মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী আৰু ৰাজ্যিক গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীয়ে আজি নতুন দিল্লীত যুটীয়াভাৱে সমগ্ৰ দেশৰ বাবে ইউএলবিৰ সৈতে মুকলি কৰিলে টিউলিপ শীৰ্ষক এক ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী

Posted On: 04 JUN 2020 3:45PM by PIB Guwahati

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংক’ আৰু ৰাজ্যিক গৃহ তথা নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদ্বীপ এছ পুৰীয়ে যুটীয়াভাৱে সমগ্ৰ দেশতে নগৰৰ স্থানীয় সংস্থা (ইউএলবি) আৰু স্মাৰ্ট চিটীৰ নতুনকৈ স্নাতক উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰাৰ বাবে  ‘দা আৰবান লাৰ্ণিং ইণ্টাৰ্ণশ্বিপ প্ৰ’গ্ৰাম (টিউলিপ)’ শীৰ্ষক এক কাৰ্যসূচীৰ আজি মুকলি কৰে৷  এই কাৰ্যসূচীৰ বাবে তেওঁলোকে এটা প’ৰ্টেলো মুকলি কৰে৷ মুকলি অনুষ্ঠানত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সচিব শ্ৰী অমিত খাৰে, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰা; এআইচিটিইৰ অধ্যক্ষ শ্ৰী অনিল সহস্ৰবুদ্ধি আৰু দুয়োটা মন্ত্ৰালয় তথা এআইচিটিইৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷

https://twitter.com/DrRPNishank/status/1268433318833319936

অনুষ্ঠানত উপস্থিত থাকি শ্ৰী পখৰিয়ালে কয় যে উক্ত কাৰ্যসূচীটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ যুৱ সমাজৰ দ্বাৰা ৰাষ্ট্ৰ নিৰ্মাণৰ বীক্ষণ বাস্তৱায়িত কৰাৰ এক পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ মন্ত্ৰীগৰাকীয়ে কয় যে টিউলিপ কাৰ্যসূচী নতুন ভাৰতৰ ভেটি হিচাপে বিবেচিত হ’ব কিয়নো ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে উদ্ভাৱনৰ বাবে নতুন চিন্তাৰ খোৰাক পোৱাৰ লগতে নগৰ স্থানীয় সংস্থা আৰু স্মাৰ্ট চিটীসমূহৰ বিকাশৰ দিশত চিন্তা কৰাৰ আৱকাশৰ সৃষ্টি হ’ব৷

দেশৰ যুৱ সমাজক প্ৰশংসা কৰি শ্ৰী পখৰিয়ালে কয় যে আমাৰ দেশত প্ৰতিভাৰ কোনো অভাৱ নাই কিয়নো গুগল, মাইক্ৰ’ছফ্ট, এডব আদিৰ দৰে বহুজাতিক সংস্থাসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত একো জন ভাৰতীয়ই কাৰ্যনিৰ্বাহ কৰি আছে৷ মন্ত্ৰীগৰাকীয়ে কয় যে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ দৰে কাৰ্যসূচীসমূহৰ জৰিয়তেও শিক্ষাৰ্থীসকলৰ প্ৰতিভা প্ৰকাশ পাইছে৷ শ্ৰী পখৰিয়ালে কয় যে টিউলিপ কাৰ্যসূচীয়ে সমগ্ৰ দেশৰ ৪৪০০ নগৰ স্থানীয় সংস্থা আৰু  স্মাৰ্ট চিটীসমূহত ইণ্টাৰ্ণশ্বিপৰ সুবিধা লাভ কৰিব৷ মন্ত্ৰীগৰাকীয়ে এআইচিটিই, মানৱ সম্পদ বিকাশ মন্ত্ৰালয় আৰু গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলৰ প্ৰয়াসক প্ৰশংসা কৰে আৰু  টিউলিপ কাৰ্যসূচীৰ জৰিয়তে দেশৰ যুৱ সমাজক নতুন চিন্তাৰ খোৰাক প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে৷

কাৰ্যসূচীটোৰ বিষয়ে সবিশেষ প্ৰদান কৰি ৰাজ্যিক গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদ্বীপ এছ পুৰীয়ে কয় যে প্ৰথম বছৰটোত প্ৰায় ২৫০০০ নতুন স্নাতকে ইণ্টাৰ্ণশ্বিপৰ সুবিধা লাভ কৰাৰ আশা প্ৰকাশ কৰা হৈছে৷ ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে অভিজ্ঞতা লাভ কৰাৰ সুবিধা প্ৰদান কৰাই নহয় বৰঞ্চ উদ্যোগসমূহে তেওঁলোকক নিয়োজিত কৰা সম্ভাৱনাও বৃদ্ধি পাব৷

বিত্তমন্ত্ৰী শ্ৰী মতী নিৰ্মলা সীতাৰমণে ‘প্ৰত্যাশী ভাৰত’ৰ অধীনত ২০২০-২১ বৰ্ষৰ বাজেটত টিউলিপক সামৰি লৈছিল৷

টিউলিপে ভাৰতৰ স্নাতকসকলৰ নগৰ পৰিকল্পনা, পৰিবহণ অভিযান্ত্ৰিক, পৰিবেশ, মিউনিচিপাল বিত্ত ইত্যাদিৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি কৰিব৷

মানৱ সম্পদ বিকাশ মন্ত্ৰালয় আৰু এআইচিটিআইৰ ২০২৫ চনৰ ভিতৰত ১ কোটি সফল ইণ্টাৰ্ণশ্বিপ সৃষ্টি কৰাৰ ক্ষেত্ৰত উক্ত কাৰ্যসূচীটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব৷ এই সন্দৰ্ভত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় আৰু এআইচিটিআইৰ মাজত এক বুজাবুজিৰ চুক্তিপত্ৰ স্বাক্ষৰিতও হৈছে৷

কাৰ্যসূচীটোৰ সৰল ৰূপায়নৰ বাবে উদ্দেশ্য, যোগ্যতা চৰ্ত, ইণ্টাৰ্ণশ্বিপৰ সময়সীমা আদি বিভিন্ন দিশ সামৰি এক নিৰ্দেশনাৱলীও প্ৰস্তুত কৰা হৈছে৷

চহৰসমূহত ইণ্টাৰ্ণশ্বিপৰ সুবিধা সম্প্ৰসাৰণ কৰাৰ বাবে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্যসমূহৰ সৈতে যোগাযোগ স্থাপন কৰিব৷

উল্লেখ্য, বি টেক, বি আৰ্ক, বি প্লেন, বিএছচিৰ শিক্ষাৰ্থীসকলে স্নাতকৰ ডিগ্ৰী লাভ কৰা তাৰিখৰ পৰা ১৮ মাহৰ ভিতৰত এই ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন কৰিব পাৰিব৷

https://internship.aicteindia.org/module_ulb/Dashboard/TulipMain/index.php

 

*****



(Release ID: 1629388) Visitor Counter : 163