ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

কেন্দ্ৰীয় চৰকাৰে বিভিন্ন খণ্ডৰ বাবে ঘোষণা কৰা সাহায্য পেকেজৰ লগতে এমএছএমইৰ নতুন সংজ্ঞাই উদ্যোগ খণ্ডক উদ্গনি যোগাবঃ শ্ৰী গাডকাৰী

এমএছএমইৰ বাবে প্ৰভাৱশালী মুল্যাংকনৰ অনুসন্ধানৰ লগতে এমএছএমইৰ বাবে ঘোষিত পেকেজৰ ‘ফাণ্ড অফ ফাণ্ড’ৰ ফলপ্ৰসূ ৰূপায়ণৰ আহ্বান শ্ৰী নীতিন গাডকাৰীৰ

Posted On: 17 MAY 2020 5:46PM by PIB Guwahati

কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন অংশীদাৰ/এমএছএমইকে ধৰি শ্ৰমিক, কৃষি ইত্যাদিৰ বাবে চৰকাৰে ঘোষণা কৰা সাহায্য পেকেজ আৰু এমএছএমইৰ নতুন সংজ্ঞাই উদ্যোগ খণ্ডক উদ্গনি যোগাব৷ তেওঁ এমএছএমইৰ বাবে প্ৰভাৱশালী মুল্যাংকনৰ অনুসন্ধানৰ আহ্বান জনোৱাৰ লগতে অংশীদাৰৰ দ্বাৰা এমএছএমইৰ অংশ হিচাপে ঘোষিত পেকেজৰ ‘ফাণ্ড অফ ফাণ্ড’ ফলপ্ৰসূ ৰূপায়ণৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াৱলৈ কয়৷

শ্ৰী গাডকাৰীয়ে আজি বিজিনেছ নেটৱৰ্ক ইণ্টাৰনেচনেল আৰু এমএম এক্টিভ ছায়েন্স-টেক কমিউনিকেশ্যনৰ প্ৰতিনিধিৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে ‘এমএমএছইত ক’ভিড-১৯ৰ প্ৰভাৱ’ আৰু “২০ লাখ কোটি পেকেজৰ পাছত ভাৰতীয় উদ্যোগৰ ভৱিষ্যত”ৰ সন্দৰ্ভত অনুষ্ঠিত সভাত সম্বোধন কৰি আজি এইদৰে কয়৷ তেওঁ লগতে কয় যে কৃষি এমএছএমই আৰু মৎস পালন এমএছএমই খণ্ডত অনুসন্ধানৰ আৱশ্যকতা আছে৷

মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ৰ বাবে চৰকাৰৰ লগতে সকলো হিতাধিকাৰীয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ তেওঁ উদ্যোগ জগতক এই সংকটৰ পৰা মুক্ত হ’বলৈ এই কঠিন সময়ত ইতিবাচক দৃষ্টিভংগীৰে কাম কৰি যাবলৈ কয়৷

তেওঁ পুনৰ জাপানৰ একাংশ কোম্পানীয়ে চীন এৰি অহাৰ কথা দোঁহাৰি সেই সূযোগ ভাৰতৰ কোম্পানীসমূহক লোৱাৰ আহ্বান জনায়৷

গ্ৰীণ এক্সপ্ৰেছ হাইৱে সন্দৰ্ভত উল্লেখ কৰি তেওঁ কয় যে নতুন দিল্লী-মুম্বাই গ্ৰীণ এক্সপ্ৰেছৱেৰ কাম আৰম্ভ হৈছে, যিটো গ্ৰামীণ, জনজাতীয় আৰু পিছপৰা এলেকা সামৰি লৈছে৷ তেওঁ উদ্যোগসমূহক গ্ৰামীণ, জনজাতীয় আৰু পিছপৰা এলেকাত উন্নত পথৰ সুবিধা লৈ সেই অঞ্চলসমূহত সুসজ্জিত ল’জিষ্টিক পাৰ্কত বিনিয়োগ কৰিবলৈ কয়৷ মেট্ৰো বা বৃহ চহৰৰ পৰা উদ্যোগৰ বিকেন্দ্ৰীকৰণৰ সন্দৰ্ভত কাম কৰাৰ আৱশ্যকতাৰ সন্দৰ্ভত বৰ্ণনা কৰি তেওঁ কয় যে দেশৰ গ্ৰামীণ, জনজাতী আৰু পিছপৰা এলেকাৰ ওপৰত ধ্যান দিব লাগিব৷

শ্ৰী গাডকাৰীয়ে কয় যে অভিনৱ উদ্ভাৱন, উদ্যমিতা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, গৱেষণা আৰু অভিজ্ঞতাৰ সন্দৰ্ভত অধিক গুৰুত্ব দিব লাগিব, যাৰ দ্বাৰা জ্ঞানক ধনলৈ পৰিৱৰ্তন কৰিব পৰা যায়৷

মন্ত্ৰীগৰাকীক সোধা প্ৰশ্ন আৰু আগবঢ়োৱা পৰামৰ্শৱলীৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে সদৰি কৰা ‘দুৰ্যোগত আশীৰ্বাদ’ৰ লাভ কিদৰে আদায় কৰিব পাৰি, সমাজত প্ৰভাৱিত কৰাৰ বাবে বিএনআই তথা অন্যান্য কি কি কৰিব পাৰি, ক’ভিডৰ সময়ত সমস্যাৰ মোকাবিলা কৰা কোম্পানীৰ বাবে কি বাৰ্তা, সুক্ষ্ম উদ্যোগৰ লাভ প্ৰদানৰ বাবে মুদ্ৰা ঋণৰ সীমা বৃদ্ধি কৰি ৫ লাখ কৰা তথা এমএছএমইৰ বাবে ঘোষিত বন্ধকীবিহীন ৩ লাখ কোটি টকা ঋণৰ বাবে সৰল নিৰ্দেশনা ইত্যাদি উল্লেখযোগ্য৷

তেওঁ অংশগ্ৰহণকাৰীসকলে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে এই ক্ষেত্ৰত চৰকাৰৰ জৰিয়তে সম্ভাৱ্য সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে৷

*****

RCJ/SKP/IA/DB



(Release ID: 1624809) Visitor Counter : 200