শক্তি মন্ত্ৰালয়

চাইক্ল’ন আম্ফনৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি মন্ত্ৰালয়ে গ্ৰহণ কৰিছে পৰ্যাপ্ত ব্যৱস্থা

পিঅ’এছঅ’চিঅ’ৰ এনএলডিচি আৰু ইআৰএলডিচিক প্ৰধান নিয়ন্ত্ৰণ কেন্দ্ৰ হিচাপে মনোনীত কৰা হৈছে

জৰুৰীকালীন পুনৰ্বাসন ব্যৱস্থা (৪০০ কেভিত ৩২ আৰু ৭৬৫ কেভিত ২৪)ৰ সৈতে গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত পৰিমাণে ব্যক্তি মোতায়েন কৰা হৈছে

Posted On: 19 MAY 2020 7:34PM by PIB Guwahati

প্ৰলয়ংকাৰী ঘূৰ্ণী বতাহ আম্ফনৰ সৈতে মোকাবিলা কৰিব পৰাকৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে৷ এই ধুমুহাই কাইলৈ ২০.০৫.২০২০ তাৰিখে দুপৰীয়া পশ্চিমবংগ আৰু উৰিষ্যাক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে৷ শক্তি মন্ত্ৰালয়ে এই সম্পূৰ্ণ স্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো হিতাধিকাৰী অৰ্থা ৰাজ্য চৰকাৰ আৰু তেওঁলোকৰ বিজুলীৰ সঁজুলি, উপাদন আৰু সংবহন উদ্যোগ, গ্ৰীড অপাৰেটৰ আৰু সামগ্ৰীসমূহৰ যোগানৰ বাবে নিৰ্মাতা আদিসকলৰ সৈতে সমন্বয় স্থাপন কৰিছে৷

উৰিষ্যা আৰু পশ্চিমবংগত শক্তি/বিজুলী বিভাগৰ উচ্চ পৰ্যায়ত ন’ডেল বিষয়াসকলক যিকোনো আপাতকালীন পৰিস্থিতি চম্ভালিবলৈ মোতায়েন কৰা হৈছে৷ ভুৱনেশ্বৰ আৰু কলিকতাত পিজিচিআইএল আৰু এনটিপিচিয়ে ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে৷ ইয়াৰোপৰি পিজিচিআইএলৰ মুখ্য কাৰ্যালয়/মানেচৰতো এক ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে৷ 

নেচনেল গ্ৰীড অপাৰেটৰ-পিঅ’এছঅ’চিঅ’ই সমগ্ৰ স্থিতি নিৰীক্ষণ কৰি আছে৷ সকলো আৰএলডিচিক এনএলডিচিৰ দ্বাৰা ১৭.০৫.২০২০ তাৰিখে প্ৰাৰম্ভিক পৰামৰ্শ প্ৰদান কৰা হৈছিল৷ এনএলডিচিৰ দ্বাৰা আৰএলডিচি আৰু সকলো সম্বন্ধীয় সংবহন অনুজ্ঞাপত্ৰধাৰী আৰু পশ্চিমবংগ তথা উৰিষ্যাৰ ৰাজ্য ভাৰ প্ৰেৰণ কেন্দ্ৰসমূহক ১৮.০৫.২০২০ তাৰিখে পৰামৰ্শৱলী প্ৰদান কৰা হৈছিল৷

আপাতকালীন পুনৰ্বাসন প্ৰণালী (৪০০ কেভিত ৩২ আৰু ৭৬৫ কেভিত ২৪)ৰ সৈতে গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত পৰিমাণে ব্যক্তি মোতায়েন কৰা হৈছে৷ পৰিবহণ প্ৰক্ৰিয়াকো ইয়াত জড়িত কৰোৱা হৈছে যাতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ ইআৰএছৰ বাবে প্ৰেৰণ কৰিব পৰা যায়৷ সংবহন উপকৰণ, ডিজি ছেট, ট্ৰেন্সফ’ৰ্মাৰৰ তেল, আপাতকালীন পোহৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী সাজু কৰি ৰখা হৈছে৷

 

***

RCJ/M/MANN



(Release ID: 1625259) Visitor Counter : 161