স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মহাৰাষ্ট্ৰত ক’ভিড-১৯ প্ৰবন্ধনৰ শেহতীয়া পৰিস্থিতিৰ ভিডিঅ’ কন্ফাৰেন্সিং ব্যৱস্থাৰে বুজ ল’লে ড০ হৰ্ষ বৰ্দ্ধনে

Posted On: 11 JUN 2020 6:29PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে কভিড-১৯ৰ প্ৰতিৰোধ-প্ৰবন্ধনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী ৰাজেশ তোপে, চিকিত্সা শিক্ষামন্ত্ৰী শ্ৰী অমৃত দেশমুখ, অধিক হাৰত কভিড-১৯ আক্ৰান্ত মহাৰাষ্ট্ৰৰ জিলাসমূহৰ জিলাধাপতিসকলৰ সৈতে মিলিত হয়। সন্মিলনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেও উপস্থিত থাকে। আজিৰ আলোচনাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব শ্ৰীমতী প্ৰীতি সুড়ান, বিভাগটোৰ বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰী ৰাজেশ ভূষণৰ উপৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াবৰ্গয়ো ভাগ লয়।

মহাৰাষ্ট্ৰৰ ৩৬খন জিলাই কভিড -১৯ৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুম্বাই,  থানে, পুনে, নাছিক, পালঘৰ, নাগপুৰ আৰু ঔৰংগাবাদ জিলাৰ পৰিস্থিতি সন্দৰ্ভত বিষয়া-বৰ্গৰে ব্যক্তিগতভাবে মত-বিনিময় কৰে। অৱশ্যে, ৰাজ্যখনৰ কেউখন জিলাৰ বিষয়াবৰ্গই ভিডিঅ কনফাৰেন্সত অংশ গ্ৰহণ কৰিছিল।

সন্মিলনৰ আৰম্ভণীতে এনচিডিচিৰ সঞ্চালক ড০ এছ কে সিঙে মহাৰাষ্ট্ৰৰ অধিক হাৰত কৰোনা আক্ৰন্ত, অধিক হাৰত মৃত্যু হোৱা, অধিক হাৰত সংক্ৰমণ হোৱা, কম সময়ত আক্ৰান্তৰ হাৰ দুগুণ হোৱা আৰু আক্ৰান্তৰ নমুনা পৰীক্ষণত আটাইতকৈ পচ পৰি ৰোৱা জিলাকেইখনৰ যাৱতীয় তথ্যৰে এক সমীক্ষা দাঙি ধৰে। সঞ্চালকগৰাকীৰ প্ৰতিবেদনত সংশ্লিষ্ট জিলাসমূহত থকা চিকিত্সা আন্তঃগাঁথনি, বিশেষ তদৰকীৰ প্ৰয়োজন হোৱা প্ৰসংগসমূহৰ লগতে প্ৰবন্ধন উন্নতকৰণ সম্পৰ্কীয় তথ্যৰো আলোচনা দাঙি ধৰে।

সন্মিলনত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে কণ্টেইনমেণ্ট জনত কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ কথাটোত তত্কালীন ভাবে মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে। সেইদৰে, ঘন জনবসতিপূৰ্ণ এলেকাত সহজে সংক্ৰমিত হব পৰা বিষয়সমূহ চিনাক্ত কৰি খৰটকীয়াভাবে এই বিষয়সমূহৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাতো তেওঁ গুৰুত্ব আৰোপ কৰে। ইফালে, চিকিত্সা আন্তঃগাঁথনিৰ অধিক উন্নয়ণ প্ৰসংগত মন্তব্য কৰি ড০ বৰ্দ্ধনে ৰাজ্যখনত আইচিইউ ব্যৱস্থা, ভেণ্টিলেটৰ আৰু নমুনা পৰীক্ষণ পৰীক্ষাগাৰৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰসংগত যথোচিত গুৰুত্ব প্ৰদান কৰিবলৈ সংশ্লিষ্টসকলক পৰামৰ্শ দিয়ে।

প্ৰসংগক্ৰমে, তেওঁ তথ্য দাঙি ধৰি কয় যে, নমুনা পৰীক্ষণৰ বাবে পৰীক্ষাগাৰসমূহৰ সংখ্যা বৃদ্ধি কৰি আজিৰ তাৰিখত আমি চৰকাৰী খণ্ডত ৬০২ টা আৰু ব্যক্তিগত খণ্ডত ২৩৫টা পৰীক্ষাগাৰৰে সামগ্ৰীক ভাবে দেশৰ পৰীক্ষাগাৰৰ সংখ্যা ৮৩৭টালৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছো। এইসমূহৰ পৰীক্ষাগাৰৰ সুবাদত আজিৰ তাৰিখত আমি সামগ্ৰীকভাবে ৫২,১৩,১৪০টা নমুনাৰ পৰীক্ষণ সম্পন্ন কৰিছো। শেহতীয়া ২৪ঘণ্টাত এই সংখ্যা আছিল ১,৫১,৮০৮টা। একে প্ৰসংগতে তেওঁ ১৩৬লাখতকৈয়ো অধিক এন-৯৫ মাস্ক আৰু ১০৬ লাখতৈয়ো অধিক পিপিই কিট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বিতৰণ কৰাৰো তথ্য দাঙি ধৰে।

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

 

****

MV/SK/SG/KB



(Release ID: 1631022) Visitor Counter : 177