কৃষি মন্ত্ৰালয়

উদ্যোগৰ সৈতে কৃষি-ভিত্তিক বনানীকৰণৰে জড়িত কৃষকক সংযুক্তকৰণ সম্পৰ্কীয় ৱে’বিনাৰ অনুষ্ঠিত

কৃষকৰ আয় বৃদ্ধিৰ লগতে কাৰ্বন নিৰ্মণৰ হাৰ সীমিতকৰণৰে জলবায়ু পৰিৱৰ্তনৰ গতিৰোধৰ ক্ষেত্ৰত কৃষি-ভিত্তিক বনানীকৰণৰ গুৰুত্বত আলোকপাত

কৃষি-ভিত্তিক বনানীকৰণৰ সৈতে ‘আমাৰ স্থানীয় উত্পাদনৰ পক্ষত সৰৱ হোৱা’ৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ বিশেষ প্ৰাসংগিকতা

Posted On: 15 JUN 2020 1:20PM by PIB Guwahati

ঔদ্যোগীক খণ্ডৰে কৃষি-ভিত্তিক বনানীকৰণৰে জড়িত কৃষকসকলক সংযুক্ত কৰাৰ লগতে খেতিৰ বাবে উপযুক্ত বীজ অথবা সঁচ পচন্দ কৰাৰ ক্ষেত্ৰত চৰকাৰে আগবঢ়োৱা সহযোগিতা সম্পৰ্কীয় আঁচনি ৰূপায়ণৰ বাবে বিশেষ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ১৩জুনত এক ৱেবিনাৰ অনুষ্ঠিত হৈ যায়। ৱেবিনাৰখন মুকলি কৰি কৃষি সমবায় আৰু কৃষক কল্যাণ বিভাগৰ সচিব শ্ৰী সঞ্জয় আগৰৱালে দেশৰ কৃষিখণ্ডত সম্পাদিত হোৱা বিভিন্ন সংস্কাৰমূলক পদক্ষেপসমূহৰ সন্দৰ্ভত বাখ্যা দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, দেশৰ কৃষিখণ্ডৰ উত্তৰণৰ লক্ষ্যৰে ১.৬৩লাখ কোটি টকাৰ পুঁজি আবণ্টিত কৰাৰ লগতে কৃষক ৰাইজে উতপাদন কৰা কৃষি সামগ্ৰীসমূহ নিজৰ পচন্দ অনুসৰি বেচিব পৰাকৈ আন্তঃৰাজ্যিক বাণিজ্যিক বাধানিষেধ আতঁৰাই আৰু ই-বাণিজ্যৰ সা-সুবিধা সম্বলিত এক বজাৰ-ব্যৱস্থা যুগুতাই তোলাৰ বাবে কৃষিজাত উত্পাদন আৰু বাণিজ্য (উত্তৰণ আৰু উপকৃতকৰণ)অধ্যাদেশ ২০২০জাৰি কৰি চৰকাৰে দেশত প্ৰকৃতাৰ্থতে এক ৰাষ্ট্ৰীয় বজাৰ-ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছে।

উদ্যোগৰ সৈতে কৃষি-ভিত্তিক বনানীকৰণৰে জড়িত কৃষকক সংযুক্তকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো তেওঁ বিশেষ বাখ্যা দাঙি ধৰে।

ইফালে, কৃষকৰ আয় বৃদ্ধিৰ লগতে কাৰ্বন নিৰ্মণৰ হাৰ সীমিতকৰণৰে জলবায়ু পৰিৱৰ্তনৰ গতিৰোধৰ ক্ষেত্ৰত কৃষি-ভিত্তিক বনানীকৰণৰ গুৰুত্ব সন্দৰ্ভতো আলোকপাত কৰে সচিবগৰাকীয়ে। প্ৰসংগক্ৰমে শ্ৰী আগৰৱালে, কৃষি-ভিত্তিক বনানীকৰণৰ সৈতে ‘আমাৰ স্থানীয় উত্পাদনৰ পক্ষত সৰৱ হোৱা’ৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ বিশেষ প্ৰাসংগিকতা থকাৰ কথাও বিশেষ ভাবে উল্লেখ কৰে

.*****

APS/SB/KB



(Release ID: 1632015) Visitor Counter : 217