পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

পৃথিৱীবাসীক জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত যুগসিদ্ধ উত্তম অনুশীলন আৰু অভিজ্ঞতা বিতৰণ কৰিব ভাৰতে : কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী

‘আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস’ত ৫খন আঁচনিৰ শুভাৰম্ভ ঘোষণা

Posted On: 22 MAY 2020 3:16PM by PIB Guwahati

অনলাইন ব্যৱস্থাৰে উদযাপন কৰা আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱসত আজি কেন্দ্ৰীয় পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সম্পৰ্কীয় ৫খন আঁচনিৰ শুভাৰম্ভ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0013666.jpg

২০২০বৰ্ষটোক ছুপাৰ ইয়াৰ ফৰ বায়ডাইভাৰ্ছিটী বুলিও গণ্য কৰা হৈছে, কিয়নো জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যে Aichi targets’ হিচাপে অভিহিত কৰা ২০টা লক্ষ্যত উপনীত হবলৈ ৰণকৌশল যুগুতোৱাৰ বাবে ২০১০চনতে গ্ৰহণ কৰা সিদ্ধান্তৰ দহবছৰীয়া সময়সীমা চলিত বৰ্ষতে সামৰণি পৰাৰ লগতে সকলো দেশে একত্ৰিত হৈ পোষ্ট-২০২০ গ্লোবেল বায়ডাইভাৰ্ছিটী ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰাৰ বাবে সাজু হৈছে। বিশ্ব জোৰা এই উদ্যোগক আদৰণি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, জৈৱ বৈচিত্ৰ্যৰ সামগ্ৰীক প্ৰেক্ষাপটৰ উত্তৰণ ঘটোৱাৰ বাবে প্ৰয়াস কৰিব বিচৰা দেশসমূহক, বিশাল জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ দেশ হিচাপে ভাৰতে আদৰণি জনাইছে আৰু আমি আহৰণ কৰা যুগসিদ্ধ উত্তম অনুশীলন আৰু অভিজ্ঞতাসমূহ তেওঁলোকৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ সাজু আছো। প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে, পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থতে উপভোগৰ মাত্ৰা সীমিত কৰাত গুৰুত্ব প্ৰদান কৰি এক বহনক্ষম জীৱনচৰ্যাক আদৰি লবলৈ আহ্বান জনায়।

চলিত বৰ্ষৰ বাবে গ্ৰহণ কৰা বিষয়বস্তু প্ৰকৃতিতে আছে আমাৰ সমাধান সূত্ৰ (“OUR SOLUTIONS ARE IN NATURE”)ৰ প্ৰসংগত মন্তব্য কৰি শ্ৰী জাৱড়েকাৰে কয় যে, এনে কাৰণতে প্ৰকৃতিক সুৰক্ষিত কৰাটো নিতান্তই গুৰুত্বপূৰ্ণ কথা। শেহতীয়াভাবে কভিড-১৯য়ে সৃষ্টি কৰা প্ৰেক্ষাপটটোৰ বাবেও এই কথা বাৰুকৈয়ে প্ৰযোজ্য্ বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰাৰ উপৰি ৰাষ্ট্ৰসংঘৰ বিকাশ কাৰ্যক্ৰমৰ আধাৰত যুগুতোৱা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ শিক্ষানবীচি কাৰ্যক্ৰম, বিলুপ্তপ্ৰায় প্ৰজাতিসমূহৰ অবৈধ বেহা : সকলো জন্তুয়ে নিজৰ ইচ্ছাতে কেৱল প্ৰব্ৰজন নকৰে শীৰ্ষক ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সংৰক্ষণ কাৰ্যক্ৰম, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু জীৱ বৈজ্ঞানিক বৈচিত্ৰ্য আইন, ২০০২ৰ লগতে ডব্লিউডব্লিউএফ-ৰ মডেল কনফাৰেন্স অব পাৰ্টিজ শীৰ্ষক কাৰ্যক্ৰমৰো শুভাৰম্ভ ঘোষণা কৰে।

 

***

GK/KB



(Release ID: 1626163) Visitor Counter : 677