হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ৰে মোকাবিলা কৰিবলৈ দেৰাডুন স্মার্ট চিটীয়ে ইয়াৰ সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰসহ চিচিটিভি আৰু লকডাউনৰ সময়ত যাতায়াতত অনুমতি দিয়াৰ একাধিক ব্যৱস্থা হাতত লৈছে

Posted On: 11 MAY 2020 1:32PM by PIB Guwahati

দেৰাডুন স্মার্ট চিটী কর্তৃপক্ষই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত নিৰীক্ষণৰ বাবে সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰক কামত লগাইছে৷ ক’ভিড-১৯ সংক্রান্তীয় বিভিন্ন প্ৰয়োজনীয়তা পুৰণত স্মার্ট চিটী কর্তৃপক্ষই উপযুক্ত পৰিকল্পনা গ্ৰহণত জিলা কর্তৃপক্ষৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে। স্মার্ট চিটী কর্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ সৈতে একাধিক প্ৰযুক্তিগত সেৱাৰ অংশীদাৰেৰে ভিডিঅ’ কনফাৰেন্সঙিৰ মাধ্যমেৰে নিৰন্তৰ যোগাযোগ ৰাখিছে৷

দেৰাডুন স্মার্ট চিটী কর্তৃপক্ষই চহৰৰ হাস্পতালসমূহত নিৰীক্ষণৰ বাবে সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ সহায় লৈছে৷ চহৰৰ একাধিক স্থানত সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে চিচিটিভি স্থাপন কৰা হৈছে। কৃত্রিম বুদ্ধিমত্তাক কামত লগাই আইছ’লেচন বা কোৱাৰেন্টাইনত থকা লোকসকলৰ
মুখাবয়ব চিহ্নিতকৰণ ব্যৱস্থা কাম লগোৱা হৈছে৷ তদুপৰি, চহৰৰ বিভিন্ন স্থানত স্থাপন কৰা চিচিটিভিসমূহে স্বাস্থ্যকর্মীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷

এই স্মার্ট চিটী কর্তৃপক্ষই লকডাউনৰ সময় অত্যাৱশ্যকীয় সেৱাৰ বাবে কম্পিউটাৰ ভিত্তিক অনুমতি প্ৰদান ব্যৱস্থা আৰম্ভ কৰিছে। যদি কোনো ব্যক্তিয়ে লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সেৱা গ্ৰহণ কৰিব বিচাৰে, তেতিয়া তেওঁ অনলাইনযোগে অনুমতি বিচাৰিব লাগিব৷ ঘৰতে বহি তেওঁ সেই অনুমতি লাভ কৰিব৷

তদুপৰি, স্মার্ট চিটী কর্তৃপক্ষই লকডাউন সম্পর্কে সজাগতা প্ৰচাৰৰ কাম কৰিছে। একেদৰে সাধাৰণ জনতাক পৌৰনিগম আৰু অন্যান্য চৰকাৰী সেৱাৰ সম্পর্কে সজাগ কৰা হৈছে৷ বিভিন্ন ছ’চিয়েল মিডিয়াত স্মার্ট চিটী কর্তৃপক্ষই ইয়াৰ প্ৰকল্পসমূহৰ সম্পর্কে সজাগতা সৃষ্টিৰ কাম কৰিছে। দেৰাডুন চহৰৰ গুৰুত্বপূর্ণ কেন্দ্ৰসমূহত জনস্বা্ৰ্থজড়িত বার্তা প্ৰচাৰৰ যি প্ৰচেষ্টা লোৱা হৈছে, তাৰ অংগ হিচাপে বৃহ আকাৰৰ ডিছপ্লে বোর্ডত সজাগতা প্ৰচাৰ কৰা হৈছে। সাধাৰণ জনতাৰ সুবিধার্থে আৰক্ষী, স্বাস্থ্য আৰু অন্যান্য বিভাগৰ জৰুৰীকালীন সহায়ক নম্বৰবোৰ ডিছপ্লে বোর্ডৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে৷

****

RJ/NG/DB



(Release ID: 1623625) Visitor Counter : 170