আয়ুষ

ডিজিটেল মঞ্চৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২০ উদযাপন

“মোৰ জীৱন – মোৰ যোগভ্যাস” বিশ্বভিত্তিক ভিডিঅ’ ব্লগিং প্ৰতিযোগিতা

Posted On: 05 JUN 2020 4:41PM by PIB Guwahati

সাস্থ্যক্ষেত্ৰত সৃষ্টি হোৱা জৰুৰী অৱস্থালৈ লক্ষ্য ৰাখি এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ডিজিটেল মঞ্চৰ যোগেদি সমগ্ৰ বিশ্বতে উদযাপন কৰিবলৈ লোৱা হৈছে। আজি আয়ুস মন্ত্ৰালয়ৰ লগত যুটীয়াভাৱে এখন সংবাদমেল আয়োজন কৰি ভাৰতীয় সাংস্কৃতিক সংযোগ পৰিষদ (আইচিচিআৰ)ৰ সভাপতি ড০ বিনয় সশস্ত্ৰবুদ্ধিয়ে এই কথা ঘোষণা কৰে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত বিশ্ব মহামাৰীৰে মোকাবিলা কৰিব পৰাকৈ ব্যক্তিগত প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে সমাজখনক শক্তিশালী কৰিবৰ বাবে যোগভ্যাসৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হব। সংবাদমেলত আয়ুস মন্ত্ৰালয়ৰ সচিৱ বৈদ্য ৰাজেশ কোটেচাও উপস্থিত আছিল।

ভিড-১৯ ৰ উচ্চ সংক্ৰংমণ ক্ষমতালৈ লক্ষ্য কৰি এইবাৰ জনসমাৱেশ ঘটিবলৈ দিয়া নহয় আৰু আয়ুস মন্ত্ৰালয়ে সকলোকে নিজৰ ঘৰতে থাকি পৰিয়ালৰ সৈতে যোগভ্যাস কৰিবলৈ আহ্বান জনাইছে। ড০ বিনয় সশস্ত্ৰবুদ্ধিয়ে সংবাদমেলত কয় য়ে প্ৰধানমন্ত্ৰীয়ে মোৰ জীৱনমোৰ যোগভ্যাসবিশ্বভিত্তিক ভিডিঅ ব্লগিং প্ৰতিযোগিতাত সকলোকে অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ জৰিয়তে জনসাধাৰণক যোগভ্যাস কৰিবলৈ অনুপ্ৰণিত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২০ ত সকলোৰে সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে।

অনুষ্ঠানত আয়ুস মন্ত্ৰালয়ৰ সচিৱ বৈদ্য ৰাজেশ কোটেচাই কয় যে প্ৰধানমন্ত্ৰীয়ে কৰা এই ঘোষণাই অসাধাৰণ কৌতূহল তথা সঁহাৰি লাভ কৰিছে। আয়ুস মন্ত্ৰালয় নিশ্চিত যে এই আগ্ৰহে সুস্বাস্থ্য গঢ়াত আৰু কভিড-১৯ ৰ এই সংকটকালত এক যোগাত্মক পৰিৱেশ গঢ়ি তোলাত প্ৰভূত অৰিহণা যোগাব। ই বিশ্বভিত্তিত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত যোগভ্যাসৰ প্ৰভাৱ সম্পৰ্কে জনসচেতনতাৰ সৃষ্টি কৰিব। তেওঁ কয় যে সকলো যোগ প্ৰতিষ্ঠান, কেন্দ্ৰ, ষ্টুডিঅ আদি চেনিটাইজ কৰা হৈছে।

ভিডিঅ ব্লগিং প্ৰতিযোগিতা MyGov.gov.in অকে ধৰি কেইবাটাও ডিজিটেল মঞ্চৰ যোগেদি আৰম্ভ কৰা হৈছে আৰু ১৫ জুন ২০২০ তাৰিখে ইয়াৰ সমাপ্তি ঘটিব আৰু তাৰ পিছতেই বিচাৰকে বিজয়ী ঘোষণা কৰিব। তিনিটা পৰ্যায়ত হবলগীয়া এই প্ৰতিযোগিতা ১৮ বছৰৰ তলৰ সকলৰ বাবে, ১৮ বছৰৰ ওপৰৰ সকলৰ বাবে আৰু পেচাগত যোগভ্যাসকাৰী সকলৰ বাবে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত পৃথককৈ মুঠ ছটা শাখাত  অনুষ্ঠিত হব। ভাৰতীয় প্ৰতিযোগীৰ বাবে প্ৰথম, দিতীয় আৰু তৃতীয় পুৰস্কাৰৰ মূল্য ক্ৰমে ১ লাখ, ৫০,০০০ আৰু ২৫,০০০ টকাকৈ ধাৰ্য কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীৰ বাবে প্ৰথম, দিতীয় আৰু তৃতীয় পুৰস্কাৰৰ মূল্য ক্ৰমে ২৫,০০০, ১৫,০০০ আৰু ১০,০০০ মাৰ্কিন ডলাৰকৈ ধাৰ্য কৰা হৈছে।

আইচিচিআৰৰ সঞ্চালক প্ৰধান শ্ৰী ডীনেশ পট্টনায়ক, আয়ুস মন্ত্ৰালয়ৰ যুটীয়া সচিৱ শ্ৰী পি এন ৰঞ্জিত কুমাৰ এই সংবাদমেলত উপস্থিত থাকে আৰু সাংবাদিকসকলৰ মাজত প্ৰতিৰক্ষা সঁজুলি বিতৰণ কৰে।

*****

 

MV/SK/PRK



(Release ID: 1629794) Visitor Counter : 201