বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

মুকলি কৰা হল স্বাস্থ্যসেৱা সৰবৰাহ শৃংখলাৰ বাবে এক ৱেব আধাৰিত সমাধান আৰোগ্যপথ ,যিয়ে প্ৰকৃত সময়ত প্ৰয়োজন হোৱা গুৰুত্বপূৰ্ণ চাহিদা পূৰণ কৰিব

Posted On: 13 JUN 2020 1:45PM by PIB Guwahati

প্ৰকৃত সময়ত প্ৰয়োজন হোৱা গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা যোগান ধৰাৰ লক্ষ্যৰে ১২জুন,২০২০ত চি এছ আই আৰ ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা যোগান শৃংখলা পৰ্টেল https://www.aarogyapath.in মুকলি কৰা হয়।আৰোগ্যপথ-এ উত্পাদক, যোগানকাৰী আৰু গ্ৰাহকক সেৱা আগবঢ়াব।কভিড-১৯ মহামাৰীৰ ফলত উদ্ভৱ হোৱা বৰ্তমানৰ ৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰী অৱস্থাৰ সময়ত যোগান শৃংখলাত মাৰাত্মক ব্যাঘাত জন্মিছে।ইয়াৰ ফলত গুৰুত্বপূৰ্ণ বস্তুসমূহৰ উত্পাদন আৰু বিতৰণৰ ক্ষমতা বিভিন্ন কাৰণত সংকটৰ সন্মুখীন হব পাৰে।এনেবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ এগৰাকী লোকক আৰোগ্য(স্বাস্থ্যৱান জীৱন)অভিমুখে লৈ যাবলৈ পথ দেখুওৱা ধাৰণা আগত ৰাখি আৰোগ্যপথ নামৰ তথ্য মঞ্চখনৰ বিকাশ কৰা হৈছিল।

স্বাস্থ্যসেৱা সম্বন্ধীয় মূল সামগ্ৰীসমূহ একে স্থানত উপলব্ধ কৰোৱা এই সংহত উমৈহতীয়া ৰাজহুৱা মঞ্চই গ্ৰাহকসকলে নিতৌ সন্মুখীন হোৱা বিভিন্নধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব। এই সমস্যসমূহৰ ভিতৰত হৈছে সীমিত যোগানকাৰীৰ ওপৰত নিৰ্ভৰশীল, ভাল গুণসম্পন্ন পণ্য চিনাক্তকৰণৰ সময় খৰচী প্ৰক্ৰিয়া, আকাংক্ষিত সময়ৰ ভিতৰত উচিত মূল্যত মানসম্পন্ন পণ্য দিব পৰা যোগানকাৰীৰ সীমিত প্ৰৱেশ, শেহতীয়া পণ্য মুকলি সন্দৰ্ভত সজাগ নোহোৱা আদি।

ইয়ে উত্পাদক আৰু যোগানকাৰীসকলক এক বৃহত্ পৰিসৰৰ গ্ৰাহকৰ ওচৰ চপোৱাত সহায় কৰে, তেওঁলোক আৰু সম্ভাব্য চাহিদা কেন্দ্ৰসমূহ যেনে ওচৰৰ পেথলজিকেল লেবৰেটৰী, ঔষধৰ বিপণী,চিকিত্সালয় আদিৰ মাজৰ যোগসূত্ৰৰ দূৰত্ব আঁতৰ কৰি।একেদৰে এই পৰ্টেলে গ্ৰাহকৰ বিস্তৃত সূচী আৰু উত্পাদনৰ বাবে দেখা দিয়া নতুন প্ৰয়োজনীয়তাৰ বাবে ব্যৱসায় বৃদ্ধি কৰাৰো সুযোগ সৃষ্টি কৰিব। সময়ৰ লগে লগে এই মঞ্চৰ জৰিয়তে এনালাইটিকছ উত্পাদনকাৰীসকলক তেওঁলোকৰ অধিক সক্ষমতা তথা সামগ্ৰীৰ হ্ৰাস পোৱা সন্দৰ্ভত আগতীয়া সংকেত দিব। ইয়ে অদক্ষ পূৰ্বানুমান আৰু অধিক উত্পাদনৰ বাবে হোৱা সম্পদৰ ক্ষয় হ্ৰাস কৰা, নতুন প্ৰযুক্তিৰ বাবে চাহিদা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব।

চিএছআইআৰ-এ আশা কৰিছে যে আগন্তুক বৰ্ষবোৰত আৰোগ্যপথ এখন পছন্দৰ ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা তথ্যসেৱা মঞ্চ হব যিয়ে ভাৰতবৰ্ষত স্বাস্থ্যসেৱা সামগ্ৰীসমূহ ৰোগীৰ অন্তিম সময়ত উন্নতভাৱে আৰু কম খৰচতে উপলব্ধ হৈ এক গুৰুত্বপূৰ্ণ দূৰত্বৰ অৱসান ঘটাব।

পৰ্টেলটো মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰী ৰাজেশ ভূষণে মুকলি কৰে। অনুষ্ঠানটোত সম্মানীয় অতিথিৰূপে উপস্থিত থাকে চিএছআইআৰৰ উপায়ুক্ত ডঃ শেখৰ চি মাণ্ডে, এম এছ এম ই মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী সুধীৰ গাৰ্গ, ফাৰ্মা খণ্ডৰ বিশেষজ্ঞ ডঃ বিজয় চৌথিয়াৱালে আদি।ডঃ শেখৰ মাণ্ডেই চিএছআইআৰ-আইআইপিৰ সঞ্চালক ডঃ অ্ঞ্জন ৰায়ৰ নেতৃতত আৰম্ভ হোৱা পৰ্টেলটোৰ বিকাশৰ সৈতে জড়িত চিএছআইআৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰে।এই পৰ্টেলটো সৰ্বোদয় ইনফোটেক আৰু প্ৰতিষ্ঠানিক ব্যৱহাৰকাৰীৰ অংশীদাৰীত্বত নিৰ্মাণ কৰা হৈছে আৰু স্বাস্থ্যসেৱাৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰী উত্পাদক/কৰ্তৃত্বশীল যোগানকাৰীসকলক পঞ্জীয়ন কৰা আৰু সক্ৰিয় ৰূপত কামত অংশগ্ৰহণৰ বাবে উত্সাহ যোগাইছে।

 

NB/KGS/KG



(Release ID: 1631483) Visitor Counter : 200