নৌ-পৰিবহন মন্ত্ৰালয়
ক’ভিড-১৯ বিৰোধী যুঁজৰ মাজতে ভাৰতীয় অৰ্থনীতিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ জৰিয়তে ঘোষণা কৰা পদক্ষেপলানিক আদৰণি জনাইছে শ্ৰী মনসুখ মাণ্ডৱীয়াই
प्रविष्टि तिथि:
15 MAY 2020 7:14PM by PIB Guwahati
ক’ভিড-১৯ বিৰোধী যুঁজৰ মাজতে ভাৰতীয় অৰ্থনীতিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ অধীনত ৰূপায়ণ কৰিব খোজা আৰু শেহতীয়া ভাবে বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে সদৰী কৰা পদক্ষেপলানিক আদৰণি জনাইছে কেন্দ্ৰীয় জাহাজ পৰিবহণ আৰু ৰসায়ণ তথা সাৰ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়াই। যোৱা দেওবাৰে ২০লাখ কোটি টকীয়া বিশাল অৰ্থনৈতিক পেকেজ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতক অত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে আহ্বান জনাইছিল। এই অভিযান সফল কৰাৰ ক্ষেত্ৰত তেওঁ --অৰ্থনীতি, আন্তঃগাঁথনি, প্ৰবন্ধন-ব্যৱস্থা, উজ্জীৱিত জনগাঁথনি আৰু চাহিদা-ৰ ৰূপত পাঁচোটা স্তম্ভৰ প্ৰসংগও উল্লেখ কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ বিস্তৃত তথ্য দাঙি ধৰি বিত্ত মন্ত্ৰী শ্ৰীমতী সীতাৰমণে এই পৰ্যন্ত সদৰী কৰা পদক্ষেপলানিয়ে আক্ষৰিক অৰ্থতে ভাৰতীয় অৰ্থনীতি আৰু নাগৰিকসকলক উজ্জীৱিত কৰি তুলিব বুলি মন্তব্য কৰে মন্ত্ৰী শ্ৰী মাণ্ডৱীয়াই।
***
YB/AP/KB
(रिलीज़ आईडी: 1624323)
आगंतुक पटल : 186