বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিজ্ঞানৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰে ক’ভিড-১৯ৰ বাবে গৱেষণাৰ প্ৰস্তাৱ আহ্বান

Posted On: 05 JUN 2020 3:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ৪ জুন, ২০২০ত ভাৰত-অষ্ট্ৰেলিয়া নেতৃবৰ্গৰ ভাৰ্চুৱেল সন্মিলনৰ সময়ত ২০২০ চনত ক’ভিড-১৯ৰ সন্দৰ্ভত এক বিশেষ যুটীয়া সহযোগিতাৰ বিষয়ে ঘোষণা কৰে৷

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ(ডিএছটি), বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয় আৰু অষ্ট্ৰেলিয়াৰ উদ্যোগ, বিজ্ঞান, শক্তি আৰু সম্পদ বিভাগে(ডাইছেৰ) উভয় চৰকাৰৰ দ্বাৰা পূঁজি বিনিয়োগেৰে বিজ্ঞানৰ ক্ষেত্ৰত যুটীয়াভাৱে ভাৰত-অষ্ট্ৰেলিয়া কৌশলগত গৱেষণা পূঁজি (এআইএছআৰএফ)ৰ অধীনত আগ্ৰহী বৈজ্ঞানিক আৰু গৱেষকসকলৰ পৰা ক’ভিড-১৯ সম্পৰ্কীয় যুটীয়া গৱেষণা প্ৰকল্পৰ আহ্বান জনাইছে৷

গৱেষণাৰ প্ৰস্তাৱসমূহত এণ্টিভাইৰেল ক’টিংছ, অন্য প্ৰতিৰোধমূলক প্ৰযুক্তি, ডাটা বিশ্লেষণ, মডেলিং, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ আৰু পৰীক্ষা আৰু চিকিসা পৰীক্ষণৰ সন্দৰ্ভত অগ্ৰাধিকাৰমূলক ক্ষেত্ৰসমূহত গুৰুত্ব আৰোপ কৰিব লাগিব৷ প্ৰকল্পৰ সময় সৰ্বাধিক ১২ মাহ যদিও ৬ মাহ অতিৰিক্ত বৃদ্ধি কৰিব পাৰিব৷

এই অনুদান সূযোগৰ উদ্দেশ্য হৈছে ক’ভিড-১৯ মহামাৰী ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীত স্পষ্ট ফলাফলৰ লগতে হস্ৰম্যাদী সহযোগিতাপূৰ্ণ প্ৰকল্পত বিত্ত যোগান ধৰা৷ এই অনুদান সূযোগৰ জৰিয়তে ভাৰত আৰু অষ্ট্ৰেলিয়াই দুয়োখন দেশত ক’ভিড-১৯ সম্পৰ্কীয় ভেকচিন, চিকিসা শাস্ত্ৰ আৰু নিদানৰ দৰে ক্ষেত্ৰত আৰু পৰস্পৰ লাভজনক প্ৰকল্পত বৰ্তমান কৰি থকা মুখ্য গৱেষণা সংস্থাসমূহৰ লগতে উদ্যোগসমূহকো একেলগ কৰিব, যাৰ ফলস্বৰূপে ক’ভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ বাবে বিশ্ব পৰ্যায়ত কৰি থকা কাম-কাজ যোগদান দিব পাৰে৷

এই সম্পৰ্কে সবিশেষ onlinedst.gov.inত উপলব্ধ৷ অলনাইন আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ ২ জুলাই, ২০২০৷

 

*****

SNC/KGS/(DST)/DB



(Release ID: 1629799) Visitor Counter : 247