স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰু স্বাস্থ্য মন্ত্ৰীৰ সৈতে ক’ভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতি আৰু ইয়াৰ প্ৰবন্ধনৰ সমীক্ষা কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

‘সংক্ৰমণ-পৰীক্ষণৰ পৰিসৰ বৃদ্ধি কৰা, তীব্ৰ সতৰ্কতা গ্ৰহণ কৰা, সংস্পৰ্শলৈ অহাসকলৰ অনুসন্ধান কৰা আৰু কঠোৰতাৰে আক্ৰান্ত এলেকা আবদ্ধ কৰাত গুৰুত্ব দিব লাগিব দিল্লীয়ে’

Posted On: 04 JUN 2020 4:47PM by PIB Guwahati

যিটো হাৰত দিল্লীত সংক্ৰমণ আৰু মৃতকৰ হাৰ বাঢ়িছে, এনে পৰিস্থিতিত সংক্ৰমণ-পৰীক্ষণৰ পৰিসৰ বৃদ্ধি কৰা, তীব্ৰ সতৰ্কতা গ্ৰহণ কৰা, সংস্পৰ্শলৈ অহাসকলৰ অনুসন্ধান কৰা আৰু কঠোৰতাৰে আক্ৰান্ত এলেকা আবদ্ধ কৰাত গুৰুত্ব দিব লাগিব দিল্লীয়ে’। আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে দিল্লীৰ ক’ভিড-১৯ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ সমীক্ষা কৰাৰ সময়ত এই অভিমত ব্যক্ত কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে। সমীক্ষা সভাত মন্ত্ৰীগৰাকীৰ সৈতে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী অনিল বৈজাল আৰু দিল্লী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী সত্যেন্দ্ৰ জৈন উপস্থিত থাকে।

শেহতীয়া ভাবে কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীৰ প্ৰতিখন জিলাই কভিড-১৯ৰে চিন্তনীয়ভাবে প্ৰভাৱিত হোৱাৰ পৰিপ্ৰেক্ষিতত ড০ বৰ্দ্ধনে কয়, ‘সংক্ৰমণৰ বৰ্দ্ধিত হাৰ, ক’ভিড-আক্ৰান্তৰ ক্ৰমবৰ্দ্ধমান গতি আৰু ভাইৰাছৰ উপস্থিতি নিৰুপণ কৰা পৰীক্ষণৰ তেনেই কম হাৰ, আক্ষৰিক অৰ্থতে চিন্তণীয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। যিসময়ত দিল্লীৰ প্ৰতি নিযুত ব্যক্তিৰ পৰীক্ষণৰ বিপৰীতে ক’ভিড আক্ৰন্তৰ গড় হাৰ ২০১৮গৰাকী, সেইসময়ত কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰতি নিযুত পৰীক্ষণৰ বিপৰীতে আক্ৰন্তৰ গড় হাৰ ৫১৭ আৰু দাক্ষিণাত্যত এই হাৰ আকৌ মাত্ৰ ৫০৬গৰাকী। যোৱা সপ্তাহটোত দিল্লীত সমগ্ৰীক ভাবে গড় আক্ৰান্তৰ হাৰ ২৫.৭শতাংশ আছিল যদিও কেতবোৰ জিলাত কিন্তু এই হাৰ ৩৮শতাংশ পৰ্যন্ত বুলি নিশ্চিত কৰা হৈছিল। তদুপৰি, বৃহত সংখ্যক স্বাস্থ্য-কৰ্মীয়ো আক্ৰান্ত হোৱা কথাই স্বাভাৱিকতেই সকলোকে চিন্তিত কৰি তুলিছে। এই কথাই পৰিস্থিতি চম্ভালাৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণত অধিক সতৰ্ক হোৱাৰ প্ৰাসংগিকতাকে প্ৰতিপন্ন কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে, ৰোগ পৰীক্ষণ ব্যৱস্থাৰ তত্কালীন সম্প্ৰসাৰণৰ লগতে সামগ্ৰীক ভাবে চিকিত্সা আন্তঃগাঁথনি আৰু কটভিড-১৯ আক্ৰান্তক যথোচিত ভাবে চিকিত্সা আগবঢ়াব পৰাকৈ ঔষধ প্ৰবন্ধনৰ বিশেষ ব্যৱস্থা তড়িত গতিৰে উপলব্ধ কৰোৱাত গুৰুত্ব আৰোপ কৰে।

****

MV/SK/KB



(Release ID: 1629487) Visitor Counter : 189