মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

নৱম আৰু একাদশ শ্ৰেণীৰ অনুতীৰ্ণ পৰীক্ষাৰ্থীক আৰু এবাৰলৈ বিদ্যালয়-ভিত্তিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিবলৈ চিবিএছই–ক পৰামৰ্শ মানৱ সম্পদ উন্নয়ণ মন্ত্ৰীৰ

Posted On: 14 MAY 2020 7:32PM by PIB Guwahati

নৱম আৰু একাদশ শ্ৰেণীj অনুতীৰ্ণ সকলো পৰীক্ষাৰ্থীক আৰু এবাৰলৈ বিদ্যালয়-ভিত্তিক অনলাইন/অফলাইন পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিবলৈ ‘চিবিএছই’–ক পৰামৰ্শ দিছে মানৱ সম্পদ উন্নয়ণ মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল ‘নিশাংক’-য়ে। ইতিমধ্যে এই সংক্ৰান্তত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে ‘চিবিএছই’য়ে।

ভিড-১৯য়ে্ সৃষ্টি কৰা অভুতপূৰ্ব পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, নৱম আৰু একাদশ শ্ৰেণীত অনুতীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীকে এক অনলাইন/অফলাইন পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা দিবলৈ মই চিবিএছই-ক পৰামৰ্শ দিছো।

#IndiaFightsCoronaVirus

এই সন্দৰ্ভত চিবিএছই-য়ে জাৰি কৰা অধিসূচনাত উল্লেখ কৰে যে, সমগ্ৰ দেশেই এতিয়া কভিড-১৯য়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে। এই পৰিস্থিতি নিতান্তই অভুতপূৰ্ব। ছাত্ৰ-ছাত্ৰীসকল ঘৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। তেওঁলোকৰ স্কুলবোৰ বন্ধ আছে। মানসিক চাপ আৰু উদ্বিগ্নতাই তেওঁলোকক ভাৰাক্ৰান্ত কৰি ৰাখিছে। মাক-দেউতাকসকলে দা-দৰ্মহা, পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য-পাতিৰ চিন্তাত দিন কটাবলগীয়া হৈছে। এনে এক সংকটৰ সময়ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ পৰীক্ষাত উত্তীৰ্ণ হব পৰা নাই তেওঁলোকেতো বাৰুকৈয়ে হতাশাত ভোগাতো স্বাভাৱিক। সেয়ে, দুৰ্যোগৰ এই মুহূৰ্তত হতাশাত ভোগা ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিয়াৰ বাবে আমি সকলোৱে মিলি প্ৰয়াস কৰিব লাগিব।

এনে প্ৰেক্ষাপটতে নৱম আৰু একাদশ শ্ৰেণীৰ অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আকৌ এবাৰ সুযোগ দিয়াৰ বাবে বিদ্যালয়সমূহে অনলাইন/অফলাইন অথবা আন অভিনৱ পদ্ধতিৰে পৰীক্ষা লৈ সংশ্লিষ্টসকলক উত্তীৰ্ণ কৰোৱাৰ দিহা কৰিবলৈ চিবিআই-য়ে পোষকতা কৰিছে। আনকি, কেৱল ছাত্ৰ-ছাত্ৰীসকলে বিফলতা প্ৰদৰ্শন কৰা বিষয়সমূহৰ পৰীক্ষা লোৱাৰো সিদ্ধান্ত বিদ্যালয়সমূহে গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে বিদ্যালয়সমূহক পৰ্যাপ্ত সময় দিবলৈ আহ্বান জনোৱা হৈছে।

ভিড-১৯য়ে সৃষ্টি কৰা অভুতপূৰ্ব পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেৱল চলিত বৰ্ষৰ বাবেহে এইধৰণৰ সুযোগ আগবঢ়োৱা হৈছে। কেৱল এবাৰৰ বাবে আগবঢ়োৱা এনে সুযোগ ভৱিষ্যতলৈ সম্প্ৰসাৰিত কৰা নহব বুলিও স্পষ্ট কৰি দিয়া হৈছে।

 

*****

NB /AKJ /AK /OA/KB



(Release ID: 1624256) Visitor Counter : 142