বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

এনচিএছটিচিৰদ্বাৰা হিন্দী ভাষাত জনপ্ৰিয় ক’ভিড কথা প্ৰকাশ

ক’ভিড কথাঃ জনসজাগতাৰ বাবে এক মাল্টিমেডিয়া গাইডবুক

ক’ভিড -১৯ মহামাৰীৰ সবিশেষ তথ্য ইয়াত সন্নিৱিষ্ট কৰা হৈছে

Posted On: 27 MAY 2020 5:25PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি সংযোগ পৰিষদে ড০ অনামিকা ৰয় স্মাৰক ন্যাসৰ লগলাগি ভিড -১৯ মহামাৰীৰ সবিশেষ তথ্য সন্নিৱিষ্ট থকা জনসজাগতাৰ ক্ষেত্ৰত এক জনপ্ৰিয় মাল্টিমেডিয়া গাইডবুক কভিড কথা হিন্দী ভাষাত প্ৰকাশ কৰি উলিয়াইছে।

মাহৰ আৰম্ভণিতে ইয়াৰ ইংৰাজী সংস্কৰণ প্ৰকাশ প্ইছিল আৰু হিন্দীভাষিক সমাজৰ মাজত ইয়াৰ চাহিদালৈ লক্ষ্য কৰি ৰাইজৰ হিতাৰ্থে অতিৰিক্ত কিছু শেহতীয়া তথ্যৰ সংযোজনেৰে সংৱৰ্দ্ধিত ৰূপত হিন্দী সংস্কৰণ প্ৰকাশ কৰা হৈছে।  

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিৱ অধ্যাপক আশোতোষ শৰ্মাই ভিড কথাৰ শলাগ লৈ কয় য়ে সাধাৰণ মানুহৰ বাবে বিজ্ঞানক সহজ ভাষাৰে বুজাই দি হিন্দীভাষিক সমাজৰ মাজত ভিড-১৯ মহামাৰীৰ বিষয়ে সজাগতা অনাত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। অধ্যাপক শৰ্মাই লগতে কয় য়ে বিজ্ঞানভিত্তিক কাৰ্টুনসমূহে এই সংকটৰ সময়ত মানুহৰ চিন্তাক্লিষ্ট মনত অলপ হলেও আনন্দৰ খোৰাক যোগাবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকক সহজে বিজ্ঞানৰ বাৰ্তা দিবলৈও সক্ষম হব। 

মাল্টিমেডিয়া প্ৰযুক্তি আৰু ডিজিটেল মঞ্চৰ ব্যৱহাৰৰ যোগেদি কভিড-১৯ মহামাৰীৰ বিষয়ে সাধাৰণ সজাগতা প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে পাৰস্পৰিক মত বিনিময়ৰ সুবিধা থকা বৈদ্যুতিন গাইডৰ ব্যৱস্থা কৰিছে যি জনসাধাৰণক মহামাৰীৰ বিষয়ে বুজাত আৰু আত্মবিশ্বাসেৰ্ তাৰ মোকাবিলা কৰাত সহায় কৰিব। 

উল্লেখনীয়ভাৱে জনসাধাৰণৰ সহযোগত সমগ্ৰ দেশতে এক ভিড কথা আন্দোলনৰ সৃষ্টি হৈছে আৰু ই এক শৃংখলৰ ৰূপ লৈছে। কভিড কথা মেঘালয়ত খাছী ভাষালৈ অনুদিত হৈছে। তামিল ভাষাতো প্ৰকাশ পাব। বাংলা আৰু অসমীয়া সংস্কৰণৰ ক্ষেত্ৰতো মানুহে নিজে নিজে কাম কৰি আছে।  

বিজ্ঞানৰ ক্ষেত্ৰত বহু উসাহী ব্যক্তিয়ে ভিড কথাক বিভিন্ন ধৰণে যেনে, লুটিয়াব পৰা (ফ্লিপ) সংস্কৰণ, এনিমেশ্যন, ভিডিঅআদি লগলগাই প্ৰকাশ কৰিছে। বিভিন্ন সংস্থাইও ভিড কথাৰ কোনো কোনো অংশ যেনে কৰিবলগীয়া আৰু নকৰিবলগীয়া (ডুজ এণ্ড ডন্টছ), ছাইন্টুন, এটা আখৰ ব্যৱহাৰেৰে দৈনিক তথ্য আদি নিজৰ প্ৰচাৰ মাধ্যম তথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হিন্দী আৰু অন্যন্য ভাষাৰ কভিড কথাৰ সংস্কৰণসমূহে তৃণমূল পৰ্যায়ত কভিড -১৯ মহামাৰীৰ বিষয়ে সজাগতা অনাত সহায় কৰিব।  

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001EKCJ.jpg

*****

KGS/DST/PRK



(Release ID: 1627317) Visitor Counter : 203