ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ঘৰুৱা উৎপাদন আৰু আমদানিৰ বিকল্পৰ প্ৰতি মনোযোগ দিয়াৰ সন্দৰ্ভত শ্ৰী নীতিন গাডকাৰিয়ে ভাৰতীয় সুগন্ধি আৰু সুবাস সংস্থাক সাক্ষাৎ কৰে

মন্ত্ৰীগৰাকীয়ে দেশত বাঁহৰ উৎপাদন বৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে

Posted On: 06 MAY 2020 7:42PM by PIB Guwahati

কেন্দ্ৰীয় ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ আৰু পথ পৰিৱহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰিয়ে আজি এক ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় সুগন্ধি আৰু সুবাস সংস্থাৰ প্ৰতিনিধিক সাক্ষা কৰি ষ্টাৰ্ট-আপ আৰু ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগৰ ওপৰত ক’ভিড-১৯ ৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। মত-বিনিময়ৰ সময়ত সদস্যসকলে ক’ভিড-১৯ ৰ বাবে সন্মূখীন হোৱা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰাৰ লগতে কিছু পৰামৰ্শ আগবঢ়ায় আৰু চৰকাৰৰপৰা সহযোগিতা আশা কৰে।      

শ্ৰী গাডকাৰিয়ে ভাৰতীয় সুগন্ধি আৰু সুবাস উদ্যোগসমূহক ঘৰুৱা উপাদন আৰু আমদানিৰ বিকল্পৰ প্ৰতি মনোযোগ দিয়াৰ পৰামৰ্শ দিয়ে আৰু লগতে দেশত বাঁহৰ উপাদন বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে উদ্যোগসমূহে প্ৰতিযোগিতামূলক বিশ্বৰ বজাৰ দখল কৰিব পৰাকৈ উদ্ভাৱনী চিন্তা, প্ৰযুক্তি আৰু গৱেষণামূলক দক্ষতাত গুৰুত্ব দিব লাগিব। 

সভাত উল্লিখিত বিভিন্ন সমস্যা তথা পৰামৰ্শসমূহ আছিলঃ কেঁচামালৰ আমদানিৰ ক্ষেত্ৰত উচ্চমানৰ কৰ আৰু সম্পূৰ্ণ সামগ্ৰীৰ ক্ষেত্ৰত নিম্নমানৰ কৰ, উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত শক্তি আৰু পৰিৱহণৰ সমস্যা, শ্ৰমিকৰ পৰিশ্ৰমিক, উপলব্ধ বিত্তীয় ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলা, লিকুইদিতিৰ বাবে খৰতকীয়া আয়কৰ ৰিফাণ্ডৰ ব্যৱস্থা।

শ্ৰী গাডকাৰিয়ে প্ৰতিনিধিসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে আৰু চৰকাৰৰ ফালৰপৰা সাম্ভাৱ্য সকলো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে তেওঁ সমস্যাসমূহৰ বিষয়ে সংশ্লিষ্ট বিভাগসমূহক অৱগত কৰিব। 

*****

RCJ/SKP/IA/PRK



(Release ID: 1621661) Visitor Counter : 174