প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি ড০ আলেক্সজেণ্ডাৰ ভান দেৰ বেলেনৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 26 MAY 2020 7:25PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনোগে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি ড০ আলেক্সজেণ্ডাৰ ভান দেৰ বেলেনৰ সৈতে বাৰ্তালাপ কৰে৷

অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আমফান ঘূর্ণীবতাহৰ ফলত ভাৰতত একাংশ লোকৰ প্ৰাণহানি আৰু সম্পত্তিৰ ব্যাপক ক্ষয়-ক্ষতিৰ বাবে শোক প্ৰকাশ কৰে৷ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত দুয়োগৰাকী নেতাই স্বাস্থ্য আৰু আর্থিক খণ্ডত বিৰূপ প্ৰভাৱৰ মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক লৈও মত বিনিময় কৰে৷ বর্তমানৰ প্ৰত্যাহ্বান মোকাবিলা কৰাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ ওপৰতো দুয়োগৰাকী নেতাই জোৰ দিয়ে৷

ক’ভিডৰ পাছত বিশ্বত ভাৰত-অষ্ট্ৰিয়াৰ সম্পর্কক আৰু অধিক নিবিড় তথা প্ৰশস্ত কৰাৰ দিশত নেতাদুগৰাকীয়ে আগ্ৰহ প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ মাজত আন্তঃগাঁথনি, প্ৰযুক্তি, গৱেষণা, উদ্ভাৱন ইত্যাদি ক্ষেত্রত আৰু অধিক সহযোগিতা বৃদ্ধিৰ সা-সুবিধাৰ কথা উল্লেখ কৰে৷

বর্তমানৰ স্বাস্থ্য সংকট অতি শীঘ্ৰে বিশ্ববাসীয়ে দূৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰিৱেশ সুৰক্ষাৰ দৰে দীর্ঘম্যাদী চিন্তাৰ বিষয়বোৰৰ ওপৰত পুনৰ দৃষ্টি দিব পাৰিব বুলি দুয়োগৰাকী নেতাই আশা প্ৰকাশ কৰে৷

*****

VRRK/KP/DB



(Release ID: 1627424) Visitor Counter : 179