প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জিউছেপ্পি কণ্টেৰ মাজত ফোনযোগে বাৰ্তালাপ

Posted On: 08 MAY 2020 8:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জিউছেপ্পি কণ্টে আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

প্ৰধানমন্ত্ৰী মোদীয়ে ক’ভিড-১৯ মহামাৰীৰ বাবে ইটালীত প্রানহানি হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে এই সংকটকালত ইটালীৰ জনসাধাৰণে যি সাহসিকতাৰ পৰিচয় দিছে তাৰ প্ৰশংসা কৰে৷

এই মহামাৰীৰ ফলত দুয়োখন দেশৰ লগতে সমগ্ৰ বিশ্বজুৰি স্বাস্থ্য আৰু আর্থিক ক্ষেত্রত দেখা দিয়া সংকট মোকাবিলা কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপেৰ বিষয়ে দুয়োগৰাকী নেতাই আলোচনা কৰে৷ দুয়োগৰাকী নেতাই এজনে আনজনৰ প্ৰতি সহমর্মিতা প্ৰকাশ কৰে৷ ভাৰতত আৱদ্ধ ইটালীৰ নাগৰিক আৰু ইটালীত আৱদ্ধ ভাৰতীয় নাগৰিকসকলৰ প্ৰতি আগবঢ়োৱাৰ সহায়ৰ বাবেও পৰস্পৰে প্ৰশংসা কৰে৷

প্ৰধানমন্ত্রী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীক ভাৰতে প্ৰয়োজনীয় ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রী প্ৰেৰণৰ প্ৰতিশ্ৰুতি দিয়ে৷

দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে আলোচনা অব্যাহত ৰখাৰ বিষয়তো নেতা দুগৰাকীয়ে সহমত পোষণ কৰে৷

ইটালীৰ প্ৰধানমন্ত্রী কণ্টে প্ৰধানমন্ত্রী মোদীক জনোৱা আমন্ত্ৰণৰ কথা দোঁহাৰি সময় সুবিধা অনুসৰি ইটালীলৈ আহিবলৈ অনুৰোধ জনায়৷

****

VRRK/SH/DB



(Release ID: 1622415) Visitor Counter : 168