ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

উত্তৰ-পূবৰ ৮খন ৰাজ্য আৰু জম্মু আৰু কাশ্মীৰৰ দিল্লীস্থিত আৱাসিক আয়ুক্তৰ পৰা ক’ভিড সম্পৰ্কীয় মতামত গ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে

Posted On: 15 MAY 2020 7:38PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি উত্তৰ-পূবৰ ৮খন ৰাজ্য আৰু জম্মু আৰু কাশ্মীৰৰ দিল্লীস্থিত আৱাসিক আয়ুক্তৰ পৰা ক’ভিড সম্পৰ্কীয় মতামত গ্ৰহণ কৰে৷

এঘণ্টাজোৰা ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণকাৰী আৱাসিক আয়ুক্তসকল হ’ল ক্ৰমে অৰুণাচল প্ৰদেশৰ জিতেন্দ্ৰ নাৰায়ণ, অসমৰ কে চি ছামাৰিয়া, মনিপুৰৰ পি. কে. সিং, মিজোৰামৰ অজয় চৌধুৰী, নাগালেণ্ডৰ জ্যোতি কলশ, ছিকিমৰ অশ্বনী কুমাৰ চান্দ, ত্ৰিপুৰাৰ চেতন্য মুৰ্তি আৰু জম্মু আৰু কাশ্মীৰৰ নীৰজ কুমাৰ৷  

এই উপলক্ষে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিবৰ্গক বিগত দুই-তিনি দিনত দেশৰ বিভিন্ন প্ৰান্তত থকা লোকসকলক তেওঁলোকৰ গৃহভূমিত উপনীত কৰোৱাত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ সন্দৰ্ভত চমুকৈ কয়৷ তেওঁ শ্ৰমিক বিশেষ ৰে’লৰ ধাৰাবাহিকতাৰ সন্দৰ্ভত উল্লেখ কৰি এই ক্ষেত্ৰত সমন্বয়ৰক্ষী বিষয়া হিচাপে আৱাসিক আয়ুক্তসকলে পালন কৰা দায়িত্বৰ প্ৰশংসা কৰে৷

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল তথা আৱাসিক আয়ুক্তসকলৰ সৈতে তেওঁৰ কাৰ্যালয়ে নিৰন্তৰ সম্পৰ্ক ৰক্ষা কৰি অহা বুলি সদৰি কৰি ড০ জিতেন্দ্ৰ সিঙে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ ক্ষেত্ৰত তেওঁৰ কাৰ্যালয় তথা কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিবলৈ কয়৷ ক’ৰোনাৰ সংক্ৰমণ ৰোধত উত্তৰ-পূবৰ ৰাজ্যসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাৰ সৰ্বস্তৰতে প্ৰশংসা হোৱাৰ লগতে অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তুলনাত জম্মু আৰু কাশ্মীৰ আৰু লাডাখেও নিৰ্ণায়ক ভূমিকা পালন কৰিছে৷

আৱাসিক আয়ুক্তসকলে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কোনো ধৰণৰ অত্যাৱশ্যকীয় আৰু চিকিসা সামগ্ৰীৰ অভাৱ হোৱাৰ বুলি মন্ত্ৰীগৰাকীক অৱগত কৰি এই ক্ষেত্ৰত মন্ত্ৰীৰ কাৰ্যালয়ে প্ৰত্যেক ক্ষেত্ৰতে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জনায়৷ তেওঁলোকে প্ৰব্ৰজিত শ্ৰমিক আৰু শিক্ষাৰ্থীসকলক কোনো সমাগম নোহোৱাকৈ তেওঁলোকক ঘৰলৈ ঘুৰাই পঠোৱাত সফল হোৱাৰ সন্দৰ্ভতো মন্ত্ৰাগৰাকীক অৱগত কৰে৷

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ পেকেজৰ প্ৰতি দেশৰ সকলো প্ৰান্তৰ লোকে ইতিবাচক মতামত আগবঢ়োৱা বুলি আৱাসিক আয়ুক্তসকলে কয়৷ তেওঁলোকে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এই প্ৰস্তাৱক আদৰণি জনাইছে৷

<><><><><>

VG/SNC/DB



(Release ID: 1624445) Visitor Counter : 175