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় ভঁৰাললৈ বিপুল পৰিমাণৰ খাদ্য শস্যৰ আগমনে নিশ্চিত কৰিছে যে আগন্তুক সময়ত দেশবাসীৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত খাদ্য শস্যৰ যোগান ধৰিব পৰাকৈ এফচিআই সাজু আছে।

একেখিনি সময়তে ১৩,৬০৬ ক্ৰয় কেন্দ্ৰৰ জৰিয়তে চৰকাৰী সংস্থাসমূহে ১১৯ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছে।তেলেংগানাৰ পৰা সৰ্বাধিক ৬৪ এলএমটি, অন্ধ্ৰ প্ৰদেশৰ পৰা ৩১ এলএমটি ক্ৰয় কৰা হৈছে।ৰাজ্য অনুসৰি ঘেঁহু আৰু ধান ক্ৰয়ৰ তালিকা তলত দিয়া ধৰণৰ-

                                                             

                                                           ঘেঁহু

ক্ৰমিক নং

ৰাজ্যৰ নাম 

ক্ৰয় কৰা ঘেঁহুৰ পৰিমাণ (লাখ মেট্ৰিক টনত)

মধ্য প্ৰদেশ

১২৯

পঞ্জাৱ

১২৭

 

হাৰিয়ানা

৭৪

উত্তৰ প্ৰদেশ

৩২

ৰাজস্থান

১৯

অন্যান্য

০১

 

সৰ্বমুঠ

৩৮২

                                                         ধান

ক্ৰমিক নং

ৰাজ্যৰ নাম

ক্ৰয় কৰা ধানৰ পৰিমাণ (লাখ মেট্ৰিক টনত)

তেলেংগানা

৬৪

অন্ধ্ৰ প্ৰদেশ

৩১

ওড়িষা

১৪

তামিল নাডু

০৪

কেৰালা

০৪

অন্যন্য

০২

 

সৰ্বমুঠ

১১৯

APS/PK/MS/KG



(Release ID: 1632460) Visitor Counter : 232