প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনেৰে বাৰ্তালাপ
प्रविष्टि तिथि:
23 MAY 2020 2:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম গোটাবায়া ৰাজাপক্ষৰ সৈতে টেলিফোনেৰে বাৰ্তালাপ কৰে। দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সন্ত্ৰাসময় পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে এই পৰিস্থিতিয়ে সামগ্ৰীক ভাবে অঞ্চলটোৰ জনস্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰেক্ষাপটৰ ওপৰত পেলাব পৰা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে।
আলোচনা কালত, প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰীলংকাত মহামাৰী-সৃষ্ট প্ৰভাৱ প্ৰশমিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ তৰফৰ পৰা যথা সম্ভৱ সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
ইফালে, ৰাষ্ট্ৰপতি ৰাজাপক্ষই দেশখনত অৰ্থনৈতিক কৰ্ম-কাণ্ড পুনৰাম্ভ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সম্পৰ্কে প্ৰধানমন্ত্ৰীক তথ্য অৱগত কৰে। দুয়োগৰাকী নেতাই ভাৰতৰ অৰ্থ সাহায্যৰে শ্ৰীলংকাত চলি থকা বিকাশমূলক কাৰ্যক্ৰমসমূহৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সহমত ব্যক্ত কৰে। তেওঁলোকে শ্ৰীলংকাত ভাৰতীয় ব্যক্তিগত খণ্ডৰ বিনিয়োগ আৰু মূল্যমান-উত্তৰণ সম্পৰ্কীয় সম্ভাৱনাসমূহৰ সন্দৰ্ভতো আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকাবাসীৰ সুস্বাস্থ্য আৰু কুশল জীৱন কামনা কৰে।
****
VRRK/KP/KB
(रिलीज़ आईडी: 1626439)
आगंतुक पटल : 324
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam