বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

প্ৰতিষেধক, ৰোগ-বিশ্লেষক, নিৰাময়ক আৰু অন্যান্য প্ৰযুক্তি সম্পৰ্কীয় গৱেষণাৰ ৭০টা প্ৰস্তাৱলৈ পুঁজি আৱণ্টনৰ পৰামৰ্শ ‘ডিবিটি’-‘বিআইআৰচি’ ক’ভিড-১৯ গৱেষণা ‘কনছৰ্টিয়াম’ৰ

Posted On: 10 MAY 2020 7:47PM by PIB Guwahati

ছাৰ্ছ ক (SARS CoV-2) ৰ বিপৰীতে অনতি বিলম্বে নিৰাপদ আৰু প্ৰভাৱশালী জৈৱ-চিকিত্সা সম্পৰ্কীয় সমাধান সূত্ৰ উদ্ভাৱনৰ বাবে ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগ(ডিবিটি) আৰু জৈৱ-প্ৰযুক্তি উদ্যোগ গৱেষণা সহযোগিতা পৰিষদে(বিআইআৰচি) স্থাপন কৰা কভিড-১৯ কনছৰ্টিয়ামলৈ আবেদন আহ্বান কৰা হৈছিল। তদুপৰি, দ্ৰুত পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত কভিড-১৯ৰ ক্ষেত্ৰত তত্কালীন ভাবে প্ৰয়োগ কৰিব পৰাকৈ সাজু হৈ থকা সমাধানসূত্ৰৰ ক্ষেত্ৰত বিআইআৰচি’-য়ে পুঁজি আবণ্টনৰো ব্যৱস্থা ৰাখিছিল।

’ভিড-১৯ৰ প্ৰতিৰোধ, নিয়ন্ত্ৰণ অথবা ইয়াৰ সন্ত্ৰাস ৰোধ কৰিব পৰা যিকোনো প্ৰকাৰৰ প্ৰবন্ধনৰ দিহা কৰিব পৰা প্ৰতিষেধক, ৰোগ-বিশ্লেষক, নিৰাময়ক, অথবা অন্যান্য প্ৰযুক্তিৰ বিকাশৰ বাবে উদ্যোগিক, শিক্ষায়তনিক অথবা উদ্যোগিক-শিক্ষায়তনিক যৌথ গৱেষণা সংক্ৰান্তীয় প্ৰকল্পৰ আবেদনসমূহ ‘কনছৰ্টিয়াম’ৰ অধীনত ডিবিটি আৰু বিআইআৰচি’-য়ে ধাৰাবাহিক ভাবে মূল্যায়ণ কৰি আহিছিল। ভিন্ন পৰ্যায়ৰ মূল্যায়নৰ অন্তত শেহতীয়া ভাবে ‘কনছৰ্টিয়ামে’ এনে ৭০টা প্ৰস্তাৱলৈ পুঁজি আবণ্টনৰ পৰামৰ্শ দান কৰিছে। পুঁজি আৱণ্টনৰ বাবে অনুমোদন জনোৱা প্ৰস্তাৱসমূহৰ ভিতৰত থকা প্ৰকল্পসূহৰ ভিতৰত ১০টা প্ৰতিষেধক উদ্ভাৱন সম্পৰ্কীয়, ৩৪টা ৰোগ বিশ্লেষক সম্পৰ্কীয়, ১০টা ৰোগ নিৰাময়ক সম্পৰ্কীয়, ২টা ইতিমধ্যে উপলব্ধ ঔষধৰ পুনৰ প্ৰয়োগ সম্পৰ্কীয় আৰু আন ১৪টা ৰোগ প্ৰতিৰোধমূলক শ্ৰেণীৰ বুলি তালিকাভুক্ত কৰা হৈছে।

প্ৰতিষেধক বিকশিত কৰাৰ ক্ষেত্ৰত যাৱতীয় প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰাৰ বাবে ‘ডিবিটি’-য়ে ইতিমধ্যে গৱেষক প্ৰতিষ্ঠানসমূহক নিৰ্বাচন কৰি উলিয়াইছে। সেই অনুসৰি আইআইটি ইন্দোৰে পৰৱৰ্তি পৰ্যায়ত ‘ইন-ভাৰ্টো এছেছ’ বিকশিত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ ‘ছাৰ্ছ ক’ভৰ ছিউদভাইৰাছ’ উত্পাদন কৰিব। আনহাতে, ‘এনজিন বায়’ছায়েন্সেছ লিমিটেডে’ ভেকচিন আৰু ডায়েগনষ্টিক কোম্পানীসমূহ প্ৰতিষেধকৰ ‘ৰি-এজেণ্ট’ হিচাপে ব্যৱহাৰৰ বাবে যোগান ধৰিব পৰাকৈ বৃহত্ পৰিমাণে ‘স্পাইক প্ৰ’টিন’ আৰু ‘ৰিচেপ্টৰ বাইণ্ডিং ড’মেইন প্ৰটিন’ প্ৰস্তুত কৰিব। সেইদৰে নেক্সট জেনেৰেশ্যন mRNA’ প্ৰতিষেধক বিকশিত কৰিব জেনভা আৰু চিএমচি, ভেল্লোৰে পৃথকে লিপিড এনকাপুলেটেড mRNA’ ভিত্তিক প্ৰতিষেধক বিকশিত কৰিব।

সেইদৰে, কভিড আক্ৰান্তৰ বাবে ইণ্ট্ৰানেজল প্ৰতিষেধক বিকশিত কৰাৰ বাবও ভাৰতীয় ৰসায়নিক প্ৰযুক্তি প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰা হৈছে।

 

 

****

KGS/(DBT release)/KB



(Release ID: 1622853) Visitor Counter : 246