উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ক’ভিডৰ পাছৰ পর্যায়ত অর্থনীতি, বানিজ্য, বৈজ্ঞানিক গৱেষণা আৰু অন্যান্য ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি হোৱাৰ আশা আছেঃ ড০ জিতেন্দ্ৰ সিঙৰ

এছোচেমৰ দ্বাৰা আয়োজিত ইণ্ডো-বাংলাদেশ ‘ভাৰ্চুৱেল কনফাৰেন্স’ত ভাষণ আগবঢ়ালে ড০ সিঙে

Posted On: 11 MAY 2020 8:14PM by PIB Guwahati

কেন্দ্রীয় উত্তৰ পূর্বাঞ্চল উন্নয়ন দপ্তৰৰ (স্বতন্ত্ৰ দায়িত্ব) ৰাজ্যিক মন্ত্রী ড০ জিতেন্দ্ৰ সিঙে কয় যে ক’ভিডৰ পাছৰ পর্যায়ত নতুন দিগন্তৰ সূচনা হ’ব, যাৰ ফলত অর্থনীতি, বানিজ্য, বৈজ্ঞানিক গৱেষণাকে ধৰি বিভিন্ন ক্ষেত্রত নতুন নতুন সুযোগ সৃষ্টি হোৱাৰ আশা আছে৷

এছ’চিয়েটেড চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী অফ ইণ্ডিয়া (এছ’ছেম)ৰ দ্বাৰা ভাৰত-বাংলাদেশৰ মাজত আয়োজিত ভার্চুৱেল কনফাৰেন্সত আজি তেওঁ এইদৰে কয়৷ এই সন্মিলনত বাংলাদেশৰ বানিজ্য মন্ত্রী টিপু মুন্সি, মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড ছাংমা আৰু বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত শ্রীমতী ৰিভা গাংগুলী দাসে অংশগ্ৰহণ কৰে৷ ড০ জিতেন্দ্ৰ সিঙে কয় যে বিগত ছবছৰত উত্তৰ পূর্বাঞ্চলে আগতকৈ ব্যাপক উন্নতি কৰিছে। কাৰন প্ৰথমবাৰলৈ সমগ্ৰ দেশৰ সৈতে এই অঞ্চলটোকো চৰকাৰে সমানভাৱে গুৰুত্ব দিছে৷ ইয়াৰ ফলত এই অঞ্চলৰ লোকসকলৰ আত্মবিশ্বাস বৃদ্ধি পোৱা, দেশৰ অন্যান্য অংশৰ সৈতে ফেৰ মৰাৰ লগতে পূব সীমান্ত পাৰৰ দেশৰ সৈতেও বিভিন্ন ক্ষেত্রত অংশ লৈছে৷

বাংলাদেশৰ সৈতে শেহতীয়া সম্পর্কৰ সন্দৰ্ভত ড০ সিঙে কয় যে ভাৰত-বাংলাদেশৰ মাজত ছিটমহল প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হস্তান্তৰ হৈছে৷ ইয়াৰ পূৰ্বে দুয়ো দেশৰ মাজত সহজ ভাবে বানিজ্য, যাতায়াত আৰু পাৰস্পৰিক বিনিময় জটিল আছিল। তেওঁ কয় যে দুয়োখন দেশৰ মাজত সুসম্পর্ক চাৰে চাৰি দশক পূৰ্বেই অৰ্থা বাংলাদেশ গঠন হোৱাৰ পাছতে গঢ়ি উঠিব লাগিছিল, কিন্তু পূর্বৰ চৰকাৰসমূহ বাবে এই বিষয়টো হয়তো গুৰুত্বপূর্ণ নাছিল বুলিও তেওঁ কয়৷

দুয়োখন দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক থকা কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অন্য দেশৰ তুলনাত বাংলাদেশৰ সৈতে বানিজ্যিক লেনদেন অধিক সহজ আৰ দুয়ো দেশৰ মাজত ব্যৱসায়-বাণিজ্য বৃদ্ধিত উত্তৰ-পূর্বাঞ্চলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷

এই সংকটজনক পৰিস্থিতিত উত্তৰ-পূর্বাঞ্চলত পাদিত বাঁহ সমগ্ৰ দেশৰ লগতে উপ-মহাদেশত, বিশেষকৈ বাংলাদেশতো প্ৰয়োজন। তেওঁ আন কেতবোৰ সামগ্রীৰ কথাও কয়, যিবোৰে দুয়োখন দেশৰ মাজত বানিজ্য সামগ্রীৰ সম্ভাৱনা আছে৷ সেইবোৰৰ ভিতৰত কয়লা, আদা, নেমু ইত্যাদি ৰপ্তানি কৰি তাৰ পৰা চিমেণ্ট, প্লাষ্টিক, পি ভি চি পাইপ ইত্যাদি আমদানি কৰিব পাৰি বুলি তেওঁ কয়৷

ড০ জিতেন্দ্ৰ সিঙে কয় যে উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে দুয়োখন দেশৰ মাজত বাণিজ্যিক ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা কৰিব৷ তেওঁ এছোচেমক আগুৱাই অহাৰ আহ্বান জনাই দুয়োখ দেশৰ স্বার্থ ৰক্ষা কৰি পিপিপি আৰ্হিত নতুন উদ্যোগ আৰু বানিজ্য সংস্থা গঢ়ি তোলাৰ আহ্বান জনায়৷

ড০ জিতেন্দ্ৰ সিঙে বানিজ্য আৰু উদ্যোগ সংস্থাসমূহক মূলধন আৰু সম্পদৰ ক্ষেত্ৰত শূন্যস্থান পূৰণ কৰিবলৈ আগুৱাই অহাৰ বাবে আহ্বান জনায়৷

বৈঠকত এছোচেমৰ হৈ বিনীত আগৰৱাল আৰু দীপক ছুদে বক্তব্য আগবঢ়ায়৷

 

<><><><><>

VG/SNC/DB



(Release ID: 1623572) Visitor Counter : 191