শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে দেশজোৰা লকডাউনৰ বাবে উদ্যোগ আৰু শ্ৰমিকসকলে সন্মুখীন হোৱা সমস্যা সমাধানত সহায় কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিব কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে

শ্ৰমিকসকলৰ সৈতে বৈঠকৰ পাছত আজি নিয়োগ সংস্থাসমূহৰে ৱেবিনাৰত অংশ ল’লে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গেংৱাৰে

Posted On: 08 MAY 2020 8:08PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ লগতে কৰ্মচাৰী আৰু অৰ্থনীতিত ইয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ কৌশল আৰু নীতিসমূহৰ   সন্দৰ্ভত সামাজিক প্ৰতিষ্ঠানসমূহৰ সৈতে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে আলোচনা অনুষ্ঠিত কৰি আহিছে৷ মন্ত্ৰালয়ে ১ মে’ত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু কৰ্মচাৰী সংস্থাসমূহৰ সৈতে আৰু ৬ মে’ত চিটুৰ সৈতে ৱেবিনাৰৰ জৰিয়তে বৈঠকত মিলিত হয়৷ ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) সন্তোষ গেংৱাৰে আজি নতুন দিল্লীৰ পৰা ৱেবিনাৰযোগে নিয়োগ সংস্থাসমূহৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠতত ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত শ্ৰমিক আৰু প্ৰব্ৰজিত শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষিত ৰখা, নিয়োগ বৃদ্ধিৰ উপায়, অৰ্থনৈতিক কাম-কাজ পুনৰ আৰম্ভ কৰা, শ্ৰম আইনৰ অধীনত এমএছএমইৰ পাবলগীয়া ধন আদায় কৰি পৰিস্থিতি উন্নত কৰাৰ উপায় ইত্যাদি বিষয়বোৰৰ সন্দৰ্ভত আলোচনা কৰে৷ এই ৱেবিনাৰত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ একাংশ জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে৷ 

মন্ত্ৰীগৰাকীয়ে ৱেবিনাৰযোগে ইএছআইচি আৰু ইপিএফত ৰেহাই, বিভিন্ন হেল্পলাইনৰ জৰিয়তে ক’ভিড-১৯ৰ লকডাউনৰ সময়ত শ্ৰমিকসকলৰ সমস্যা সমাধানকে ধৰি শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ সন্দৰ্ভত অৱগত কৰে৷ তেওঁ উদ্যোগসমূহ আৰু অৰ্থনীতিৰ পুনৰুত্থানৰ বাবে মন্ত্ৰালয়ে প্ৰয়োজনীয় সকলো সহায় কৰাৰ আশ্বাস দিয়ে৷ বৈঠকত প্ৰতিনিধিসকলে ঔদ্যোগিক বিবাদ আইনৰ অধীনত কেতবোৰ ৰেহাই, উদ্যোগসমূহে সন্মুখীন হোৱা সংকট চিএছআইআৰ পুঁজিৰ জৰিয়তে পুৰণৰ অনুমতি, কৰ্মশক্তি ৫০শতাংলৈ বৃদ্ধি, কোনো উদ্যোগত ৯০শতাংশতকৈ অধিক ১৫,০০০তকৈ কম দৰমহা পোৱা শ্ৰমিকক প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ জৰিয়তে সামৰি লোৱা, ন্যূনতম মজুৰি, বোনাছ ইত্যাদি ৰেহাই, প্ৰতিদিনৰ কৰ্ম সময় ১২ ঘণ্টালৈ বৃদ্ধি কৰা, প্ৰতিষ্ঠানসমূহে কোনো লোকক চাকৰিৰ পৰা অব্যাহত দিবলগীয়া নোহোৱাকৈ উপযুক্ত পেকেজ আগবঢ়োৱা, ৰাজসাহায্যৰ ভিত্তিত উদ্যোগসমূহক বিদ্যু যোগান ধৰা, প্ৰব্ৰজিত শ্ৰমিকসকলৰ মাজত ক’ভিড-১৯ৰ আশংকা দূৰ কৰি তেওঁলোকক কামলৈ ঘুৰি যোৱাৰ বাবে অহা-যোৱা খৰচ, প্ৰায় ৬ মাহলৈ বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰা, প্ৰব্ৰজিত শ্ৰমিক ডাটা বেংক প্ৰস্তুত কৰা, অসংগঠিত খণ্ড আৰু দিন হাজিৰা কৰা শ্ৰমিকক সহায় কৰাৰ বাবে এক ৰাষ্ট্ৰীয় মহামাৰী পূঁজি গঠন কৰা, ৰে’ড, অ’ৰেঞ্জ আৰু গ্ৰীণ জ’নৰ বিপৰীতে কণ্টেইনমেণ্ট আৰু নন-কণ্টেইনমেণ্ট জ’ন হিচাপে অভিহিত কৰি নন-কণ্টেইনমেণ্ট জ’নত কৰ্মী আৰু সামগ্ৰীৰ সৰবৰাহ আৰু কাম-কাজ চলি থকাৰ ব্যৱস্থাৰ কৰা ইত্যাদি পৰামৰ্শৱলী আগবঢ়োৱা হয়৷ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত বিবেচনা কৰাৰ আশ্বাস দিয়ে৷

*****

RCJ/SKP/IA/DB



(Release ID: 1622501) Visitor Counter : 278