ৰেল মন্ত্ৰালয়

২০দিনত ‘শ্ৰমিক বিশেষ’ ৰে’লৰ জৰিয়তে ২৩.৫ লাখতকৈ অধিক যাত্ৰীক তেওঁলোকৰ গৃহ ৰাজ্যত উপনীত কৰাইছে ভাৰতীয় ৰে’লৱেই

২০ মে’, ২০২০(১০.০০বজা)লৈকে সমগ্ৰ দেশত ১,৭৭৩খন ‘শ্ৰমিক বিশেষ’ ৰে’ল চলাচল কৰিছে ভাৰতীয় ৰে’লৱে

এদিনতে সৰ্বাধিক ২০৫খন ‘শ্ৰমিক বিশেষ’ ৰে’ল চলাচলেৰে ২.৫ লাখ যাত্ৰীক অনা-নিয়া কৰা হৈছে

Posted On: 20 MAY 2020 3:34PM by PIB Guwahati

বিশেষ ৰেলৰ জৰিয়তে দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিসকলক অনা-নিয়াৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বিশেষ ৰেলৰ ব্যৱস্থা কৰাৰ বাবে দিয়া নিৰ্দেশৰ সমান্তৰালভাৱে ভাৰতীয় ৰেলৱেশ্ৰমিক বিশেষমে’ৰ পৰা ৰে চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

 

২০ মে’, ২০২০(১০.০০বজা)লৈকে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত ১,৭৭৩খন ‘শ্ৰমিক বিশেষ’ ৰে’ল চলাচল কৰা হৈছে৷ এই ‘শ্ৰমিক বিশেষ’ ৰে’লৰ জৰিয়তে ২৩.৫লাখতকৈ অধিক যাত্ৰীয়ে তেওঁলোকৰ ঘৰত উপস্থিত হৈছে৷

 

কালি অৰ্থা ১৯ মে’ত অভিলেখ ৰচনাৰে সৰ্বাধিক ২০৫খন ‘শ্ৰমিক বিশেষ’ ৰে’ল চলাচলেৰে সমগ্ৰ দেশৰ বিভিন্ন ঠাইৰ ২.৫ লাখ যাত্ৰীক অনা-নিয়া কৰা হয়৷

 

এই ১,৭৭৩খন ৰে’ল ক্ৰমে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, চণ্ডীগড়, দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পুডুচেৰী, পাঞ্জাৱ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগৰ পৰা চলাচল কৰে৷

 

এই শ্ৰমিক বিশেষ ৰে’লসমূহৰ যাত্ৰা অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, চত্তীশগড়, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মনিপুৰ, মিজোৰাম, নাগালেণ্ড, ওড়িশা, ৰাজস্থান, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগত অন্ত পৰিছে৷

ৰে’লত উঠাৰ পূৰ্বে যাত্ৰীসকলৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ যাত্ৰাৰ সময়ত যাত্ৰীসকলক বিনামূলীয়া খাদ্য আৰু পানী যোগান ধৰা হৈছে৷

****

DJN/MKV/DB



(Release ID: 1625704) Visitor Counter : 200