উপ-ৰাষ্ট্ৰপতি সচিবালয়

ক’ৰোনা সংক্ৰমণৰ পৰা শিক্ষা লৈ জীয়াই থকাৰ নতুন পথ গ্ৰহণৰ আহ্বান উপ-ৰাষ্ট্ৰপতি শ্রী ভেংকায়া নাইডুৰ

জীৱন আৰু মানৱীয়তাক লৈ নতুন মনোভাৱৰ আহ্বান

ৰোগ বা অৰ্থনীতিয়ে সকলোকে আঘাত কৰে; আন্তঃসংযোগেৰে জীয়াই থকাই মুল শিক্ষা বুলি ক’লে নাইডুৱে

ক’ভিডে দাৰ্শনিক আৰু নৈতিক দিশবোৰ উদঙাই দিছে; অৰ্থনীতিৰ ভুল দিশবোৰ ফাদিল কৰিছে

ক’ভিডক এক সভ্যতাজনিত উদ্বেগ আখ্যা উপ-ৰাষ্ট্ৰপতিৰ

ক’ৰোনাৰ সময়ত নতুন স্বাভাৱিক জীৱনৰ ১২টা দিশৰ পৰামৰ্শ শ্ৰী নাইডুৰ

Posted On: 18 MAY 2020 2:26PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ শ্রী ভেংকায়া নাইডুয়ে ক’ৰোনা সংকটকালত জীয়াই থকাৰ নতুন পথ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ সংক্ৰমণ মোকাবিলা কৰিবলৈ তেওঁ নতুন ১২টা দিশৰ পৰামর্শ আগবঢ়ায়৷ ক’ৰোনা মহামাৰীৰ পৰা শিক্ষা লৈ জীৱন ৰক্ষাৰ পথ বিচাৰিব লাগিব বুলি তেওঁ লগতে কয়৷ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই সংক্ৰমণ দীৰ্ঘকাললৈ বৰ্তি থাকিব পাৰে৷ সেয়েহে জীৱন আৰু মানৱীয়তাৰ মনোভাৱ নতুনকৈ গঢ় দিব লাগিব৷

যোৱা নিশা চতুৰ্থ পৰ্যায়ৰ দেশজোৰা লকডাউন ঘোষণা হোৱাৰ পাছতেই উপ-ৰাষ্ট্ৰপতিয়ে তেওঁৰ ফেছবুক পেজত ১৫২৯টা শব্দৰ এক প্ৰৱন্ধ উল্লেখ কৰে৷ তাতে তেওঁ ক’ভিড-১৯ মহামাৰীৰ দার্শনিক তথা নৈতিক দিশবোৰ তুলি ধৰে৷ তেওঁ কয় যে এই সংক্ৰমণে ৰোগ আৰু অর্থনীতিতো আঘাত কৰে; আন্তঃসংযোগেৰে জীয়াই থকাই মুল শিক্ষা৷

ক’ৰোনা সংক্ৰমণৰ পূৰ্বে মানুহে কোনোৱ সুখভোগ কৰিছিল, কোনোৱে মাথো জীয়াই আছিল, আনৰ কি হৈছিল, সেয়া ভৱাৰ সময় নাছিল৷ কিন্তু ক’ৰোনাৰ পাছত মানুহে প্ৰকৃতিৰ সৈতে, মানুহৰ সৈতে একেলগে জীয়াই থকাৰ তাগিদা অনুভৱ কৰিছে। অদৃশ্য ভাইৰাছে দ্রুতগতিত মানুহৰ জীৱনধাৰাৰ পৰিৱৰ্তন কৰিছে৷

তেওঁ কয় যে এই মহামাৰীয়ে অর্থনৈতিক দোষ-ত্রুটিবোৰ ফাদিল কৰিছে। অনিশ্চিত ভৱিষ্যতে মানুহক বেৰি ধৰিছে৷ অনিশ্চয়তাই উদ্বেগৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা মুক্তি পোৱাৰ উপায় সুস্থিৰে থকা, বিশ্বাস ৰখা আৰু নতুন জীৱনক আদৰি লোৱা৷

সভ্যতাই মানুহক জীয়াই থকাৰ সম্ভাৱনাক আগুৱাই নিয়াৰ চেষ্টা কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ক’ৰোনা সংকট কেৱল সভ্যতাৰ নহয়, বর্তমান সভ্যতাক বাহাল ৰাখিবলৈ নতুন ধাৰাৰ সৈতে খোজত খোজ মিলাই আগুৱাব লাগিব৷

দীর্ঘদিন বন্দী হৈ থকাটো অসম্ভৱ বুলি সদৰি কৰি উপ-ৰাষ্ট্ৰপতি নাইডুয়ে যোৱা নিশা লকডাউনৰ নিষেধাজ্ঞাত কেতবোৰ ৰেহাই দিয়া ব্যৱস্থাক আদৰণি জনাই কয় যে বিভিন্ন সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আমি যিদৰে নিয়ম মানি আগুৱাইছো, সেইদৰে এই সংক্ৰমণক মানি লৈ আমি আগুৱাব লাগিব৷ আমি ভবাতকৈও এই সংক্ৰমণ আমাৰ মাজত অধিক সময় থাকিব পাৰে৷

জীৱনত নতুনকৈ জীয়াই থাকিবলৈ নাইডুয়ে ১২টা দিশৰ পৰামর্শ আগবঢ়ায়৷ সেইবোৰৰ ভিতৰত প্ৰকৃতিৰ সৈতে সংগতি ৰাখি আগুৱাব লাগিব, কিদৰে নিৰাপদে জীয়াই থাকিব পাৰি সেয়া জানিব লাগিব, সংক্ৰমণৰ গতিবিধি প্ৰতিনিয়ত সঠিকভাৱে পর্যালোচনা কৰা তথা ইয়াৰ প্ৰভাৱৰ বিষয়ে ভাবিব লাগিব৷ বিজ্ঞানৰ ওপৰত ভৰসা ৰাখিব লাগিব, বিজ্ঞানেই এই সমস্যা সমাধানৰ পথ দেখুৱাব, মাস্ক ব্যৱহাৰ কৰিব লাগিব, শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব, স্বাস্থ্য বিধি মানিব লাগিব, সংক্ৰমিত ব্যক্তিসকলৰ ওপৰত কালিমা সনা বন্ধ কৰিব লাগিব, সংক্ৰমণ বহন কৰা বুলি কোনো ব্যক্তিক চিহ্নিত কৰাৰ পূৰ্বে সঠিক তথ্য জানিব লাগিব ইত্যাদি উল্লেখযোগ্য৷

উপ-ৰাষ্ট্ৰপতিয়ে সংবাদ মাধ্যমক সৰ্বনাশী ৰূপত উপস্থাপন কৰাৰ বিপৰীতে কোনো বাতৰি সঠিক তথা বিজ্ঞানসন্মতভাৱে পৰিৱেশনৰ আহ্বান জনায়৷

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ জনসাধাৰণক "ভিন্ন ধৰণে তথা সুস্থভাৱে জীয়াই থকা আহ্বান জনায়৷

****

VRRK/MS/MSY/RK/DB



(Release ID: 1625018) Visitor Counter : 314