শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

সদস্যৰ দাবী পূৰণ খৰতকীয়া কৰিবলৈ কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ বিভাগ কৰ্মচাৰীৰ ভৱিষ্যনিধি সংস্থা (ইপিএফঅ')ই বিভিন্ন স্থানত আৰম্ভ কৰিছে নিষ্পত্তিকৰণ ব্যৱস্থাপনা

Posted On: 15 JUN 2020 5:42PM by PIB Guwahati

কোভিড-১৯ মহামাৰীৰ সময়ছোৱাত সমগ্ৰ দেশতে সেৱা প্ৰদানৰ মান একেই ৰখাৰ লগতে ইয়াৰ কৰ্মশক্তিৰ আশাব্যঞ্জক প্ৰয়োগ নিশ্চিত কৰিবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ইপিএফঅ'ই শেহতীয়াকৈ এক বহু-স্থানীয় দাবী নিষ্পত্তি কৰণ ব্যৱস্থাপনা আৰম্ভ কৰিছে। এই ব্যৱস্থাপনাৰ জৰিয়তে সমগ্ৰ দেশতে যিকোনো মাণ্ডলিক কাৰ্যালয়ৰ পৰা কৰা অনলাইন দাবীসমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত ইপিএফঅ' কাৰ্যালয়সমূহক সক্ষম কৰি এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন কৰা হৈছে। সকলো ধৰণৰ অনলাইন দাবী, যেনে ভৱিষ্যনিধি, পেন্সন, আংশিক উইথড্ৰৱেল, দাবী আৰু বদলিৰ দাবী আদি এই নতুন প্ৰচেষ্টাৰ জৰিয়তে কৰিব পৰা যাব।

 

কোভিড-১৯ সংকটে ইপিএফঅ'ৰ ১৩৫টা মাণ্ডলিক কাৰ্যালয়ক প্ৰভাৱিত কৰিছে যাৰ অৱস্থান অনুসৰি বিপৰ্যয়ৰ স্তৰ বেলেগ বেলেগ। এই কথা পৰিলক্ষিত হৈছে যে মুম্বাই, থানে, হাৰিয়ানা আৰু চেন্নাই মণ্ডলত থকা বহুতো কাৰ্যালয় কোভিড-১৯ মহামাৰীৰ ফলত ন্যূনতমমতকৈও কমসংক্ষক কৰ্মচাৰীৰে চলি আছে, কিন্তু তাত শেহতীয়াকৈ কোভিড-১৯ অগ্ৰিম প্ৰৱৰ্তন কৰাৰ ফলত, লাভ কৰা দাবী সামঞ্জস্যহীনভাৱে বৃদ্ধি পাইছে। পৰিণামস্বৰূপে, এই কাৰ্যালয়সমূহত নিষ্পত্তি নোহোৱাকৈ পৰি থকা দাবীৰ সংখ্যা অন্য কাৰ্যালয়সমূহৰ তুলনাত বাঢ়ি গৈছে, যাৰ ফলত দাবী নিষ্পত্তি কৰণ চক্ৰটো বিলম্বিত হৈ পৰিছে, ইয়াৰ বিপৰীতে ৫০% কৰ্মশক্তিৰে কাম কৰি থকা কাৰ্যালয়সমূহে শেহতীয়াকৈ প্ৰৱৰ্তিত স্বয়ং নিষ্পত্তি প্ৰক্ৰিয়াৰ সহায়ত কোভিড-১৯ অগ্ৰিমৰ ক্ষেত্ৰত দাবী নিষ্পত্তি কৰণৰ সময় ৩ দিনলৈ কমাই আনিব পাৰিছে।

 

দেশজুৰি দাবী নিষ্পত্তি কৰণ সম্পৰ্কীয়  কাৰ্য একে সময়তে সম্পন্ন কৰি বিলম্ব হোৱাটো হ্ৰাস কৰিবলৈ ইপিএফঅ'ই বহু-স্থানীয় দাবী নিষ্পত্তি কৰণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি বৰ্তমানৰ ভৌগোলিক এলেকা প্ৰণালীৰ পৰা আতৰি আহিছে। কোভিড-১৯ৰ বাধা-নিষেধবোৰৰ বাবে অধিক হাৰত নিষ্পত্তি নোহোৱাকৈ থকা কামৰ হেঁচা ভগাই লোৱাৰ ক্ষেত্ৰত ই কাৰ্যালয়সমূহক সুযোগ দিব। ই সমগ্ৰ দেশতে ইপিএফঅ'ৰ কৰ্মশক্তিৰ যথাযথ প্ৰয়োগৰ জৰিয়তে নিষ্পত্তি কৰণ প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিব।

 

ইয়াৰ সদস্যসকলৰ জীৱন নিৰ্বাহৰ অভিজ্ঞতা অধিক সহজ কৰি তুলিবলৈ এই প্ৰচেষ্টা এক অভিলেখপূৰ্ণ সময়ত গ্ৰহণ কৰা হৈছে। এই বাটকটীয়া প্ৰকল্পৰ অধীনত বহু-স্থানীয় দাবী নিষ্পত্তি কৰণৰ প্ৰথমটো খেপ ১০ জুন ২০২০ত গুৰুগ্ৰাম মণ্ডলত নিষ্পত্তি কৰা হয়। চণ্ডীগড়, লুধিয়ানা আৰু জলন্ধৰ কাৰ্যালয়ত নিয়োজিত ইপিএফঅ' কৰ্মচাৰীয়ে গুৰুগ্ৰাম মণ্ডল কাৰ্যালয়ত থকা কৰ্মচাৰীসকলৰ দাবীসমূহ নিষ্পত্তি কৰে। নিষ্পত্তি কৰণৰ পিছত গুৰুগ্ৰাম কাৰ্যালয়ৰ পৰা সদস্যৰ বেংক একাউণ্টলৈ ধন পৰিশোধ কৰা হয়। এই ব্যৱস্থাপনা আৰম্ভ হোৱাৰ লগে লগে, কণ্টেইনমেণ্ট জ'নত থকা কাৰ্যালয়সমূহৰ দাবীসমূহ খৰতকীয়া নিষ্পত্তি কৰণৰ বাবে অন্য স্থানত থকা কাৰ্যালয়সমূহলৈ বিতৰণ কৰা হয়। তদুপৰি, এই বহু-স্থানীয় দাবী নিষ্পত্তি কৰণ ব্যৱস্থাপনাৰ জৰিয়তে অধিক পৰিমাণৰ স্বচ্ছতা, দক্ষতা, সদস্যৰ ওজৰ-আপত্তি হ্ৰাস কৰাৰ লগতে অনলাইন দাবীৰ খৰতকীয়া নিষ্পত্তি কৰণৰ দিশত প্ৰধান মন্ত্ৰীৰ 'ডিজিটেল ইণ্ডিয়া'ৰ সৈতে সংগতি ৰাখিব বিচৰা হৈছে।

 

কোভিড-১৯ৰ বাধা-নিষেধৰ ফলত ইয়াৰ কাম-কাজত বিৰূপ প্ৰভাৱ পৰিলেও, ইপিএফঅ'ৰ বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলে তেওঁলোকৰ আত্মোৎসৰ্গা আৰু আশাসুধীয়া নতুন প্ৰচেষ্টাৰ জৰিয়তে ২০২০ৰ ১ এপ্ৰিলৰ পৰা প্ৰতিটো কৰ্মদিনত ৮০,০০০ৰো অধিক দাবী, ২৭০ কোটি টকা পৰিমাণৰ নিষ্পত্তি কৰিছে। বহু-স্থানীয় দাবী নিষ্পত্তি কৰণ ব্যৱস্থাপনাৰ জৰিয়তে ইপিএফঅ'ই এই সংকটৰ সময়ছোৱাত ৬ কোটিৰো অধিক গ্ৰাহকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰি সেৱা প্ৰদানৰ ক্ষেত্ৰত এক উচ্চ মানদণ্ড আহৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। 

******

RCJ/SKP/IA



(Release ID: 1631815) Visitor Counter : 196