ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

আৰোগ্য সেতু এতিয়া এক মুক্ত উৎস

Posted On: 26 MAY 2020 8:18PM by PIB Guwahati

ভি়ড-১৯ ৰ সংক্ৰমণ সীমাৱদ্ধ কৰিবৰ বাবে ২ এপ্ৰিল ২০২০ তাৰিখে ভাৰতে ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তিক বিচাৰি উলিওৱা, সাম্ভাৱ্য কভি়ড-১৯ ৰ হটস্পট চিনাক্ত কৰা আৰু অন্যান্য প্ৰয়োজনীয় তথ্যৰ প্ৰদানৰ বাবে ব্লুটুথ ভিত্তিক আৰোগ্য সেতু মোবাইল এপ মুকলি কৰিছিল। ২৬ মেলৈকে এই এপৰ মুঠ ব্যৱহাৰকাৰীৰ সংখ্যা ১১৪ নিযুত হৈছেগৈ যিটো বিশ্বত ব্যৱহৃত এনেধৰণৰ যিকোনো এপৰ ব্যৱহাৰকাৰীৰ সংখ্যাতকৈ বেছি আৰু ই এনড্ৰইড, আইঅএছ, কেআইঅএছত ১২ টা ভাষাত উপলব্ধ। দেশৰ নাগৰিকে নিজৰ বডিগাৰ্ড আখ্যা দিয়া এই আৰোগ্য সেতু এপ নিজৰ লগতে নিজৰ আপোনজনৰ তথা নিজৰ দেশখনৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰি আছে।

স্বচ্ছ তথা ব্যক্তিগত তথ্য ইয়াত সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থকা ভাৰতৰ মুক্ত উস ছফটৱেৰ নীতিৰ লগত খাপ খোৱা এই আৰোগ্য সেতু এপৰ উস কোড এতিয়া এক মুক্ত উস কৰি দিয়া হৈছে। এনড্ৰইডৰ বাবে এই এপৰ উস কোড https://github.com/nic-delhi/AarogyaSetu_Android.git. ত পৰ্যালোচনা আৰু সহযোগিতাৰ বাবে মুকলি কৰি দিয়া হৈছে। আইঅএছৰ বাবেও মুক্ত উস অহা দুসপ্তাহৰ ভিতৰত মুকলি কৰি দিয়া হব আৰু তাৰ পিছতে ছাৰ্ভাৰ কোড মুকলি কৰি দিয়া হব। প্ৰায় ৯৮% আৰোগ্য সেতু এপৰ ব্যৱহাৰকাৰীয়েই এনড্ৰইড ব্যৱহাৰ কৰে।

ডেভেলপাৰসকলৰ বাবে উস কোড মুকলি কৰি দিয়া কাৰ্যই আমাৰ স্বচ্ছতা আৰু সহযোগিতাৰ নীতিকে প্ৰতিফলিত কৰে। আৰোগ্য সেতু এপৰ নিৰ্মাণ আৰু উন্নয়নৰ সমগ্ৰ প্ৰক্ৰিয়াটো চৰকাৰ, উদ্যোগ, বিদ্যায়তনিক আৰু নাগৰিক সমাজৰ মাজৰ সহযোগিতাৰ এক উকৃষ্ট নিদৰ্শন। দেশৰ যুৱ প্ৰজন্মৰ প্ৰযুক্তিবিদ সকলৰ পৰিশ্ৰমৰ ফল। আমি আশাবাদী যে প্ৰযুক্তিৰ ক্ষেত্ৰত দেশৰ যুৱ মগজুৱে সমিলমিলেৰে এনে কিছু সমাধান সূত্ৰ উলিয়াব যি এই মহামাৰীৰ বিৰুদ্ধে সমুখ সমৰত ভাগ লোৱা স্বাস্থ্যকৰ্মীসকলক সহায় কৰাৰ লগতে একত্ৰিত হৈ এই মহামাৰীক জিনিব পৰা যাব।

আৰোগ্য সেতু এপে কভি়ড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সংহত পদক্ষেপ লোৱাত সহায় কৰিছে আৰু আৰম্ভ হোৱাৰ আঠ সপ্তাহৰ ভিতৰতে বহু অভূতপূৰ্ব কাম ইয়াত হৈছে। কভি়ড-১৯ ৰ তথ্য সংগ্ৰহ, ৰোগী চিনাক্তকৰণ বা ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তিক বিচাৰি উলিওৱা আদি কামৰ বাবে বিশ্বত এনেধৰণৰ যিমানবোৰ স্ব-বিশ্লেষণাত্মক এপ ওলাইছে তাৰ তুলনাত আৰোগ্য সেতু এপৰ পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰীৰ সংখ্যা ১১৪ নিযুত যিটো যথেষ্ট বেছি। এপটোৱে প্ৰায় ৫০০,০০০ ব্লুটুথ কন্টেক্ট চিনাক্ত কৰাত সহায় কৰিছে আৰু কভি়ড-১৯ ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তি হিচাপে চিহ্নিত হলে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে প্ৰয়োজনীয় সহযোগিতা প্ৰদান কৰিছে। এতিয়ালৈকে এই এপৰ জৰিয়তে ৯০০,০০০ জন ব্যৱহাৰকাৰীক কোৱাৰেন্টাইন, লবলগীয়া সাৱধানতা আৰু পৰীক্ষণৰ বিভিন্ন পৰামৰ্শ দিয়া হৈছে। যিসকলক পৰীক্ষণৰ বাবে পৰামৰ্শ দিয়া হৈছিল, দেখা গৈছে যে তাৰে ২৪%ভি়ড-১৯ ৰোগী বুলি নিশ্চিত হৈছে। ২৬ মেলৈকে মুঠ ৩১২৬১১৯ টা পৰীক্ষণৰ পিছত ১৪৫৩৮০ জন কভি়ড-১৯ ৰোগী বুলি নিশ্চিত হৈছে, অৰ্থা ৪.৬৫% পজিটিভ ওলাইছে। সেই হিচাপত এই এপ ৰোগী চিনাক্তকৰণত যথেষ্ট পৰিমাণে সহায়ক প্ৰমাণিত হৈছে। দেশৰ বিভিন্ন অঞ্চলত আৰোগ্য সেতুৰ দলে ৩,৫০০ টা হটস্পট চিনাক্ত কৰিছে। আৰোগ্য সেতু এপৰ তথ্য বিশ্লেষণ কৰি হটস্পট চিনাক্ত কৰাৰ সম্ভৱনীয়তা প্ৰচুৰ আৰু কেৱল আজিৰ দিনটোতে ১২৬৪ টা বাঢ়ি অহা হটস্পট চিনাক্ত কৰা হৈছে যিকেইটা হযতো এই এপ অবিহনে প্ৰশাসনৰ অলক্ষিতে ৰৈ গলহেঁতেন। বহু এনে সাম্ভাৱ্য হটস্পট ১৭ ৰ পৰা ২৫ দিনৰ ভিতৰত প্ৰকৃত হটস্পট হৈ উঠা দেখা হৈছে। উদাহৰণস্বৰূপে আৰোগ্য সেতু এপে সাম্ভাৱ্য হটস্পট বুলি চিনাক্ত কৰা ৩ জন ৰোগী থকা এখন জিলাত ১৫ দিনৰ পিছত ৮২ জন ৰোগী উলাইছিল।   

ব্যৱহাৰকাৰীৰ সংখ্যা ১১৪ নিযুততকৈ অধিক থকা আৰু দ্ৰুতগতিত উন্নয়ন হৈ থকা এপ এটাৰ উস কোড মুকলি কৰি দিয়া কাৰ্য নিতান্তই প্ৰত্যাহ্বানমূলক। আৰোগ্য সেতু এপৰ দলৰ লগতে ডেভেলপাৰ সমাজৰ বাবেও এই উস কোডৰ চোৱাচিতা কৰাটো এক ডাঙৰ দায়িত্ব। প্ৰকৃততে এই এপ নিৰ্মাণৰ সময়ত ব্যৱহাৰ কৰা ৰিপজিটৰী বৰ্তমান মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে অন্যান্য শেহতীয় তথ্য মুকলি কৰি দিয়া হব। 

পেন ছৰ্চ ডিভেলপমেন্টৰ সমগ্ৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰই তদাৰক তথা সহযোগ কৰিব। আৰোগ্য সেতু উস কোডৰ ব্যৱহাৰৰ অনুমতি আপাচ্ছে লাইসেন্সৰ অধীনত দিয়া হৈছে। 

এজ-ইজ (As-Is) ভিত্তিত দ্বিতীয় সংস্কৰণ উপলব্ধ কৰা হৈছে। উস কোডৰ পুনঃব্যৱহাৰৰ বাবে ডেভেলপাৰে সলনি কৰাৰ জাননী আগতীয়াকৈ দিব লাগিব। অধিক তথ্য https://www.mygov.in/aarogya-setu-app/ ত উপলব্ধ কৰা হৈছে।

ডেভেলপাৰসকলৰ বাবে উস কোড মুকলি কৰি দিয়াৰ সময়ত ভাৰত চৰকাৰে সুৰক্ষাৰ খাতিৰত বাগ বাউন্টি প্ৰগ্ৰামো মুকলি কৰে। এই বাগ বাউন্টি প্ৰগ্ৰামৰ বিতং তথ্য https://innovate.mygov.in/ ত উপলব্ধ কৰা হৈছে।

ভাৰত চৰকাৰে এপৰ আৰ্হি আৰু উস কোড মুকলি কৰি দি সমগ্ৰ বিশ্বৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰতিপন্ন কৰিলে। কভি়ড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতে নিজৰ সকলো জ্ঞান তথ্য প্ৰযুক্তি যিমান পাৰে বিলাই দি সমগ্ৰ বিশ্বৰপৰাই এই মহামাৰী নিৰ্মূল কৰাৰ বাবে যত্নৰ কোনো ক্ৰুটি কৰা নাই। আমি একত্ৰিত হৈ জয়ী হব পাৰিম আৰু আমি আমাৰ চিকিসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি অহৰহ সহযোগিতা আগবঢ়াম।

মই সুৰক্ষিত, আমি সুৰক্ষিত, ভাৰত সুৰক্ষিত।

*****

PRK



(Release ID: 1627070) Visitor Counter : 392