স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কভিড-১৯ৰ শেহতীয়া তথ্য

ৰেমডেচিভিৰৰ স্থিতি

Posted On: 14 JUN 2020 3:39PM by PIB Guwahati

কভিড-১৯ৰ বাবে ক্লিনিকেল মেনেজমেণ্ট প্ৰটকলৰ অংশ হিচাপে ৰেমডেচিভিৰ ব্যৱহাৰ আৰু দেশত ইয়াৰ উপলব্ধতা সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

 

কভিড-১৯ৰ এক শেহতীয়া ক্লিনিকেল মেনেজমেণ্ট প্ৰটকল ১৩জুন, ২০২০ তাৰিখে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰে যত ৰেমডেচিভিৰক টচিলিজুমেবৰ অফ লেবেল ব্যৱহাৰ আৰু কনভালেচেণ্ট প্লাজমাৰ সৈতে কেৱল সীমিত জৰুৰীকালীন ব্যৱহাৰৰ উদ্দেশ্যে এক অনুসন্ধানমূলক থেৰাপী হিচাপে সংলগ্ন কৰা হৈছে।এই প্ৰটকলত এই কথাও স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এই থেৰাপীৰ ব্যৱহাৰ সীমিত উপলব্ধ প্ৰমাণৰ ওপৰত আধাৰিত আৰু বৰ্তমানে সীমিতভাৱে উপলব্ধ মধ্যম ৰোগীসকল(যিসকলক অক্সিজেন দি থকা যায়)কিন্তু বিশেষ প্ৰতিলক্ষণ নাই তেনেসকলৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে ৰেমডেচিভিৰৰ ব্যৱহাৰ বিবেচনা কৰা হৈছে ।

 

এই ঔষধবিধক এতিয়ালৈকে মাৰ্কিন খাদ্য আৰু ঔষধ প্ৰশাসনে(ইউ এছ এফ ডি এ) অনুমোদন জনোৱা নাই যদিও ভাৰতৰ দৰে দেশে কেৱল জৰুৰীকালীন ব্যৱহাৰৰ কৰ্তৃত্বৰে ইয়াক ব্যৱহাৰ কৰি আহিছে।

 

সন্দেহজনক নাইবা লেবৰেটৰীৰ জৰিয়তে নিশ্চিত হোৱা গুৰুতৰভাৱে অসুস্থ প্ৰাপ্তবয়স্ক আৰু শিশু কভিড-১৯ ৰোগীসকলৰ ক্ষেত্ৰতহে তলত দিয়া চৰ্তৰ ওপৰত ভিত্তি কৰি সীমিত জৰুৰী ব্যৱহাৰ কৰা হৈছে-প্ৰতিগৰাকী ৰোগীয়ে লিখিতভাৱে সন্মতি জনাব লাগিব, অতিৰিক্ত ক্লিনিকেল ট্ৰায়েলৰ ফলাফল জমা দিব লাগিব, এই ঔষধ প্ৰয়োগৰ পাছত কোনোধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া দেখা দিলে সেই বিষয়েও বিস্তাৰিতভাৱে জনাব লাগিব। বিদেশৰ পৰা আমদানি কৰা প্ৰথম তিনিটা বেটছৰ ওপৰত ঔষধ প্ৰয়োগ কৰি তাৰ প্ৰতিবেদন চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন(চিডিএছচিও)ৰ হাতত জমা দিব লাগিব।

 

ভাৰতীয় ঔষধ নিয়ন্ত্ৰণ সংস্থা চিডিএছচিওৰ ওচৰত ৰেমডেচিভিৰৰ আমদানি আৰু বিপণনৰ বাবে মেছাৰ্ছ গিলিডে ২৯মেত আৱেদন জনাইছিল। পৰিস্থিতি বিচাৰ বিবেচনা কৰি ১জুনত ৰোগীসকলৰ সুৰক্ষাৰ স্বাৰ্থত তথা  অন্যান্য তথ্য জমা দি এই ঔষধবিধ জৰুৰী ক্ষেত্ৰত ব্যৱহাৰৰ অনুমতি দিয়া হৈছে।

 

ভাৰতৰ ৬টা কোম্পানী মেছাৰ্ছ হেটেৰো, মেছাৰ্ছ চিপলা, মেছাৰ্ছ বি ডি আৰ, মেছাৰ্ছ জুবিল্যাণ্ট, মেছাৰ্ছ মাইলেন আৰু ডঃ ৰেড্ডিছ লেব-এ চি ডি এছ চি ও-ৰ ওচৰত এই দৰৱবিধ প্ৰস্তুত আৰু বিপণন কৰাৰ বাবে আৱেদন জনাইছিল। এই ছয় ভাৰতীয় সংস্থাৰ মাজৰ পৰা পাঁচটা সংস্থাই মেছাৰ্ছ গিলিডৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰে। চি ডি এছ চি ও-ৰ নিৰ্ধাৰিত নিয়ম পালন কৰি এই সংস্থাসমূহৰ ঔষধ প্ৰস্তুত সন্দৰ্ভত সকলো তথ্য বিবেচনা কৰা হব।যিহেতু ঔষধবিধ ইঞ্জেকচনৰ জৰিয়তে প্ৰয়োগ কৰা হব সেইবাবে ঔষধৰ উপাদানৰ শুদ্ধতা, বেক্টেৰিয়াজাত বিভিন্ন পৰীক্ষা-নিৰীক্ষা অতি গুৰুত্বপূৰ্ণ কাৰণ ৰোগীৰ সুৰক্ষাৰ বাবে চি ডি এছ চি ও-ই এই সংক্ৰান্তীয় তথ্যসমূহ সংগ্ৰহ কৰি ৰাখে। দেশত কেৱল জৰুৰী অৱস্থাতহে এই ঔষধ ৰোগীৰ শৰীৰত প্ৰয়োগৰ অনুমতি দিয়া হৈছে।

MV/KG



(Release ID: 1631832) Visitor Counter : 248