ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰত ক’ভিড সম্পৰ্কীয় সাহায্য আগবঢ়োৱা সৈন্যবাহিনীৰ চিকিৎসাদলক কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ প্ৰশংসা

Posted On: 18 MAY 2020 9:05PM by PIB Guwahati

কেন্দ্ৰীয় (স্বতন্ত্ৰ)ড’নাৰ মন্ত্ৰী ডজিতেন্দ্ৰ সিঙে উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰত ক’ভিড সম্পৰ্কীয় সাহায্য আগবঢ়োৱা সৈন্যবাহিনীৰ চিকিসাদলক প্ৰশংসা কৰে৷  

জেনেৰেল বেনাৰ্জীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত গ্ৰহণ কৰা শেহতীয়া পদক্ষেপ তথা স্থিতি সম্পৰ্কে অৱগত কৰে৷ তেওঁ কয় যে অৰুণাচল প্ৰদেশত মিলিটেৰী হাস্পতাল টেংগাত ক’ভিডৰ বাবে ৮০খন নিৰ্ধাৰিত বিচনা তথা ২খন আইচিইউ বিচনাৰ ব্যৱস্থা কৰা হৈছে৷ ঠিক সেইদৰে অসমৰ যোৰহাট আৰু মেঘালয়ৰ শ্বিলঙত যথাক্ৰমে ১১০খন আৰু ২৪৭খন নিৰ্ধাৰিত বিচনাৰ ব্যৱস্থা কৰাৰ লগতে ক্ৰমে ১০খন আৰু ৪খন আইচিইউ বিচনাৰো ব্যৱস্থা কৰা হৈছে৷ শ্ৰীনগৰৰ সৈন্যবাহিনীৰ হাস্পতালত ১২৪খন বিচনা, ৰাজৌৰিৰ বাবে ৮২খন বিচনাৰ ব্যৱস্থা কৰা হৈছে৷

জিতেন্দ্ৰ সিঙে সৈন্যবাহিনীৰ এই পদক্ষেপৰ প্ৰশংসা কৰে৷ এএফএমএছৰ সঞ্চালক প্ৰধান গৰাকীয়ে মন্ত্ৰীগৰাকীক পৰিস্থিতি সাপেক্ষে এনে ধৰণৰ চিকিসালয়ৰ ব্যৱস্থা বৃদ্ধি কৰাও হ’ব পাৰে বুলি নিশ্চিতি প্ৰদান কৰে৷

*****

VG/SNC/MANN



(Release ID: 1625041) Visitor Counter : 178