মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বর্তমান অৱস্থাৰ পৰিপ্রেক্ষিতত উদ্ভাৱনী উপায়েৰে ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ কাৰ্যসূচীক আগুৱাই নিয়া হ’ব

Posted On: 28 MAY 2020 6:02PM by PIB Guwahati

ক’ভিড-১৯ৰ বর্তমান অৱস্থাৰ পৰিপ্রেক্ষিতত উদ্ভাৱনী পদ্ধতি ব্যৱহাৰ কৰি চৰকাৰেএক ভাৰত শ্রেষ্ঠ ভাৰতকাৰ্যসূচী আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

ভিডিঅ’ কনফাৰেন্সযোগে বিভিন্ন বিভাগ সচিবসকলৰ সৈতে অনুষ্ঠিত বৈঠক এই সিদ্ধান্ত লোৱা হৈছে৷ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ উচ্চশিক্ষা বিভাগৰ সচিব অমিত খাৰেৰ সভাপতিত্ত্ব এই বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত পর্যটন বিভাগৰ সচিব যোগেন্দ্ৰ ত্রিপাঠী, সংস্কৃতি বিভাগৰ সচিব আনন্দ কুমাৰ, যুৱ কল্যাণ বিভাগৰ সচিব উষা শর্মা, বিদ্যালয় শিক্ষা আৰু স্বাক্ষৰতা বিভাগৰ সচিব অনিতা কাৰাল, মাই গভৰ মুখ্য কার্যর্বাহী বিষয়া অভিষেক সিঙকে ধৰি কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ৰে, গৃহ পৰিক্ৰমা, প্ৰতিৰক্ষা মন্ত্ৰালয়, সংসদীয় পৰিক্ৰমা তথা ক্রীড়া বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ এক ভাৰত শ্রেষ্ঠ ভাৰত কাৰ্যসূচীত কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন বিভাগে ডেল মন্ত্ৰালয় হিচাপে কাম কৰে৷

বৈঠকত অংশগ্ৰহণকাৰী সকলোকে আদৰণি জনাই জনাই অমিত খাৰেই ভিড-১৯ৰ বর্তমান অৱস্থাৰ পৰিপ্রেক্ষিতত উদ্ভাৱনী উপায়েৰে এক ভাৰত শ্রেষ্ঠ ভাৰত কাৰ্যসূচীক কিদৰে আগুৱাই নিব পৰা যায় বা বাস্তবায়িত কৰিব পৰা যায় সেই সম্পর্কে ব্যাখ্যা আগবঢ়ায়৷ বিদ্যালয় শিক্ষা আৰু স্বাক্ষৰতা বিভাগৰ সচিব অনিতা কাৰৱালে এই পদক্ষেপ গ্ৰহণৰ ফলত কি ফলাফল পোৱা যাব তাৰ ওপৰত জোৰ দিয়ে৷ আলোচনাত বৰ্তমানলৈকে এক ভাৰত শ্রেষ্ঠ ভাৰত কাৰ্যসূচীত কি কাম কৰা হৈছে সেইবোৰ তুলি ধৰা হয়৷

বৈঠকত পর্যটন মন্ত্ৰালয়ৰ সচিব যোগেন্দ্ৰ ত্রিপাঠী জনায় যে দেশত পর্যটনৰ বিভিন্ন দিশ তুলি ধৰিবলৈ মন্ত্ৰালয়ে বৰ্তমান ৱেবভিত্তিক বৈঠকৰ আয়োজন কৰিছে।দেখো অপনা দেশকাৰ্যসূচীৰ অধীনত মাই গভ র্টেলে এই ধৰণৰ একাধিক বৈঠক অনুষ্ঠিত হৈছে৷ হাজাৰ হাজাৰ মানুহে এই আলোচনাত যোগ দিয়া বুলিও তেওঁ সদৰি কৰে৷ বিভিন্ন ৰাজ্যৰ পর্যটন অপাৰেটৰসকলক লৈ এই ৱেবিনাৰৰ আয়োজন কৰা হৈছিল। উচ্চশিক্ষা বিভাগৰ সচিবেদেখো অপনা দেশ ৰেকর্ডিং অনুষ্ঠান আৰু অন্যান্য ৱেবিনাৰসমূহ শিক্ষামূলক চেনেলসমূহত অনলাইন ক্লাছৰ বিজ্ঞাপন বিৰতিৰ সময়ত প্ৰচাৰ কৰাৰ বাবে আহ্বান জনায়৷

সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব আনন্দ কুমাৰে কয় যে তেওঁলোকেও এই ধৰণৰ একাধিক ৱেবিনাৰ আয়োজন কৰিছে৷ তেওঁ বিভিন্ন মন্ত্ৰালয়ৰ সকলো ৱেবিনাৰ এক ভাৰত শ্রেষ্ঠ ভাৰতৰ এক উমৈহতীয়া মঞ্চৰ আওঁতালৈ অনাৰ আহ্বান জনায়৷ নাট্য ৰচনা, ছবি অংকন, স্মৃতি সৌধৰ ওপৰত ভার্চুৱেল পর্যটনৰ দৰে বিভিন্ন বিষয়ত ই-কাৰ্যসূচী প্ৰস্তুত কৰাৰ ক্ষে্ত্ৰত তেওঁ মত প্ৰকাশ কৰে৷ সচিব কুমাৰে সাংস্কৃতিক মন্ত্ৰালয়ৰ ই-ঐতিহ্য পিডিয়া আৰু ই-শিল্পী পিডিয়া গঢ় দিয়াৰ প্ৰস্তাব আগবঢ়ায়৷ তেওঁ কয় যে ইয়াত ভাৰ্চুৱেল কাৰ্যসূচীৰ আৰ্হিবোৰ প্ৰদৰ্শিত কৰিব পাৰে৷ বিদ্যালয় শিক্ষা আৰু স্বাক্ষৰতা বিভাগৰ সচিবে এই পৰিকল্পনাক আদৰণি জনায়৷

যুব কল্যাণ বিভাগৰ সচিব উষা শর্মাই এক ভাৰত শ্রেষ্ঠ ভাৰত কাৰ্যসূচী পৰিচালনাৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰাৰ বিষয়ত উচ্চ প্ৰশংসা কৰে৷ তেওঁ কয় যে এই ডিজিটেল মাধ্যমৰ জৰিয়তে এক ভাৰত শ্রেষ্ঠ ভাৰত কাৰ্যসূচী অনাগত দিনত আৰু সম্প্ৰসাৰিত ব৷

মাই গভৰ মুখ্য কাৰ্যবাহী বিষয়া অভিষেক সিঙে জনায় যে তেওঁলোকে বিভিন্ন ভাষাত ১০০টা বাক্য শিকাৰ বাবে এটি বাইল এপ প্ৰস্তুত কৰিছে। তেওঁ লগতে কয় যে মাই গভে বিভিন্ন বিভাগৰ ৱেবিনাৰ আয়োজন কৰিব পাৰে আৰু তেওঁলোকৰ অনুষ্ঠানৰ বিভিন্ন তথ্য প্ৰচাৰ কৰিব পাৰে৷

তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব বিক্ৰম সাহাই টিভি, ৰেডিঅ’ আৰু বাতৰি কাকতযোগে বিভিন্ন ৰাজ্যই তেওঁলোকৰ সাফল্য তথা কাৰ্যসূচীৰ তথ্যসমূহ অন্য ৰাজ্যৰ সৈতে ভাগ কৰি ল পাৰে৷ তেওঁ লগতে কয় যে ডিডি নিউজে সাপ্তাহিক এক ভাৰত শ্রেষ্ঠ ভাৰত অনুষ্ঠানৰ মাধ্যমেৰে এই কাৰ্যসূচীৰ বিষয়ত তথ্য সম্প্ৰচাৰ কৰিব পাৰে৷

ৰে’ল ন্ত্ৰালয় কাৰ্যবাহী সঞ্চালক বন্দনা ভাটনাগৰে কয় যে এক ভাৰত শ্রেষ্ঠ ভাৰত কাৰ্যসূচীৰ বিষয়বোৰ ৰেলৰ বিভিন্ন ঠাইত দাঙি ধৰা হৈছে৷ তেওঁ কয় যে নিয়মীয়াকৈ ৰে চলাচল আৰম্ভ হলে এই বিষয়টো আকৌ নতুনকৈ তুলি ধৰা ব৷

লকডাউনৰ সময়ছোৱাত গৃহ পৰিক্ৰমা, প্ৰতিৰক্ষা, সংসদীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু ক্রীড়া বিভাগে গ্ৰহণ কৰ বিভিন্ন পদক্ষেপৰ বিষয়ে বৈঠকত অৱগত কৰা হয়৷

*****

NB/AKJ/AK/DB



(Release ID: 1627648) Visitor Counter : 264