গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

৮১১.৬৯ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী মজুত আছে ভাৰতীয় খাদ্য নিগমৰ হাতত

আত্মনিৰ্ভৰ পেকেজৰ অধীনত মে’ আৰু জুন মাহত ৪৫.৬২ লাখ হিতাধিকাৰীক ২২,৮১২ মেট্ৰিক টন খাদ্য সামগ্ৰী বিতৰঁ কৰা হৈছে; ২,০৯২ মেট্ৰিক টন দাইলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা বিতৰণ কৰা হৈছে

পিকেজিকেএৱাইৰ অধীনত এপ্ৰিল-জুনত ১৬৪ কোটি হিতাধিকাৰীক ৮২.১৬ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে

Posted On: 12 JUN 2020 3:32PM by PIB Guwahati

মুঠ সংগৃহীত খাদ্যশস্যৰ পৰিমাণঃ-

১১.০৬.২০২০ৰ হিচাপ অনুসৰি ভাৰতীয় খাদ্য নিঘেঁহু(এফচিআই) হাতত ২,৭০,৮৯,০০০ মেট্রিকটন চাউল আৰু ৫,৪০,৮০,০০০ মেট্রিকটন ঘেঁহু মজুত আছে৷ অর্থা বর্তমান এফচিআইৰ হাতত মজুত আছে ৮,১১.৬৯ লাখ মেট্রিকটন খাদ্যশস্য। বর্তমান যিবোৰ ঘেঁহু আৰু ধান ক্ৰয় কৰা হৈছে, সেইবোৰৰ হিচাপ ইয়াত অন্তৰ্ভূক্ত হোৱা নাই। প্ৰতি মাহে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু অন্যান্য কল্যাণকামী আঁচনি অনুসৰি ৫৫ লাখ মেট্রিকটন খাদ্যশস্যৰ প্ৰয়োজন হয়।


লকডাউনৰ পাছৰে পৰা ১,১৭.৪৩ লাখ মেট্রিকটন খাদ্যশস্য ৪১৯৪খন ৰে’লৰ ৰেকৰ দ্বাৰা বিভিন্ন স্থানলৈ সৰবৰাহ কৰা হৈছে৷ ৰে’লপথৰ উপৰি পথ পৰিবহণ আৰু জলপথেৰেআৰু খাদ্যশস্য পৰিবহণ কৰা হৈছে৷ এই সময়ছোৱাত যোগান ধৰা মুঠ খাদ্যশস্যৰ পৰিমাণ ২,৪৫.২৩ লাখ মেট্রিকটন। ১৩খন জাহাজত ১৫,৫০০ মেট্রিকটন খাদ্যশস্য পৰিবহণ কৰা হৈছে। উত্তৰপূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ১১.৬৮ লাখ মেট্রিকটন খাদ্যশস্য যোগান ধৰা হৈছে৷


প্ৰব্ৰজিত শ্ৰমিকৰ বাবে খাদ্যশস্য বিতৰণঃ

(আত্মনির্ভৰ ভাৰত পেকেজ)

কেন্দ্ৰীয় চৰকাৰে আত্মনির্ভৰ ভাৰত পেকেজৰ জৰিয়তে কোটি প্ৰব্ৰজিত শ্ৰমিক, আৱদ্ধ পৰিয়াল আৰু দৰিদ্ৰতম পৰিয়ালসমূহৰ বাবে লাখ মেট্রিকটন খাদ্যশস্য বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে। এই লোকসকলৰ কোনোৱেই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অথবা ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আআৰুতাত নাছিল৷ চৰকাৰে সিদ্ধান্ত লৈছে যে মে’ আৰু জুন মাহত এওঁলোকৰ গাইপতি কেজিকৈ খাদ্যশস্য বিতৰণ কৰিব৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত  অঞ্চলসমূহত ৫.৪৮ লাখ মেট্রিকটন খাদ্যশস্য ইতিমধ্যে সংগ্ৰহ কৰিছে। এতিয়ালৈকে ৪৫.৬২ লাখ হিতাধিকাৰীৰ বাবে ২২.৮১২ মেট্রিকটন খাদ্যশস্য বিতৰণ কৰা হৈছে৷ মে’ মাহত ৪৫.৩২ লাখ আৰু জুন মাহত এতিয়ালৈকে ১০.৩০ লাখ হিতাধিকাৰী এই আঁচনিৰ সুবিধা লাভ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে ১.৯৬ কোটি প্ৰব্ৰজিত পৰিয়ালৰ বাবে ৩৯ হাজাৰ মেট্রিকটন দাইল আৱণ্টন কৰিছে। কোটি প্ৰব্ৰজিত শ্ৰমিক, আৱদ্ধ হৈ থকা তথা অভাৱগ্ৰস্ত পৰিয়ালক মে’ আৰু জুন মাহত পৰিয়ালে প্ৰতি  কেজি দাইল পাব৷ ৰাজ্যসমূহৰ চাহিদা অনুসৰি এই দাইল প্ৰদান কৰা হৈছে৷


ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ইতিমধ্যে ৩৩,৯১৬ মেট্রিকটন বুট অথবা দাইল যোগান ধৰা হৈছে৷ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত  অঞ্চলে ২৩,৭৩৩ মেট্রিকটন বুট সংগ্ৰহ কৰিছে। ইতিমধ্যে ,০৯২ মেট্রিকটন বুট বিতৰণ কৰা হৈছে৷ কেন্দ্ৰই এই আঁচনিৰ সকলো বিত্তীয় বোজা বহন কৰিবখাদ্যশস্যৰ বাবে ৩,১০৯ কোটি টকা আৰু বুটৰ বাবে ২৮০ কোটি টকা ব্যয় হ’ব৷


প্ৰধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনাঃ-

খাদ্যশস্য (চাউল / ঘেঁহু)

প্ৰধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত এপ্রিলৰ পৰা জুন মাহলৈকে ১.৪৩০ লাখ মেট্রিকটন চাউল আৰু ১৫.২০ লাখ মেট্রিকটন ঘেঁহুৰ প্ৰয়োজন। ইয়াৰ ভিতৰত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ৯৪.৭১ লাখ মেট্রিকটন চাউল আৰু ১৪.২০ লাখ মেট্রিকটন ঘেঁহু সংগ্ৰহ কৰিছে। এপ্রিল মাহত ৩৭ লাখ মেট্রিকটন খাদ্যশস্য (৯২%) ৭৪ কোটি হিতাধিকাৰীক, মে’ মাহত ৩৫.৮২ লাখ মেট্রিকটন খাদ্যশস্য (৯০%) ৭১.৬৪  কোটি হিতাধিকাৰীক আৰু জুন মাহত এতিয়ালৈকে .৩৪ লাখ মেট্রিকটন খাদ্যশস্য (২৩%) ১৮.৬৮ কোটি হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হৈছে৷ কেন্দ্ৰই এই আঁচনিৰ সম্পূৰ্ণ বিত্তীয় বোজা বহন কৰিছেযাৰ মুঠ পৰিমাণ ৪৬,০০০ কোটি টকা৷ পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, চণ্ডীগড় আৰু দিল্লী-এই ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ঘেঁহু আৰু বাকী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত  অঞ্চলসমূহৰ বাবে চাউল যোগান ধৰা হৈছে৷

দাইলঃ-
মাহৰ বাবে .৮৭ লাখ মেট্রিকটন দাইলৰ প্ৰয়োজন। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে সমগ্ৰ বিত্তীয় বোজা বহন কৰিছে। যাৰ মুঠ পৰিমাণ ৫০০০ কোটি টকা। এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক .৫০ লাখ মেট্রিকটন দাইল যোগান ধৰা হৈছে আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত  অঞ্চলসমূহৰ হাতত .৯১ লাখ মেট্রিকটন দাইল গৈ পাইছে। ইয়াৰে ভিতৰত ৩৬০০০ লাখ মেট্রিকটন দাইল বিতৰণ কৰা হৈছে৷ ১০ জুনলৈকে এফচিআইৰ হাতত ১১.৮৭ লাখ মেট্রিকটন দাইল মজুত আছে৷ ইয়াৰে ভিতৰত ৰহৰ দাইল .১২ লাখ মেট্রিকটন, মগু দাইল .৬০ লাখ মেট্রিকটন, বিউলিৰ দাইল .৩৮ লাখ মেট্রিকটন, বুট দাইল .৩০ লাখ মেট্রিকটন আৰু মচুৰদাইল ৪৭,০০০ মেট্রিকটন আছে৷

খাদ্যশস্য সংগ্ৰহঃ-

জুনলৈকে ৩৭৬.৫৮ লাখ মেট্রিকটন ঘেঁহু আৰু ৭৩৪.৫৮ লাখ মেট্রিকটন চাউল সংগ্ৰহ কৰা হৈছে৷

মুকলি বজাৰত বিক্রী আঁচনিঃ

মুকলি বজাৰত বিক্রী আঁচনিৰ অধীনত চাউলৰ দাম ২২ টকা কেজি দৰত আৰু ঘেঁহুৰ দাম ২১ টকা কেজি দৰ ধার্য কৰা হৈছে৷ এফচিআয়ে লকডাউনৰ সময়ছোৱাত .৫৭ লাখ মেট্রিকটন ঘেঁহু আৰু লাখ ৯০ হাজাৰ মেট্রিকটন চাউল এই আঁচনিৰ মাধ্যমেৰে মুকলি বজাৰত বিক্রী কৰিছে৷

 

****

APS/PK/MS/DB



(Release ID: 1631346) Visitor Counter : 189