ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
নাইপাৰ সঞ্চালকসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ’ল ৰসায়ণ আৰু সাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মান্দাভিয়া
গৱেষণা আৰু পৰীক্ষণমূলক কাম-কাজৰ জৰিয়তে নিজৰ সম্পদ সৃষ্টিত আত্মনিৰ্ভৰশীল হ’ব পাৰে নাইপাঃ মান্দাভিয়া
সকলোকে ফাৰ্মা সামগ্ৰীৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাগাৰ স্থাপন কৰাৰ পৰামৰ্শ মন্ত্ৰীৰ
নাইপাক কেৱল উন্নয়নৰ বাবে উৎপাদনৰ উপৰি বাণিজ্যিকীকৰণতো গুৰুত্ব দিবলৈ আহ্বান মান্দাভিয়াৰ
प्रविष्टि तिथि:
11 JUN 2020 4:16PM by PIB Guwahati
কেন্দ্রীয় সাৰ আৰু ৰসায়ন বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী মনসুখ মান্দাভিয়াই আজি ম’হালি, ৰায়বেৰেলী, হাজীপুৰ আৰু গুৱাহাটীৰ ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (নাইপাৰ)ৰ সঞ্চালকসকলৰ সৈতে আজি গৱেষণা আৰু উদ্ভাৱনমূলক কাম-কাজৰ পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধ যুঁজত নাইপাৰৰ ভূমিকা সম্পর্কেও বৈঠকত আলোচনা কৰা হয়৷
গৱেষণা আৰু পৰীক্ষামূলক কাম-কাজৰ জৰিয়তে নাইপাৰৰ নিজস্ব সম্পদ ব্যৱহাৰ কৰি প্ৰতিষ্ঠানটোক স্বয়ংসম্পূর্ণ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মান্দাভিয়াই৷ তেওঁ কয় যে নাইপাৰই কেৱল বিভিন্ন সামগ্ৰী উদ্ভাৱনৰ কামতে সীমাবদ্ধ থাকিলে নহ’ব, সেই সামগ্ৰী আৰু সেৱাসমূহৰ বাণিজ্যিকিকৰণৰ বিষয়টোও বিবেচনা কৰা উচিত বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়৷
মন্ত্রীগৰাকীয়ে বিভিন্ন ঔষুধপাতিৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে নাইপাৰৰ সকলো কেন্দ্রত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাগাৰ স্থাপন কৰাৰ পৰামর্শ আগবঢ়ায়, য’ত চৰকাৰী আৰু বেচৰকাৰী ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহৰ বাণিজ্যিক ভিত্তিত এই পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে, যাৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে উপাৰ্জনো কৰিব পাৰে৷
নাইপাৰৰ বিভিন্ন সঞ্চালকালয়ৰ সঞ্চালকসকলৰ কথা শুনি মন্ত্ৰীগৰাকীয়ে তেওঁৰ মতামত অৱগত কৰে৷ বৈঠকত ম’হালি, ৰায়বেৰেলী, গুৱাহাটী আৰু হাজীপুৰত নাইপাৰৰ কেন্দ্ৰসমূহে তেওঁলোকৰ গৱেষণা, উদ্ভাৱন আৰু ঔষধ উদ্যোগৰ শিক্ষাৰ বিষয়ে বিস্তৃতভাৱে সদৰি কৰে৷
*****
RCK/RKM/DB
(रिलीज़ आईडी: 1631133)
आगंतुक पटल : 225