মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
ৱেবিনাৰযোগে দেশৰ শিক্ষকসকলৰ সৈতে মত বিনিময় কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে
নবোদয় বিদ্যালয়ৰ চাকৰিৰ বাবে যিকলৰ সকলো প্রক্রিয়া সম্পন্ন হৈছে, লকডাউনৰ পাছতে তেওঁলোকক নিয়োগ কৰা হ’বঃ ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’
২০২০ৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট)ৰ দিন শীঘ্রে ঘোষণা কৰা হ’বঃ ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’
प्रविष्टि तिथि:
14 MAY 2020 5:34PM by PIB Guwahati
কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’ আজি শিক্ষকসকলৰ সৈতে ৱেবিনাৰযোগে নতুন দিল্লীৰ পৰা এক বৈঠকত মিলিত হয়। ছাত্র সমাজৰ মাজত ক’ভিড-১৯লৈ শিক্ষকসকলে যিদৰে সজাগতাৰ প্রচাৰ চলাইছে তাৰ বাবে তেওঁ সকলোৰে কৃতজ্ঞতা প্রকাশ কৰে।
শিক্ষকসকলৰ নিযু্ক্তিৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে কেন্দ্ৰীয় বিদ্যালয়ত ৮,০০০, নবোদয় বিদ্যালয়ত ২৫০০গৰাকী শিক্ষক নিযুক্তি দিয়া হৈছে৷ তেওঁ লগতে কয় যে নবোদয় বিদ্যালয়ৰ চাকৰিৰ বাবে যিকলৰ সকলো প্রক্রিয়া সম্পন্ন হৈছে, লকডাউনৰ পাছতে তেওঁলোকক নিয়োগ কৰা হ’ব আৰু ২০২০ৰ নেট পৰীক্ষাৰ দিনো শীঘ্রে ঘোষণা কৰা হ’ব।
দেশজোৰা লকডাউনত শিক্ষকসকলে তেওঁলোকৰ কর্তব্য পালনেৰে শিক্ষাৰ্থীৰ স্বার্থত কাম কৰি যায়, তাৰ বাবে শিক্ষকসকলক অনুৰোধ জনায়। তেওঁ কয় ভাৰতবর্ষত শিক্ষকসকলক ভগৱানৰ ওপৰত স্থান দিয়া হৈছে। ‘আচার্য দেৱ ভব’ আপ্ত বাক্য শাৰীক সাৰোগত কৰি শিক্ষকসকলক সন্মান জনোৱাটো আমাৰ কর্তব্য।
মন্ত্ৰী পোখৰিয়ালে কয় যে দেশ এক অভূতপূর্ব স্বাস্থ্য সংকটৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু এই সময়ত ছাত্র তথা অভিভাৱকসকলে পৃথক সমস্যাৰ সন্মুখীন হৈছে আৰু এই পৰিস্থিতিত শিক্ষকসকলেই দায়িত্ব লৈ সমস্যাৰ সমাধান কৰিব লাগিব। ক’ৰোনাত দিল্লীৰ এখন প্রাথমিক স্কুলৰ শিক্ষকৰ মৃত্যুত তেওঁ শোক প্রকাশ কৰে।
অনলাইনত পঢ়া-শুনাৰ ক্ষেত্রত শিক্ষক সমাজে যিদৰে প্রযুক্তি সহায়ক ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ তাৰ প্রশংসা কৰে। লকডাউনৰ পাছত বিদ্যালয় খুলিলে সৃষ্টি হ’বলগীয়া পৰিস্থিতিত কিদৰে সমস্যাৰ সমাধান কৰিব পৰা যায় সেই সম্পৰ্কেও পোখৰিয়ালে আলোচনা কৰে। চিবিএছইয়ে অতি শীঘ্রে এই সংক্রান্তীয় এক চেক লিষ্ট প্রকাশ কৰিব বুলি তেওঁ জনায়। তেওঁ সকলো শিক্ষককে শিক্ষা সম্পৰ্কীয় কোনো পৰামৰ্শ থাকিলে, টুইটাৰ বা ফেচবুকৰ জৰিয়তে জনাবলৈ আহ্বান জনায়৷ বৈঠকত তেওঁ শিক্ষকসকলক ক’ভিড-১৯ সংক্রান্তীয় নীতি নির্দেশনা সুচাৰুৰূপে মানি চলাৰ লগতে অভিভাৱক, শিক্ষাৰ্থীসকলক প্ৰেৰিত কৰিবলৈ আহ্বান জনায়।
******
NB/AKJ/AK/DB
(रिलीज़ आईडी: 1624260)
आगंतुक पटल : 234
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam