গৃহ মন্ত্ৰালয়

বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত লকডাউনৰ নিষেধাজ্ঞা ৰেহাই দিয়া হৈছেঃ অমিত শ্বাহ

বিভিন্ন বোৰ্ডে তেওঁলোকৰ পৰীক্ষাৰ সূচী পৃথক কৰিব লাগিব; স্বাস্থ্য আৰু পৰিস্কাৰ পৰিচ্ছন্নতা প্ৰ’ট’কল মানি চলাটো বাধ্যতামূলক

Posted On: 20 MAY 2020 5:01PM by PIB Guwahati

বৃহ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এইটো সিদ্ধান্ত গ্ৰহণ কৰা হয় যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ক্ষেত্ৰত লকডাউনৰ নিষেধাজ্ঞা ৰেহাই দিয়া হৈছে বুলি এক টুইটযোগে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷

 

লকডাউনৰ বাবে যিহেতু বিদ্যালয় খোলা ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, তাৰ পৰিপ্ৰেক্ষিততে ৰাজ্যিক শিক্ষা বোৰ্ড/চিবিএছই/ আইচিএছইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছিল৷ ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু চিবিএছইয়ে বোৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছে৷

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দিশবোৰ সবিশেষ উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰে৷ সেইবোৰ হৈছে-

১৷ নিয়ন্ত্ৰিত এলেকাত কোনো পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাৰ অনুমতি নাপাব৷

২৷ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷

৩৷ সকলো পৰীক্ষা কেন্দ্ৰত থাৰ্মেল স্ক্ৰীনিং আৰু ছেনিটাইজাৰৰ ব্যৱস্থাৰ লগতে সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব৷

৪৷ বিভিন্ন বোৰ্ডে পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ পৰীক্ষা সূচী একেটা দিনত নোহোৱাকৈ পৃথকে প্ৰস্তুত কৰিব লাগিব৷

৫৷ শিক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰলৈ অনাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিশেষ বাছৰ ব্যৱস্থা কৰিব লাগিব৷

চৰকাৰী নিৰ্দেশনা পঢ়িবলৈ এই লিংকত ক্লিক কৰক-Click here to see the Official Communication

 

*****

VG/SNC/VM/DB



(Release ID: 1625609) Visitor Counter : 213