পোষ্ট কৰা হৈছে:
19 MAY 2020 8:08PM by PIB Guwahati
কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’এ আজি "নেচনেল টেষ্ট অভ্যাস" নামেৰে এটা মোবাইল এপৰ শুভাৰম্ভ কৰে৷ নেচনেল টেষ্টিং এজেন্সি(এনটিএ)য়ে এই এপটো বিকশিত কৰিছে। যিসকল ছাত্ৰ-ছাত্রীয়ে এনটিএৰ অধীনত পৰৱৰ্তী জেইই আৰু নীটৰ দৰে পৰীক্ষাসমূহত অৱতীৰ্ণ হ’ব, তেওঁলোকে এই এপৰ জৰিয়তে মক টেষ্ট দিব পাৰিব৷ দেশজোৰা লকডাউনৰ নিষেধাজ্ঞা চলি থকাৰ বাবে বিভিন্ন শিক্ষা প্ৰতিষ্ঠান আৰু এনটিএৰ পৰীক্ষা অনুশীলন কেন্দ্ৰসমূহ বন্ধ হৈ আছে। ইয়াৰ ফলত এই পৰীক্ষাসমূহৰ প্ৰস্তুতি ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত এই ক্ষতিপূৰণ পুৰণত ঘৰৰ পৰাই উচ্চমানৰ মক টেষ্টৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই এপটো আৰম্ভ কৰা হয়৷
ছাত্ৰ-ছাত্রীসকলৰ বাবে আৰম্ভ কৰা এই সুবিধাৰ জৰিয়তে পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্রত স্বাভাৱিক অৱস্থাৰ দৰে পৰিস্থিতি গঢ় দিবলৈ ভাৰতে অগ্ৰনী ভূমিকা পালন কৰিছে৷ বৰ্তমান বিশ্বজুৰি ৰোগৰ বিৰুদ্ধে যুঁজ চলি থকাৰ সময়তে এই ধৰণৰ পদক্ষেপে গুৰুত্ব লাভ কৰিছে৷
সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্রীসকলে এই এপটো ব্যৱহাৰ কৰি বিনামূল্যে উচ্চ মানৰ মক টেষ্ট দিব পাৰিব৷ জেইই আৰু নীট পৰীক্ষাকে ধৰি অন্যান্য প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতিত এই এপটোৱ কার্যকৰী ভুমিকা পালন কৰিব৷ ইয়াক সহজে ডাউনলোড কৰিব পাৰিব৷ ছাত্ৰ-ছাত্রীসকলে অফলাইনত এই মক টেষ্ট দিব পাৰিব ফলত ইণ্টাৰনেটৰ ব্যৱহাৰো ৰাহি হ’ব৷
এপটো শুভাৰম্ভ কৰি মানৱ সম্পদ উন্নয়ন মন্ত্রীগৰাকীয়ে কয়, "কোনো ছাত্ৰ-ছাত্রীয়ে যাতে পৰীক্ষাৰ প্ৰস্তুতিত পিছ পৰি নাথকে, সেয়া এই এপটো প্ৰস্তুত কৰাৰ সময় নিশ্চিত কৰা হৈছে তথা এই এপটো সময় সাপেক্ষ কৰি তোলা হৈছে৷ বিশেষকৈ ক’ভিডৰ বাবে দেশজোৰা লকডাউন চলি আছে আৰু সকলো শিক্ষা প্ৰতিষ্ঠান তথা এনটিএৰ পৰীক্ষা অনুশীলন কেন্দ্ৰবোৰ বন্ধ হৈ আছে, তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্রীসকলৰ ঘাটি পূৰণত এই এপটোৱে কার্যকৰী ভুমিকা পালন কৰিব৷
স্মার্টফোন বা কম্পিউটাৰৰ জৰিয়তে দেশৰ চুকে-কোণে থকা পৰীক্ষার্থীসকলে এই মক টেষ্ট চামিল হ’ব পাৰিব৷ মক টেষ্ট ডাউনলোড কৰিও এই এপৰ জৰিয়তে পৰীক্ষাৰ অনুশীলন কৰি পাৰিব শিক্ষাৰ্থীসকলে৷ উল্লেখ্য যে ইণ্টাৰনেট নাথাকিলেও ইয়াত অংশগ্ৰহন কৰিব পাৰিব৷ গুগল প্লেষ্ট’ৰৰ পৰা এনড্ৰইড স্মার্টফোন বা টেবলেটত এই এপটো ডাউনলোড কৰিব পাৰিব৷ অতি শীঘ্ৰেই এই এপটো আইঅ’এছত উপলব্ধ হ’ব৷ এপটো ডাউনলোড কৰাৰ পাছত ছাত্ৰ-ছাত্রীসকলে নাম পঞ্জীয়নভুক্ত কৰি নিজৰ একাউণ্ট প্ৰস্তুত কৰিব লাগিব৷ তাৰ পাছত ছাত্ৰ-ছাত্রীসকলে বিনামূল্যে তেওঁলোকৰ পছন্দ অনুসৰি মক টেষ্ট দিব পাৰিব৷
এনটিএৰ ফালৰ পৰা প্ৰতিদিনে নতুন মক টেষ্টৰ পৰিকল্পনা কৰা হৈছে৷ এই মক টেষ্টবোৰ শিক্ষাৰ্থীসকলে ডাউনলোড কৰি অফলাইনত পৰীক্ষা দিব পাৰিব৷ পৰীক্ষা দিয়াৰ পাছত তেওঁলোকে পুনৰ অনলাইনত তেওঁলোৰ পৰীক্ষাপত্ৰ দাখিল কৰিব আৰু মূল্যায়নৰ ফলাফল জানিব পাৰিব৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে এই এপৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল যে সকলো অঞ্চলত ইণ্টাৰনেট সেৱা দুর্বল, সেয়েহে সেই অঞ্চলৰ ছাত্ৰ-ছাত্রীসকলেও এই পৰীক্ষাপত্ৰ ডাউনলোড কৰি পৰীক্ষাৰ প্ৰস্তুতি চলাব পাৰিব৷ ইয়াৰ সমান্তলাভাৱে এন টি এই ছাত্ৰ-ছাত্রীৰ সহায় হোৱাকৈ https://nta.ac.in/abhyas/help লিংকটোও আৰম্ভ কৰিছে৷
মক টেষ্টৰ ফলাফল প্ৰকাশ কৰাৰ সময়ত প্ৰতিগৰাকীয়ে ছাত্ৰ-ছাত্রীৰ ক’ত ক’ত নম্বৰ কম পাইছে, সেয়া বিশ্লেষন কৰিব পাৰি, যাতে তেওঁলোকে তেওঁলোকৰ প্ৰৱেশিকা পৰীক্ষাত এই ঘাটিবোৰ পুৰণ কৰি ভাল ফলাফল লাভ কৰিব পাৰে৷
*****
NB/AKJ/AK/DB