PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 23 MAY 2020 7:55PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত ক’ভিড-১৯ৰ শেহতীয়া তথ্যসমূহ

এই পৰ্যন্ত ৫১,৭৮৩ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৩২৫০ লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪১.৩৯%৷ এই পৰ্যন্ত মুঠ ১,২৫,১০১ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ কালিৰে পৰা ৬৬৫৪ জন লোক এই ৰোগত আক্ৰান্ত হৈছে৷

অধিক বিৱৰণৰ বাবে

আগন্তুক ১০ দিনত ২,৬০০তকৈ অধিক শ্ৰমিক বিশেষ ৰে’লৰ চলাচল কৰাব ভাৰতীয় ৰে’লৱেই

দেশে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে ভাৰতীয় ৰে’লৱেই এই সংকটকালত বেয়াকৈ ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়াৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাই৷ ৰে’লৱেই ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰাখি প্ৰব্ৰজিত শ্ৰমিকসকলক তেওঁলোকৰ গৃহৰাজ্যত উপনীত হোৱাত সহায় কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ৰে’ল মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহৰ প্ৰয়োজনৰ ভিত্তিত সমগ্ৰ দেশত অহা ১০ দিনত ২,৬০০ বিশেষ ৰে’ল চলাচলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই প্ৰচেষ্টাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ৩৬ লাখ প্ৰব্ৰজিত লোক উপকৃত হ’ব৷

অধিক বিৱৰণৰ বাবে

পহিলা জুনৰ পৰা চলিব লগা ২০০খন ৰে’লগাড়ীৰ বাবে টিকটৰ বুকিং পূৰ্ণ গতিত চলি আছে

ৰে’ল মন্ত্ৰালয়ে ‘কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়’ আৰু ‘গৃহ পৰিক্ৰমা মন্ত্ৰালয়’ৰ সৈতে কৰা আলোচনাৰ সিদ্ধান্ত অনুসৰি অহা ১ জুন, ২০২০ৰ পৰা বলবৎ হোৱাকৈ আংশিক ভাবে ৰে’লসেৱাৰ পুনৰাম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই মৰ্মে, ভাৰতীয় ৰে’লে সমগ্ৰ দেশ জুৰি দৈনিক ২০০খন যাত্ৰীবাহী ৰে’ল চলাব। অহা ১জুন ২০২০ৰ পৰা আৰম্ভ হ’ব লগা এই ৰে’লগাড়ীসমূহত আসন সংৰক্ষণৰ বাবে ২১মে’ ২০২০ৰ পৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ১মে’ ২০২০ৰ পৰা চলা ‘শ্ৰমিক বিশেষ’ ৰে’লৰ লগতে ১২মে’ ২০২০ৰ পৰা চলা ‘বিশেষ এচি’ ৰে’ল(৩০খন ৰে’ল)ৰ সৈতে অতিৰিক্ত ভাবে চলিব এই ২০০খন বিশেষ ৰে’ল। ‘আইআৰচিটিচি’ৰ ৱে’বছাইট অথবা মোবাইল এপ-ৰ জৰিয়তে এইসমূহ ৰে’লৰ টিকট সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে টিকট সংৰক্ষণ কাউণ্টাৰ, সমূহীয়া সেৱা কেন্দ্ৰ আৰু টিকেটিং এজেণ্টসকলৰ জৰিয়তেও টিকেট সংৰক্ষণ কৰাৰ দিহা কৰিছে ৰে’ল বিভাগে। কালি অৰ্থাত ২১ মে’ ২০২০ৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। মুঠ ১৪১৩২৭৭যাত্ৰীৰ বাবে থকা আসনৰ ভিতৰত কালিৰ পৰা অনলাইনৰে ৬৫২৬৪৪টা টিকটৰ সংৰক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

যোৱা বছৰটোত গ্ৰীষ্মকালীন শস্যৰ বাবে অধিক ভূমি সামৰি লোৱা হৈছিল, লকডাউন হোৱা সত্বেও ক্ৰয়ৰ পৰিমাণ বৃদ্ধি হৈছে

০২০-২১ বৰ্ষৰ ৰবি শস্যৰ বিপণনৰ সময়ত ৩৩৭.৪৮ লাখ মেট্ৰিকটন ঘেঁহু ভাৰতীয় খাদ্য নিগমৰ গোদামলৈ অনা হৈছিল, তাৰে ৩২৬.৯৬ লাখ মেট্ৰিকটন ক্ৰয় কৰে। কৃষি বিভাগ, কৃষক কল্যাণ সমিতি আৰু ভাৰত চৰকাৰে কভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়তে কৃষকসকলৰ কৰ্মক্ষেত্ৰত যাতে অসুবিধা নহয় তাৰবাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ২৪.৩.২০২০ তাৰিখৰ পৰা আজিলৈকে লকডাউন চলি থকা সময়তে ৯.৫৫ কোটি কৃষকৰ পৰিয়ালৰ বাবে এতিয়ালৈকে ১৯১০০.৭৭ কোটি টকা মোকলাই দিছে।

অধিক বিৱৰণৰ বাবে

সমগ্ৰ দেশতে ভাৰতীয় ডাক বিভাগে ২০০০ টনতকৈও অধিক ঔষধ আৰু চিকিৎসা সামগ্ৰী বিতৰণ কৰিছে

শ্ৰী ৰবিশংকৰ প্ৰসাদে ভাৰতীয় ডাক বিভাগত প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণত কাম কৰিবলৈ নিৰ্দেশ দিছে৷  ভাৰতীয় ডাক বিভাগে লকডাউনৰ সময়ছোৱাত ২০০০ টনতকৈও অধিক ঔষধ আৰু চিকিৎসা সামগ্ৰী সমগ্ৰ দেশতে বিতৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

মৰিছাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰী জুগনাথে ভাৰতত আম্ফনৰ ফলত মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ মৰিছাছলৈ ‘অপাৰেচন সাগৰৰ অধীনত ‘কেশৰীশীৰ্ষক ভাৰতীয় নৌবাহিনীৰ জাহাজখন প্ৰেৰণ কৰা বাবে তেওঁ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷

অধিক বিৱৰণৰ বাবে

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনেৰে বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম গোটাবায়া ৰাজাপক্ষৰ সৈতে টেলিফোনেৰে বাৰ্তালাপ কৰে। দুয়োগৰাকী নেতাই কভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সন্ত্ৰাসময় পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে এই পৰিস্থিতিয়ে সামগ্ৰীক ভাবে অঞ্চলটোৰ জনস্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰেক্ষাপটৰ ওপৰত পেলাব পৰা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে।

অধিক বিৱৰণৰ বাবে

৭২ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত ২,০০,০০০ত কৈও অধিক শিক্ষাৰ্থীয়ে ডাউনলোড কৰিছে নেচনেল টেষ্ট প্ৰেকটিচ এপ

মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ কয় যে নেচনেল টেষ্টিং এজেন্সীৰ দ্বাৰা মুকলি কৰা নেচনেল টেষ্ট অভ্যাস এপ জেইই (মেইন) আৰু নীটৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ  মাজত ভীষণ জনপ্ৰিয় হৈছে৷ ৭২ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত ২,০০,০০০ ত কৈও অধিক শিক্ষাৰ্থীয়ে এই এপটো ডাউনলোড কৰিছে৷

অধিক বিৱৰণৰ বাবে

প্ৰতি ঘণ্টাত ১২ মিনিটলৈ বিজ্ঞাপনৰ সময়সীমা বৃদ্ধিৰ বাবে আলোচনা চলি আছেঃ শ্ৰী প্ৰকাশ জাভাড়েকাৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে কয় যে কমিউনিটী ৰেডিঅ’ ষ্টেচনসমূহত বিজ্ঞাপন প্ৰচাৰৰ সময়সীমা ৭ মিনিটৰ পৰা ১২ মিনিটলৈ বৃদ্ধি কৰাৰ বাবে আলোচনা চলি আছে৷

অধিক বিৱৰণৰ বাবে

এপ্ৰিল ২০২০ৰ বাবে মাহিলী উৎপাদন প্ৰতিবেদন

অধিক বিৱৰণৰ বাবে

ক’ভিডৰ পিছত পুনৰ উজ্জীৱিত হৈ উঠিব ভাৰত আৰু বিশ্ব দৰবাৰত সন্মানৰ পাত্ৰ হ’বঃ ড জিতেন্দ্ৰ সিং

ক’ভিডৰ পিছত ভাৰত পুনৰ উজ্জীৱিত হৈ উঠি বিশ্ব দৰবাৰত সন্মানৰ পাত্ৰ হ’ব বুলি আশা প্ৰকাশ কৰে ড জিতেন্দ্ৰ সিঙে৷ ব্যক্তিগত টিভি চেনেল এটাৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ এই কথা প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

চি ই এন এছৰদ্বাৰা নিৰ্মিত আৰামদায়ক মাস্কে জনসাধাৰণক দীৰ্ঘসময়ৰ বাবে ইয়াক পিন্ধি থাকিবলৈ আগ্ৰহী কৰিব

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বাঙ্গালোৰস্থিত স্বায়ত্বশাসিত প্ৰতিষ্ঠান চেন্টাৰ ফৰ নেন এণ্ড ছফ্ট মেটাৰ চায়েন্সৰ এটা দলে এটা কাপৰদৰে আকৃতি (পেটেন্টৰ বাবে আবেদন কৰা হৈছে)ৰ মাস্কৰ আৰ্হি প্ৰস্তুত কৰিছে য’ত কথা পতাৰ সুবিধা হোৱাকৈ ওঁঠৰ সন্মুখত যথেষ্ঠ ঠাই আছে। সৰহ মাত্ৰাত উৎপাদনৰ বাবে এই আৰ্হি বাঙ্গালোৰস্থিত অন্য এটা সংস্থালৈ পঠোৱা হৈছে। আৰামদায়ক এই মাস্কে কথা পতাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নকৰে, চশমাত বাষ্পৰ সৃষ্টি নকৰে আৰু উশাহ লোৱাৰ সময়ত সুন্দৰকৈ সকলোফালৰপৰা মুখ ঢাকি ৰাখি সুৰক্ষা প্ৰদান কৰে। শ্বাস-প্ৰশ্বাসৰ বাবে অতিশয় সুবিধাজনক হোৱাৰ বাবে ইয়াক দীৰ্ঘসময়ৰ বাবে পিন্ধি ৰাখিব পাৰে। লগতে বিজ্ঞানীসকলে এনে এক কাপোৰৰ তৰপ এই মাস্কৰ বাবে বাচনি কৰিছে যাৰ লগত ঘৰ্ষণ হ’লে ইয়াৰ ট্ৰিবইলেকট্ৰিক প্ৰকৃতিৰ বাবে বিজাণু সম্পূৰ্ণৰূপে অসক্ৰিয় হৈ পৰাৰো সম্ভাৱনা নোহোৱা নহয়। এনে ধৰণৰ উচ্চমানৰ পৰীক্ষণ বৰ্তমান চলি আছে।

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিহলৈ যুদ্ধকালীন গতিত নামি পৰিছে আজমীৰ স্মাৰ্ট চিটী

অধিক বিৱৰণৰ বাবে

‘লোকেল টু গ্ল’বেল’ শীৰ্ষক বিষয়বস্তুৰে ছেপ্টেম্বৰ, ২০২০ৰ পৰা পুনৰ আৰম্ভ হ’ব ‘হুনাৰ হাট’

ক’ৰোনা মহামাৰীৰ বাবে প্ৰায় ৫ মাহৰ পাছত দেশৰ শিল্পী-কলা-কুশলীৰ ‘সবলীকৰণ বিনিময়ৰ লক্ষ্যৰে চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা ‘লোকেল টু গ্ল’বেল শীৰ্ষক বিষয়বস্তুৰে তুলনামূলকভাৱে অধিক শিল্পীৰ অংশগ্ৰহণেৰে ‘হুনাৰ হাট’ৰ পুনৰ আৰম্ভ কৰা হ’ব৷ কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখটাৰ আব্বাছ নাকভিয়ে আজি কয় যে ‘হুনাৰ হাটে ৫ লাখতকৈ অধিক ভাৰতীয় শিল্পী, হস্তশিল্পী, কাৰিকৰ, প্ৰতিভাসম্পন্ন ব্যক্তিক সুবিধা তথা বজাৰ প্ৰদান কৰি বিগত ৫ বছৰে সংস্থাপনৰ সূযোগ দি আহিছে৷ ইয়াৰ বাবে ই জনপ্ৰিয় হৈ পৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে বাপুধাম কলনীৰ পৰা ৰোগ যাতে বাহিৰলৈ সংক্ৰমিত হ’ব নোৱাৰে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিছে৷
  • পাঞ্জাৱঃ বিদেশত আৱদ্ধ হৈ থকা লোকক ৰাজ্যলৈ ঘূৰাই অনা পদক্ষেপৰ অধীনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰথমখন বিমানে ২২.০৫.২০২০ তাৰিখে ম’হালি আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰে৷
  • হাৰিয়ানাঃ হাৰিয়ানা চৰকাৰে টেক্সি, কেব, মেক্সি কেব আৰু অটো ৰিক্সাত যাত্ৰীৰ আসনৰ সংখ্যাৰ বাবে  নিৰ্দেশনাৱলী জাৰি কৰিছে৷
  • হিমাচল প্ৰদেশঃ বহিঃৰাজ্যৰ পৰা ঘূৰি অহা লোকক চোৱা-চিতা কৰা চিকিৎসক, পেৰামেডিকেল কৰ্মী, আৰক্ষী আৰু অন্যান্য লোকসকলক সকলোধৰণৰ পিপিই সামগ্ৰী প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিছে৷
  • অসমঃ গুৱাহাটীৰ কালাপাহাৰ চিকিৎসালয়ক সম্পূৰ্ণৰূপে ক’ভিড-১৯ চিকিৎসায়লৈ পৰিৱৰ্তিত কৰা হ’ব আৰু ইয়াত জিএমচিএইচৰ অধীনত ২০জন চিকিৎসক, ৩০ গৰাকী নাৰ্চ, ২৫ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ৯ গৰাকী চাফাই-কৰ্মীয়ে  কাম কৰিব, অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে কয়৷
  • মণিপুৰঃ মণিপুৰত সকলো বেংক আৰু টেলিকম কৰ্মচাৰীসকলক কাৰ্ফিউ পাছ অবিহনে মুক্তভাৱে চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷
  • মিজোৰামঃ মুখ্যমন্ত্ৰীয়ে কয় যে কেবিনেটে ক’ভিড-১৯ৰ বাবে কৰ্মচাৰীৰ দৰমহাৰ কিছু অংশ কৰ্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • নাগালেণ্ডঃ ডিমাপুৰ ৰে’ল ষ্টেচনত স্বয়ংক্ৰিয় বীজাণুনাশক বুথ স্থাপন কৰা হৈছে৷
  • কেৰালাঃ অহা বুধবাৰে মুখ্যমন্ত্ৰীয়ে ক’ভিড সংকটৰ বিষয়ে আলোচনা কৰিবলৈ এক সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰিব৷
  • তামিলনাডুঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৩৯৬৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭৫২৪ জন, মৃত্যু হৈছে ৯৪ জনৰ৷
  • কৰ্ণাটকঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৯৩৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ১২৯৭ জন৷ আৰোগ্য লাভ কৰিছে ৫৯৮ জনে৷ মৃত্যু হৈছে ৪২ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ২৫৬১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭২৭ জন, আৰোগ্য লাভ কৰিছে ১৭৭৮ জনে, মৃত্যু হৈছে ৫৬ জনৰ৷
  • তেলেংগানাঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৭৬১ জন৷ কালিলৈকে ১১৮জন প্ৰব্ৰজকৰ পৰীক্ষা সম্পন্ন কৰোৱা হৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৪৪৫৮২ জন৷
  • গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৩২৭৩ জন৷
  • ৰাজস্থানঃ ১৬৩জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে আজিলৈকে মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৬৬৫৭ জন৷ ৩৬৯৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ 
  • মধ্য প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ১৮৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ ৪০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭৩ জন৷
  • গোৱাঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৫৪ জন৷  

পিআইবি ফেক্ট চেক



(Release ID: 1626471) Visitor Counter : 335