বিত্ত মন্ত্ৰালয়

ক’ভিড জৰুৰীকালীন ঋণ সুবিধাই কেৱল এমএছএমইকেই নহয়, বৰঞ্চ সকলো কোম্পানীকেই সামৰি লৈছে। - বিত্তমন্ত্ৰী

Posted On: 08 JUN 2020 6:29PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু ক’ৰ্পোৰেট মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে আজি কয় যে ক’ভিড জৰুৰীকালীন ঋণ সুবিধাই কেৱল এমএছএমইকেই নহয় বৰঞ্চ সকলো ধৰণৰ কোম্পানীকেই সামৰি লয়। ফিক্কিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতিৰ সদস্যসকলক সম্বোধন কৰি শ্ৰীমতী সীতাৰমণে ভাৰতীয় ব্যৱসায়ক আৱশ্যকীয় সম্বল প্ৰদান কৰিবলৈ আৰু অৰ্থব্যৱস্থালৈ নতুন জীৱন কঢ়িয়াই অনাৰ উদ্দেশ্যেৰে উদ্যোগ জগতক যথাসম্ভৱ সকলোধৰণৰ সহায়তাৰ আশ্বাস প্ৰদান কৰিছে। ইয়াৰ লগতে তেওঁ কয়, ‘যদিহে আপোনালোকৰ কোনো সদস্যৰ কোনোধৰণৰ সমস্যা হয়, তেন্তে আমি তেওঁলোকক সম্বল দিবলৈ/আৱশ্যকীয় উপায় প্ৰদান কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।”

 

তাৰল্য বা নগদ ধনৰ প্ৰবাহ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীয়ে কয়, “আমি তাৰল্যৰ বিষয়টো সুন্দৰভাৱে সমাধান কৰি দিছো। নিশ্চিত ৰূপতে নগদী প্ৰবাহ উপলব্ধ আছে। যদিহে এতিয়াও এয়া এক বিচাৰ্য বিষয় হৈয়েই আছে, তেন্তে আমি ইয়াৰ ওপৰত আলোচনা কৰিম।” শ্ৰীমতী সীাতাৰমণে লগতে এয়াও কয় যে প্ৰতিটো চৰকাৰী বিভাগৰ পৰা বকেয়া ধনৰাশি আদায় কৰিবৰ বাবে ইতিমধ্যেই নিৰ্দেশ দিয়া হৈছে আৰু কোনো বিভাগে যদিহে কোনো সমস্যাৰ সমূখীন হৈছে তেন্তে সেয়া শীঘ্ৰেই সমাধানৰ ব্যৱস্থা কৰা হ’ব।

বিত্তমন্ত্ৰীয়ে লগতে এই কথাও কয় যে চৰকাৰে নতুন বিনিয়োগৰ ওপৰত ১৫% কৰ্প’ৰেট কৰৰ লাভ আহৰণ কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ ওপৰত চিন্তা চৰ্চাও কৰিব। শ্ৰীমতী সীতাৰমণে কয়, “এই সন্দৰ্ভত কি ব্যৱস্থা হাতত ল’ব পাৰি সেই বিষয়ে মই বিশেষ গুৰুত্ব সহকাৰে চিন্তা কৰিম। আমি বিচাৰো যে উদ্যোগ জগতে নতুন বিনিয়োগত ১৫ শতাংশ কৰ্প’ৰেট কৰৰ দৰৰ পৰা লাভান্বিত হওঁক আৰু মই ৩১ মাৰ্চ, ২০১৩ ৰ সময়সীমাৰ বিস্তাৰৰ ওপৰত বিচাৰ কৰা সন্দৰ্ভত আপোনালোকে কোৱা কথাবোৰ মই টোকাভুক্ত কৰিছো।”

বিত্তমন্ত্ৰীয়ে উদ্যোগ জগতক কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয় বা ছেবিৰ সময়সীমাৰ সৈতে সম্বন্ধিত নিজ নিজ অনুমোদন সাজু কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে, যাতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়।

অৰ্থব্যৱস্থা বেয়াকৈ প্ৰভাৱিত হোৱা খণ্ডবোৰত জিএছটি দৰ হ্ৰাস কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত তেওঁ কয়, “জিএছটি দৰ হ্ৰাস কৰা বিষয়টো পৰিষদৰ ওচৰলৈ যাব। কিন্তু পৰিষদে ৰাজহ সংগ্ৰহৰ দিশবোৰৰো চিন্তা কৰিব লাগিব। যিকোনো খণ্ডৰ বাবে জিএছটি দৰ হ্ৰাস কৰিবৰ বাবে গ্ৰহণ কৰিবলগীয়া নিৰ্ণয় পৰিষদেই ল’ব লাগিব।”

বিত্ত তথা ৰাজহ সচিব শ্ৰী অজয় ভূষণ পাণ্ডেই ফিক্কিৰ সদস্যসকলক জনাইছে যে কোম্পানীবোৰৰ আয়কৰ ৰিফাণ্ডৰ কামবোৰো আৰম্ভ হৈ গৈছে আৰু বিগত কেইটামান সপ্তাহত ৩৫,০০০ কোটি টকাৰ আইটি ৰিফাণ্ড কৰা হৈছে।

এই বৈঠকতে অৰ্থনৈতিক পৰিক্ৰমা সচিব শ্ৰী তৰুণ বাজাজ, কৰ্প’ৰেট পৰিক্ৰমা সচিব শঅৰী ৰাজেশ বাৰ্মা আৰু বিত্তীয় সেৱা বিভাগৰ সচিব শ্ৰী দেবাশীষ পাণ্ডাও উপস্থিত থাকে।

ফিক্কিৰ অধ্যক্ষ ডা. সংগীতা ৰেড্ডীয়ে বিত্তমন্ত্ৰীক কৈছে যে ক’ভিড-১৯ ৰ প্ৰভাৱৰ পৰা উদ্ধাৰ পাবলৈ ঘোষণা কৰা বিভিন্ন উপায় কাৰ্যকৰী কৰিবলৈ সহযোগ কৰিবৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ সৈতে তেওঁলোকৰ সদায়েই থাকিব ঘনিষ্ঠ সম্পৰ্ক। ডাঃ ৰেড্ডীয়ে কয়, ফিক্কিয়ে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ সৈতে কাৰ্যকৰীভাৱে ক্ষীপ্ৰতা আনিবৰ বাবে চৰকাৰৰ সৈতে কাম কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ।”

****

RM/RD



(Release ID: 1630396) Visitor Counter : 305