মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
নেচনেল এলিজিবিলিটী কাম এনট্ৰেঞ্চ টেষ্ট (নীট) ইউ জি, জুলাই-২০২০ৰ স্থগিত কৰণৰ ভুৱা ৰাজহুৱা জাননী সন্দৰ্ভত এনটিএৰ স্পষ্টীকৰণ
প্ৰাৰ্থী আৰু অভিভাৱকক এনটিএই জনায় যে বৰ্তমানলৈকে এনে কোনো সিদ্ধান্ত এনটিএ অথবা সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই
प्रविष्टि तिथि:
17 JUN 2020 3:02PM by PIB Guwahati
নেচনেল টেষ্টিং এজেঞ্চিয়ে (এনটিএ) লক্ষ্য কৰিছে যে ১৫৷০৬।২০২০ তাৰিখে নেচনেল এলিজিবিলিটী কাম এনট্ৰেঞ্চ টেষ্ট (নীট) ইউ জি জুলাই-২০২০ৰ স্থগিত কৰণ বিষয়েৰে বিভিন্ন উৎস আৰু সামাজিক মাধ্যমত এটা ভুৱা ৰাজহুৱা জাননী প্ৰচাৰ কৰা হৈছে।
এনটিএই ইয়াক গুৰুত্বসহকাৰে লৈছে আৰু প্ৰাৰ্থী, অভিভাৱক তথা সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰিবৰ বাবে প্ৰচাৰ কৰা এই ভুৱা জাননীৰ উৎসৰ অনুসন্ধান কৰি আছে। এনে জনস্বাৰ্থ বিৰোধী শক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব।
ইয়াৰ দ্বাৰা সকলো প্ৰাৰ্থী, অভিভাৱক আৰু সৰ্বসাধাৰণক জনোৱা হয় যে বৰ্তমানলৈকে এনে কোনো সিদ্ধান্ত এনটিএ অথবা সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই। এই সম্পৰ্কে কোনো বিপথে পৰিচালিত কৰিব পৰা সংবাদৰ ক্ষেত্ৰত সতৰ্ক থাকিবলৈ জনসাধাৰণক লগতে পৰামৰ্শ দিয়া হৈছে আৰু কেৱল আনুষ্ঠানিক ৱেবছাইট www.nta.ac.in আৰু ntaneet.nic.inত উপলব্ধ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈহে কোৱা হৈছে। এই ক্ষেত্ৰত এনটিএই ১১ মে' ২০২০ত গ্ৰহণ কৰা শেহতীয়া তথ্য এনটিএৰ ৱেবছাইট https://data.nic.ac.in/Download/Notice/Notice 20200511063520.pdfত উপলব্ধ।
প্ৰাৰ্থী, তেওঁলোকৰ অভিভাৱক আৰু সাধাৰণ জনতাক আকৌ এবাৰ www.nta.ac.in আৰু ntaneet.nic.inত শেহতীয়া তথ্যৰ বাবে চাবলৈ পৰামৰ্শ দিয়া হ'ল।
******
NB/AKJ/AK
(रिलीज़ आईडी: 1632192)
आगंतुक पटल : 213
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Punjabi
,
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Odia
,
Tamil
,
Telugu