হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

চুৰাট স্মাৰ্ট চিটী-ত ক’ভিড-১৯ৰ প্ৰবন্ধন আৰু প্ৰতিৰোধৰ বাবে তথ্য-প্ৰযুক্তিগত পদক্ষেপ গ্ৰহণ

प्रविष्टि तिथि: 29 MAY 2020 3:05PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ বাবে চুৰাট স্মাৰ্ট চিটী(এছএমচি)য়ে তথ্য-প্ৰযুক্তিগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এইসমূহ উদ্যোগৰ অংশ হিচাপে এছএমচি-য়ে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক ভ্ৰমণ ইতিহাস থকা ব্যক্তি আৰু কভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক চিনাক্ত কৰাৰ লগতে, তেওঁলোকৰ গতি-বিধি নিৰবিচ্ছিন্নভাবে নিৰীক্ষণ কৰাৰ বাবে এছএমচি কভিড-১৯ ট্ৰেকাৰ শীৰ্ষক এটা পৰ্টেল আৰু এটা মোবাইল এপ্লিকেশ্যন বিকশিত কৰিছে। এই ট্ৰেকাৰৰ বাবে সংশ্লিষ্টসকলৰ ভ্ৰমণ বৃতান্ত আৰু অন্যান্য তথ্যাৱলী বিভিন্ন সূত্ৰযেনে: এছএমচিৰ   ৱেবছাইটাত স্বেচ্ছা-ঘোষিত তথ্য, হেল্পলাইন নম্বৰত কৰা ফোন কল, আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰদান কৰা তথ্যসূচী আদিৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে।

এনৰয়ড আৰু আইঅএছ –কো ধৰি এছএমচি কভিড-১৯ ট্ৰেকিং পদ্ধতিটো মাত্ৰ ৫দিনৰ ভিতৰতে বিকশিত কৰি উলিওৱা হৈছিল। এই পৰ্যন্ত এই পদ্ধতিত ৩৮০০ ব্যক্তিৰ বিস্তৃত তথ্য অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ২৮০০ৰো অধিক মোবাইল ব্যৱহাৰকাৰীয়ে প্ৰতি ঘণ্টাই তেওঁলোকৰ অৱস্থিতিৰ তথ্য অৱগত কৰি থকাৰ লগতে প্ৰতি দিনে দুবাৰকৈ স্বাস্থ্য পৰীক্ষণ সম্পৰ্কীয় প্ৰশ্নসূচীৰ উত্তৰদান কৰি আছে।

এছএমচি-য়ে বিকশিত কৰা এই পদ্ধতি গুজৰাট চৰকাৰে পৰ্যালোচনা কৰাৰ পিচত এই পদ্ধতি সমগ্ৰ ৰাজ্যখনতে ৰূপায়ণ কৰাৰ বাবে গ্ৰহণ কৰিছিল।

********

 

RJ/NG/KB


(रिलीज़ आईडी: 1627944) आगंतुक पटल : 268
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Tamil , Telugu