প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিমবংগৰ ঘূৰ্ণীবতাহ আম্ফনৰ দ্বাৰা আক্ৰান্ত এলেকাসমূহৰ আকাশীমাৰ্গেৰে পৰিভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
ৰাজ্যখনলৈ ১০০০ কোটি টকাৰ তৎকালীন সাহায্য প্ৰদান
প্ৰধানমন্ত্ৰীয়ে মৃতকৰ আত্মীয়লৈ ২ লাখ আৰু আঘাতপ্ৰাপ্ত ব্যক্তিলৈ ৫০,০০০ টকাৰ সাহায্য ঘোষণা কৰিলে
Posted On:
22 MAY 2020 1:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ আম্ফন আক্ৰান্ত এলেকাসমূহ আকাশীপথেৰে পৰিভ্ৰমণ কৰে৷ তেওঁক সংগ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী বাবুল সুপ্ৰিয়, শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰংগী আৰু শ্ৰীমতী দেৱশ্ৰী চৌধুৰীয়ে৷ পশ্চিমবংগৰ ঘূৰ্ণীবতাহ আক্ৰান্ত জিলাসমূহৰ আকাশীমাৰ্গেৰে পৰিভ্ৰমণৰ বাবে ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী জগদ্বীপ ধনখাৰাণ্ড, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও সংগপ্ৰদান কৰে৷
আকাশীমাৰ্গেৰে পৰিভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যিক তথা কেন্দ্ৰীয় বিভাগৰ জ্যেষ্ঠ বিষয়াসকলকৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে৷ তেওঁ পশ্চিমবংগৰ বাবে তৎকালীনভাৱে ১০০০ কোটি টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে৷ ঘূৰ্ণী বতাহত আক্ৰান্ত হোৱাৰ এলেকাসমূহৰ পুনৰ্নিমাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক যথাযোগ্যভাৱে সহায় আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে৷
ঘূৰ্ণী বতাহত জনহানিৰ ঘটনাত দুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে মৃতকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আঘাতপ্ৰাপ্ত ব্যক্তিলৈ ৫০,০০০ টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে৷
***
VRRK/SH/MANN
(Release ID: 1626422)
Visitor Counter : 208
Read this release in:
Marathi
,
English
,
Urdu
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam