ৰেল মন্ত্ৰালয়

পহিলা জুনৰ পৰা চলিব লগা ২০০খন ৰে’লগাড়ীৰ বাবে টিকটৰ বুকিং পূৰ্ণ গতিত চলি আছে

২২মে’ ২০২০ৰ ২০:১৪বজাত ২০০খন ৰে’লগাড়ীৰ বাবে কম্পিউটাৰৰ জৰিয়তে আসন সংৰক্ষণৰ ব্যৱস্তা

কালিৰ পৰা ১৪১৩২৭৭যাত্ৰীৰ ভিতৰত অনলাইনৰে ৬৫২৬৪৪টা টিকটৰ সংৰক্ষণ

১মে’ ২০২০ৰ পৰা চলা ‘শ্ৰমিক বিশেষ’ ৰে’লৰ লগতে ১২মে’ ২০২০ৰ পৰা চলা ‘বিশেষ এচি ৰে’ল’(৩০খন ৰেল)ৰ সৈতে অতিৰিক্ত ভাবে চলিব এই ২০০খন বিশেষ ৰে’ল

Posted On: 22 MAY 2020 9:32PM by PIB Guwahati

ৰেল মন্ত্ৰালয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে কৰা আলোচনা সিদ্ধান্ত অনুসৰি অহা ১ জুন, ২০২০ৰ পৰা বলবত্ হোৱাকৈ আংশিক ভাবে ৰেলসেৱাৰ পুনৰাম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

সেই মৰ্মে, ভাৰতীয় ৰেলে সমগ্ৰ দেশ জুৰি দৈনিক ২০০খন যাত্ৰীবাহী ৰেল চলাব। অহা ১জুন ২০২০ৰ পৰা আৰম্ভ হব লগা এই ৰেলগাড়ীসমূহত আসন সংৰক্ষণৰ বাবে ২১মে ২০২০ৰ পৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ১মে ২০২০ৰ পৰা চলা শ্ৰমিক বিশেষ ৰেলৰ লগতে ১২মে ২০২০ৰ পৰা চলা বিশেষ এচি ৰেল(৩০খন ৰেল)ৰ সৈতে অতিৰিক্ত ভাবে চলিব এই ২০০খন বিশেষ ৰেল।

আইআৰচিটিচিৰ ৱেবছাইট অথবা মোবাইল এপ-ৰ জৰিয়তে এইসমূহ ৰেলৰ টিকট সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে টিকট সংৰক্ষণ কাউণ্টাৰ, সমূহীয়া সেৱা কেন্দ্ৰ আৰু টিকেটিং এজেণ্টসকলৰ জৰিয়তেও টিকেট সংৰক্ষণ কৰাৰ দিহা কৰিছে ৰেল বিভাগে। কালি অৰ্থাত ২১ মে ২০২০ৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

মুঠ ১৪১৩২৭৭যাত্ৰীৰ বাবে থকা আসনৰ ভিতৰত কালিৰ পৰা অনলাইনৰে ৬৫২৬৪৪টা টিকটৰ সংৰক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে।

****

 

DJN/MKV



(Release ID: 1626419) Visitor Counter : 334