উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

মোডী চৰকাৰ ২.০ৰ বৰ্ষপূৰ্তিত ড’নাৰ মন্ত্ৰালয়ৰ সাফল্যৰ খটিয়ান দাঙি ধৰা পুস্তিকা আৰু ইয়াৰ ‘ই-তাঙৰণ’ মুকলি কৰিলে ড০ জিতেন্দ্ৰ সিঙে

উন্নয়ণ আৰু ক’ৰোনা প্ৰবন্ধনৰ ক্ষেত্ৰত অনুকৰণীয় আৰ্হিত পৰিণত হৈছে উত্তৰ-পূৰ্বাঞ্চল

২০১৯-২০বিত্তীয় বৰ্ষৰ বাবে আবণ্টিত ১০০শতাংশ পুঁজিৰ ব্যয় কৰি কৃতিত্ব দেখুওৱা ড’নাৰ মন্ত্ৰালয়ক অভিনন্দন ড০ সিঙৰ

Posted On: 06 JUN 2020 5:08PM by PIB Guwahati

মোডী চৰকাৰ ২.০ৰ প্ৰথম বৰ্ষপূৰ্তিত উত্তৰ পূৰ্বাঞ্চল বিকাশ মন্ত্ৰালয় চমুকৈ নাৰ মন্ত্ৰালয়ৰ সাফল্যৰ খটিয়ান দাঙি ধৰি প্ৰকাশ কৰা এখন পুস্তিকাৰ লগতে ইয়াৰ ই-তাঙৰণখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিভাগটোৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি তথা পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। উন্মোচনী সভাত নাৰ মন্ত্ৰালয়ৰ সচিবগৰাকীৰ লগতে বিভাগটোৰ জ্যেষ্ঠ বিষয়া-বৰ্গয়ো অংশগ্ৰহণ কৰে। তদুপৰি উত্তৰ-পূব পৰিষদৰ সচিবগৰাকীৰ লগতে অন্যান্য বিষয়াবৰ্গয়ো শ্বিলঙৰ পৰা ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠানত বিশেষ ভাবে ভাগ লয়।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001EA8E.jpg

 

এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰী ড০ সিঙে কয়, উন্নয়ণ আৰু ক’ৰোনা প্ৰবন্ধনৰ ক্ষেত্ৰত অনুকৰণীয় আৰ্হিত পৰিণত হৈছে উত্তৰ-পূৰ্বাঞ্চল। বিগত ছটা বছৰত অঞ্চলটোৱে যিটো হাৰত প্ৰগতি কৰিছে সেয়া নিতান্তই প্ৰশংসাযোগ্য’। ইফালে, শেহতীয়া ভাবে ক’ৰোনা প্ৰবন্ধনৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাজ্যকেইখনে প্ৰদৰ্শন কৰা ততপৰাতাৰ উপৰি ‘লকডাউন’ পৰ্যায়ৰ পিচত নিয়মীয়া কাম-কাজলৈ উভতি অহাৰ ক্ষেত্ৰতো অঞ্চলটোৱে দেখুওৱা পাৰদৰ্শীতা সমগ্ৰ দেশৰ বাবেই অৰ্হি হ’ব পৰা বিধৰ। শেহতীয়া ছটা বছৰত অঞ্চলটোৰ প্ৰতি স্বয়ং প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰাথমিকতা আৰু বিশেষ মনোযোগৰ সুবাদতে অঞ্চলটোলৈ উন্নয়নৰ ন-জোৱৰ আহিবলৈ ধৰিছে বুলিও ড০ সিঙে মন্তব্য কৰে।

প্ৰসংগক্ৰমে তেওঁ, ২০১৯-২০বিত্তীয় বৰ্ষৰ বাবে আবণ্টিত ১০০শতাংশ পুঁজিৰ ব্যয় কৰি কৃতিত্ব দেখুওৱা ‘ড’নাৰ’ মন্ত্ৰালয়ক অভিনন্দন জনায়। তেওঁ শেহতীয়া বছৰচেৰেকৰ ভিতৰত অঞ্চলটোত স্থলপথ, ৰে’ল পথ তথা বিমান পৰিবহণৰ লক্ষ্যণীয় বিকাশ সাধন হৈছে বুলি দাবী কৰে। ক’ভিড-য়ে সৃষ্টি কৰা পৰিস্থিতিৰ মাজতো অঞ্চলটোলৈ পাৰ্চেল সেৱাৰ লগতে কাৰ্গো বিমানৰ জৰিয়তে ৪০০মেট্ৰিক টনৰো অধিক পৰিমাণৰ সামগ্ৰী সৰবৰাহ কৰা হৈছিল বুলি উল্লেখ কৰে ড০ সিঙে।  

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image002QHA7.jpg

 

শেহতীয়া এটা বছৰত উত্তৰ-পূৰ্বাঞ্চলত লক্ষণীয় হাৰত বিকাশ কাৰ্যক্ৰমে প্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰা মন্ত্ৰীগৰাকীয়ে কয়, আন্তঃগাঁথনি নিৰ্মাণ, শক্তি আৰু অন্যান্য খণ্ডত বিশেষ প্ৰকল্প ৰূপায়ণৰ বাবে ৫৩,৩৭৪ কোটি টকাৰ পুঁজিৰ অনুমোদন জনোৱা হৈছে। ইফালে ৰেল বিভাগৰ তৰফৰ পৰা অতিৰিক্ত ভাবে ৪৭৪৫ কোটি টকাৰ পুঁজি আবণ্টিত কৰিছে বিভিন্ন প্ৰকল্প ৰূপায়ণৰ লক্ষ্যৰে।

<><><><><>

VG/SNC/KB



(Release ID: 1630545) Visitor Counter : 200